ম’বাইল, ইণ্টাৰনেট আদিৰ ব্যৱহাৰ দৈনিক বৃদ্ধিৰ ফলত শিক্ষাৰ্থীৰ শৈক্ষিক মানদণ্ডৰ অৱনতি

মাননীয় সম্পাদক মহোদয়, বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগ। ম’বাইল, ইণ্টাৰনেট আদিৰ ব্যৱহাৰ দৈনিক বৃদ্ধি হোৱাৰ ফলত শিক্ষাৰ্থী সকলৰ শৈক্ষিক জীৱনৰ মূল্যবান সময় অবাবত নষ্ট হৈছে বুলি সঘনাই অভিযোগো উত্থাপন হৈছে। কিন্তু,অভিযোগৰ সলনি শিক্ষাৰ্থীসকলক শিক্ষানুষ্ঠান সমূহত ম’বাইল, ইণ্টাৰনেট আদিৰ সঠিক ব্যৱহাৰ তথা ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়েও বিতংকৈ বুজাই দিব লাগে। এই ক্ষেত্রত শিক্ষানুষ্ঠানসমূহক স্বেচ্ছাসেৱী,বেচৰকাৰী অনুষ্ঠানসমূহে সহযোগ কৰিব পাৰে। ইয়াৰোপৰি,সমাজৰ আন কিছুসংখ্যক লোকে ম’বাইল, ইণ্টাৰনেট অপপ্ৰয়োগ কৰি সমাজত অসুস্থ বাতাবৰণৰ সৃষ্টি কৰিছে । পুলিচ বিভাগে বৰ্তমান সেইসকল ব্যক্তিৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে যদিও নাগৰিক সকলেও তেনে ব্যক্তিৰ সম্পৰ্কে অৱগত কৰাৰ দায়িত্ব গ্ৰহণ কৰিলেহে আমি এখন সুস্থ সমাজৰ আশা কৰিব পাৰো। ড° বুলজিৎ বুঢ়াগোহাঁই অধ্যক্ষ, জি.আই.এম.টি. , তেজপুৰ পিন -৭৮৪৫০১,অসম। ফোন: ৯৪৩৫১৮৮৬৩০

কোকৰাঝাৰ চেৰফাংগুড়ীত চলন্ত মালবাহী ট্ৰাকত অগ্নি সংযোগ কৰি চালকক হত্যা আক্ৰাছু সমৰ্থকৰ

কোকৰাঝাৰ :  কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এবছু, এন ডি এফ বি(পি) আৰু পি জে এ চি বি এমৰ প্ৰতিনিধি দলে দিল্লীত আলোচনাৰ মাজেদি বি টি চিক ইও টি চিলৈ উন্নতকৰনৰ প্ৰস্তাৱ লোৱা বুলি এই প্ৰস্তাৱৰ বিৰুদ্ধে আক্ৰাছু আৰু অবড়ো সুৰক্ষা সমিতিয়ে ঘোষণা কৰা ৪৮ ঘন্টীয়া অসম বন্ধৰ ফলত যোৱা নিশা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চেৰফাংগুড়ী আৰক্ষী থানাৰ পৰা এক কিলোমিটাৰ দুৰত্ব তথা আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিলে বন্ধ সমৰ্থক সকলে । ইও পি ২৫ এ টি ৬৩৯০ নম্বৰৰ আটা কঢ়িওৱা মালবাহী ১৮ চকীয়া ট্ৰাকত পেট্ৰল বম্ব নিক্ষেপ কৰি চালকক অতি নিৰ্মমভাৱে হানি খুচি আক্ৰমণ কৰা ফলত ঘটনাস্থলিতে চালক ছাদ্দাম হুছেইনৰ(২৫) মৃত্যু

বিলাসীপাৰাত অন্তিম দিনা পঞ্চায়ত নিৰ্বাচনৰ দলীয় নিৰ্দলীয় প্ৰাৰ্থীয়ে শ শ সমৰ্থক লৈ মনোনয়ন পত্র দাখিল

বিলাসীপাৰা : ৰাজ্য খনৰ দুটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নৰ কালি সফল সামৰণি পৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ দলৰ লগতে দলীয় প্ৰাৰ্থিত্ব পৰা বঞ্চিত হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থকক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ দলৰ লগতে দলীয় প্ৰাৰ্থীত্ব পৰা বঞ্চিত হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশিয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্র দাখিল কৰা কিছুমানে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি