Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:22 am

Home » আঞ্চলিক » হিমন্ত আৰু পদ্ম হাজৰিকাৰ সমর্থকে কংগ্রেছ প্রার্থীক ভাবুকিৰে মনোনয়ন প্রত্যাহাৰ কৰাইছে: ৰিপুন বৰা

হিমন্ত আৰু পদ্ম হাজৰিকাৰ সমর্থকে কংগ্রেছ প্রার্থীক ভাবুকিৰে মনোনয়ন প্রত্যাহাৰ কৰাইছে: ৰিপুন বৰা


গুৱাহাটী : ক্ষমতাৰ অপপ্রয়োগ কৰি শাসক বিজেপিয়ে কংগ্রেছৰ পঞ্চায়ত নির্বাচনৰ প্রার্থীৰ মনোনয়ন ভয়-ভাবুকি, প্রলোভনেৰে প্রত্যাহাৰ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্রদেশ কংগ্রেছ কমিটীয়ে৷
ক্ষমতাশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সমর্থক আৰু চতিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই কংগ্রেছৰ পঞ্চায়ত নির্বাচনৰ প্রার্থীক মনোনয়ন প্রত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই৷ আজি ৰাজীৱ ভৱনত পঞ্চায়ত নির্বাচন ২০১৮ৰ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতিজনে কয় যে নির্বাচনী আচৰণ বিধি বিজেপিৰ নেতা-পালিনেতাই ভংগ কৰাৰ অভিযোগ জিলাৰ উপায়ুক্তক দিয়া হৈছে যদিও উপায়ুক্তই অভিযোগ গ্রহণ কৰা নাই৷
চৰকাৰী ব্যৱস্থাক শাসক পক্ষই ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ জালুকবাৰী সমষ্টিৰ অন্তর্গত বেজেৰা আৰু শৰাইঘাট জিলা পৰিষদৰ কংগ্রেছ প্রার্থীক মন্ত্রীজনৰ সমর্থকে বলপূর্বক মনোনয়ন প্রত্যাহাৰ কৰায়৷ তেনেদৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এখন পঞ্চায়তৰ ১২জন কংগ্রেছৰ ৱার্ড সদস্যৰ মনোনয়ন প্রত্যাহাৰ কৰাইছে৷ বৰাই কয় যে কংগ্রেছে পঞ্চায়তত গৰিষ্ঠসংখ্যক আসন লাভ কৰিব৷
মৰিয়নিৰ জিলা পৰিষদৰ এটা সদস্যৰ পদত কংগ্রেছৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ কথা ঘোষণা কৰে সভাপতি বৰাই৷ তেওঁ কয় যে তিনিচুকীয়াত ২২জন ৱার্ড সদস্য, তিতাবৰত এটা, শদিয়াত এটা, আনকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীতো ৪টা ৱার্ড সদস্যৰ পদত কংগ্রেছৰ প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ বৰাৰ নিজৰ গহপুৰ সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ এটা পদত বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে৷
আজি নির্বাচনী ইস্তাহাৰ প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে তেওঁলোকে প্রথম ইস্তাহাৰ প্রকাশ কৰিছে৷ পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্রতি বিজেপিয়ে ক্ষমতালৈ আহিয়ে পিঠি দিয়ে৷ আনকি নির্বাচন অনুষ্ঠিত নকৰাকৈ থাকি মন্ত্রী-বিধায়কে পঞ্চায়তৰ ক্ষমতা লোৱাৰ ব্যৱস্থা কৰিছিল৷ উচচ ন্যায়ালয়ৰ নির্দেশতহে ৰাজ্য চৰকাৰে নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয় বুলিও কয় প্রদেশ কংগ্রেছৰ সভাপতিজনে৷
পূর্বৰ অগপ চৰকাৰে ১৯৮৫ আৰু ১৯৯৬ত ক্ষমতাত বহাৰ সময়ত এবাৰো পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা নাছিল৷ কংগ্রেছ যেতিয়াই ক্ষমতালৈ আহিছে তেতিয়া সময়মতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰি ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰি আহিছে৷ তেওঁ কয় যে কংগ্রেছ চৰকাৰে পঞ্চায়ত প্রতিনিধিৰ পাৰিতোষিক বৃদ্ধি কৰিছিল যদিও বিজেপিয়ে ক্ষমতালৈ আহি আঢ়ৈ বছৰে পাৰিতোষিক বন্ধ কৰি ৰাখিলে৷
১৫ বছৰে কংগ্রেছে গঢ়ি তোলা পঞ্চায়তীৰাজ ব্যৱস্থা বিজেপি-অগপই ক্ষমতা লৈ আঢ়ৈ বছৰত ধবংস কৰিলে বুলিও কয় সভাপতি বৰাই৷ নির্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কয় যে বিজেপি-অগপই গাঁৱৰ উন্নয়ন হোৱাটো নিবিচাৰে৷ গাঁৱৰ উন্নয়ন অবিহনে ৰাজ্যৰ উন্নয়ন হ’ব নোৱাৰে৷
গাঁৱৰ ৰাইজক অগপ-বিজেপিয়ে প্রৱঞ্চনা কৰিছে বুলিও উল্লেখ কৰে প্রাক্তন মুখ্যমন্ত্রীজনে৷ কংগ্রেছৰ দিনত অস্ত্র এৰি ডেকা ল’ৰাসকল উভতি আহিছিল৷ এতিয়া আকৌ গুচি গৈছে৷ অগপ আৰু বিজেপিয়ে আগতে অসমখন ধবংস কৰি থৈ গৈছিল বুলিও উল্লেখ কৰে গগৈয়ে৷ আজিৰ ইস্তাহাৰ উন্মোচনী অনুষ্ঠানত প্রাক্তন বিধায়ক অভিজিৎ হাজৰিকাই অগপ এৰি কংগ্রেছত যোগদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি