Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:46 pm

Home » আঞ্চলিক » ক‍াইলৈৰ পৰা হাউীত ৰাস মহোৎসৱ , ৯০ লাখ টকাৰ বাজেটেৰে বিশাল আয়োজন

ক‍াইলৈৰ পৰা হাউীত ৰাস মহোৎসৱ , ৯০ লাখ টকাৰ বাজেটেৰে বিশাল আয়োজন


হাউলী : ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চলিছে ৰাসৰ আখৰা । বিগত বছৰবোৰৰ দৰে এইবেলিও অসমৰ ভিতৰত অন্যতম ৰাস মহোৎসৱ ৰূপে পৰিচিত হাউলী ৰাস মহোৎসবৰ বিশাল আয়োজন কৰা হৈছে। অহা ২২ নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা ৬ ডিচেম্বৰলৈ মুঠ পোন্ধৰদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ৯১সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰা হ’ব । ৯০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিবলগীয়া হাউলী ৰাস মহোৎসৱ প্ৰস্তুতি প্ৰায় সম্পুৰ্ন হৈ পৰিছে । এই বছৰ হাউলী ৰাস মহোৎসৱ পৰিচালনা কৰাৰ বাবে এখন মূল সমিতি গঠন কৰাৰ উপৰি ১৭ খন উপ-সমিতি গঠন কৰা হৈছে । ৰাস মন্দিৰৰ ওচৰৰ পুখুৰীৰ মাজত কালীয়া দমনৰ দৃশ্য আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ আৰু লীলা প্ৰদৰ্শন কৰা হ’ব । মৃণ্ময় শিল্পী প্ৰদীপ পালৰ তত্বাবধানত প্ৰতিমা বিভাগটো অধিক আকৰ্ষণীয় কৰি ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিয়ে । এইবাৰ ৰাস মহোৎসৱত বিভিন্ন কাৰিকৰী কৌশলেৰে ৰামায়ন, মহাভাৰত, বেদ উপনিষদৰ আধাৰত ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বিভিন্ন ধৰণৰ মৃণ্ময় প্ৰতিমা প্ৰদৰ্শিত কৰা হ’ব । এইবছৰ ৰাস মহোৎসৱত প্ৰদৰ্শন বাবে পাঁচশতাধিক মৃণ্ময় প্ৰতিমা নিৰ্মান কৰি উলিওৱা হৈছে । ইয়াৰ উপৰি অসমৰ মহান মনিষি সকলৰ অবক্ষ মুৰ্তি আৰু হীমা দাসৰ কাট-আউট প্ৰদৰ্শন কৰিব । ইয়াৰ ওপৰিও ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্রত তৎপৰ হৈছে উদযাপন সমিতি । 
লগতে ৰাস মহোৎসব স্থলীত ত্ৰিছটাৰো অধিক চিচি কেমেৰা স্থাপন কৰা হব আৰু প্ৰতিদিনে দুইশতাধিক স্বেচ্ছাসেৱকে নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰিব । ইয়াৰ উপৰি দৰ্শনাৰ্থীৰ বাৱে অনুসন্ধান কক্ষ, অৰক্ষী কাৰ্যলয়, অপদকালীল সকলো ব্যৱস্থা পৰ্যাপ্তপৰিমানে থাকিব । অহা কালি( বৃহস্পতি বাৰে ) বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই শোভাযাত্ৰা উদ্বোধন কৰিব । লগতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে আনুষ্ঠানিক ভাৱে ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰিব । তাৰপিচতে গ্ৰন্থমেলা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে । প্ৰথম দিনৰ কাৰ্যসুচীত অতিথি হিচাপে আমাৰ অসম কাকতৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু বিশিষ্ট অতিথি হিচাপে ৰজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে অংশগ্ৰহণ কৰিব । ইয়াৰ পিছতে আতচবাজী প্ৰদৰ্শন কৰা হ’ব । ৰাস মহোৎসৱৰ অন্যান্য দিনৰ কাৰ্যসূচী নাম-প্ৰসংগ, ভাগৱত পাঠ, পূজা-অৰ্চনা কৰাৰ একক আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ৰাসৰ প্ৰতিটো নিশাতে বিভিন্ন সংগীত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অহা ৬ ডিচেম্বৰৰ অৰ্থাৎ শেষৰ দিনা পুৱাৰ ভাগৰে পৰা নাম-প্ৰসংগ কৰি সন্ধিয়া ৫ বজাত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ’ব । এই সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰণজিৎ দাসে । এই সভাতে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়ক ‘হাউলী বঁটা, ২০১৮’ প্ৰদান কৰা হ’ব । নিশা উদ্বোধন কৰিব লগীয়া সংগীত অনুষ্ঠানত অংগৰাগ পাপন মহন্তই সংগীত পৰিৱেশন কৰিব ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি