Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:27 am

Home » আঞ্চলিক » নিতৌ ন ন খবৰে ভীতিগ্রস্ত কৰিছে ৰেৱতী ফুকনৰ পৰিয়ালক

নিতৌ ন ন খবৰে ভীতিগ্রস্ত কৰিছে ৰেৱতী ফুকনৰ পৰিয়ালক


গুৱাহাটী : এটা সময়ত ৰাজ্যত শান্তি প্রতিষ্ঠাৰ হকে দেহে-কেহে খাটি শান্তি আলোচনাত ভাগ লোৱা ব্যক্তিগৰাকীৰ পৰিয়ালতে যেন এতিয়া অশান্তি৷ কেৱল অশান্তিহ্ল কিয়নো যোৱা এপ্রিলতে সন্ধানহীন হোৱা সুদক্ষ ফুটবলাৰ, পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন সন্দর্ভত নিতৌ ন ন খবৰে ফুকনৰ পৰিয়ালটোক ভীতিগ্রস্ত কৰি তুলিছে৷ ক’ৰবাত যদি জ্যোতিষ্মান অসম, অগ্নি অসম ওৰফে আৰ পি নাম লৈ আলফাৰ (স্বাঃ) সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে, আন ক’ৰবাত আকৌ বিদ্রোহী সংগঠনটোৰে কোনো সদস্যই অপহৰণ কৰি হত্যা কৰাৰ খবৰে এক ৰহস্যজনক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ ৰহস্যজনক মৌনতাৰ বাবেও ৰেৱতী ফুকনৰ পৰিয়ালটো বিমোৰত পৰিছে৷
পৰিয়ালৰ মুৰববীজন ঘৰৰ পৰা ৰহস্যজনকভাৱে অন্তর্ধান হৈ ৬-৭ মাহে কোনো শুংসূত্র লাভ নকৰাত পৰিয়ালটো চৰম অশান্তিত ভোগাৰ সময়তে এনে ধৰণৰ খবৰে পৰিয়ালটোক কেনে পর্যায়লৈ লৈ যাব পাৰে সেয়া অকল্পনীয়৷ এনে খবৰত ভীতিগ্রস্ত হৈ সন্ধানহীন ৰেৱতী ফুকনৰ পত্নী ৰেণু ফুকন অসুস্থ হৈ চিকিৎসাধীন হ’ব লগীয়া হোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ কালিৰ ‘ৰেৱতী ফুকনক হত্যা কৰিছে’ বুলি ওলোৱা খবৰৰ পাছতে পৰিয়ালটোত একপ্রকাৰ হুৱাদুৱা লাগিছে৷ কিন্তু এনে এটা স্পর্শকাতৰ বিষয়ত যোৱা কেইবামাহৰ পৰা অন্তর্ধান হৈ থকা ৰেৱতী ফুকন সন্দর্ভত অসম চৰকাৰৰ গৃহ বিভাগে স্তিতি স্পষ্ট কৰিবলৈ সক্ষম হোৱা নাই৷
ইপিনে, ৰেৱতী ফুকন সন্দর্ভত প্রকৃত খবৰ উলিয়াবলৈ ফুকনৰ পুত্র কৌশিক ফুকনে সকলো পক্ষৰ প্রতি আহবান জনাইছে৷ ৰেৱতী ফুকনৰ সন্ধানহীনতাৰ বিষয়টোক লৈ পৰিয়ালটোৰে খেলা নকৰিবলৈকো কৌশিক ফুকনে সকলো পক্ষকে কাতৰ অনুৰোধ কৰাৰ লগতে ৰাজ্য চৰকাৰক এই ক্ষেত্রত যথোপযুক্ত পদক্ষেপ ক্ষিপ্রতৰ ৰূপত গ্রহণ কৰিবলৈকো আহবান জনাইছে৷ আনহাতে, পিতৃ ৰেৱতী ফুকনে আলফাত (স্বাঃ) যোগদান কৰা বুলি ওলোৱা খবৰৰ প্রতিক্রিয়া প্রকাশ কৰি কৌশিকে কয়– ‘ইতিমধ্যে ৰেৱতী ফুকনে আলফা (স্বাঃ)ত যোগান কৰা নাই বুলি যিহেতু সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰি দিছে, তেনেক্ষেত্রত আলফাত (স্বাঃ) নথকাটো নিশ্চিত হয়৷ যাৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা গ্রহণ কৰি শীঘ্রে সন্ধান উলিওৱাৰ ব্যৱস্থা কৰিব লাগে৷’ লগতে কালিৰ পৰা ৰেৱতী ফুকনক অপহৰণ কৰি হত্যা কৰা বুলি ওলোৱা খবৰৰ সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰি কৌশিক ফুকনে কয়– ‘এনে খবৰৰ সত্যাসত্য নিৰূপণ কৰি ৰাজ্য চৰকাৰ তথা গৃহ বিভাগে শীঘ্রে পৰিয়ালটোক জনাব লাগে৷ যদিহে ভুৱা প্রচাৰ কৰি পৰিয়ালটোক ভীতিগ্রস্ত নতুবা অন্য কিবা ষড়যন্ত্র কৰিছে সেই সন্দর্ভতো তদন্ত কৰিব লাগে বুলিও উল্লেখ কৰে৷’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি