Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:29 pm

Home » আঞ্চলিক » আদালতত চলিব ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাইৰ বিৰুদ্ধে বিচাৰ

আদালতত চলিব ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাইৰ বিৰুদ্ধে বিচাৰ


গুৱাহাটী : জ্বৰে এৰিলেও কর্পটিয়ে এৰা নাই কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাইক৷ এগৰাকী কন্যাসম বোৱাৰীক যৌন নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগত নগাঁও সদৰ থানাত গোচৰ ৰুজু হোৱা ৰাজেন  গোঁহাইক নগাঁও আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল যদিও আদালতৰ পৰা শেষ ৰক্ষা নাপালে গোহাঁয়ে৷
আনকি নগাঁও আদালতে গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীয়নভুক্ত গোচৰটো সন্দর্ভত আদালতত দাখিল কৰা চূড়ান্ত প্রতিবেদন অগ্রাহ্য কৰা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷ ফলত ৰাজেন গোহাঁইৰ সন্মুখত নতুন বিপদ আহি পৰিছে৷ জানিব পৰা মতে, নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে ৰাজেন  গোঁহাইৰ গোচৰটো সন্দর্ভত এক নির্দেশনা জাৰি কৰিছে৷
আদালতে ইতিমেধ্য ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীভুক্ত ২৫৯২২০১৮ নম্বৰৰ গোচৰটোৰ সন্দর্ভত নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰা প্রতিবেদনখনো অগ্রাহ্য কৰে৷ লগতে নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে  গোঁহাইৰ যৌন কেলেংকাৰিৰ গোচৰটো আদালতত চলোৱাৰ সিদ্ধান্ত লৈছে৷ নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰা গোচৰটোৰ প্রতিবেদনত দুয়োপক্ষৰ বুজাবুজি হোৱা বুলি উল্লেখ কৰিছিল৷
আদালতে আজি গ্রহণ কৰা প্রাথমিক শুনানিৰ পাছত অহা ৮ জানুৱাৰী, ২০১৯ তাৰিখে গোচৰটোৰ শুনানিৰ দিন ধার্য কৰি সেইদিনা ৰাজেন  গোঁহাইক সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নির্দেশ দিয়ে৷ আনহাতে, গোচৰটোৰ সন্দর্ভত নগাঁও আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীৰ ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত সাক্ষ্য গ্রহণ কৰিছিল৷ যাৰ বাবে এই ধাৰাত ৰুজু হোৱা গোচৰটো মীমাংসাযোগ্য নহয় বুলি আদালতে ইতিমধ্যে স্পষ্ট কৰি দিয়ে৷
উল্লেখযোগ্য যে, যোৱা ২ আগষ্টত কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন  গোঁহাইৰ বিৰুদ্ধে তুলসীমুখ দেউৰীগাঁৱৰ এগৰাকী মহিলাই যৌন নির্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতেই ৰে’ল ৰাজ্য মন্ত্রী  গোঁহাইৰ পুত্র নৱাৰুণ  গোঁহাইয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলি আন এক এজাহাৰ দাখিল কৰিছিল৷
বিজেপিৰ এগৰাকী শীর্ষ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন্ত্রীসভাত ৰে’ল ৰাজ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰা ৰাজেন গোহাঁইৰ এই যৌন কেলেংকাৰিয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছিল৷ আনকি বিজেপিৰ মজিয়াতো  গোঁহাইৰ এই কু-কর্মক লৈ এক ধুমুহাৰ সৃষ্টি হৈছিল৷ গেৰুৱা দলটোৰ ভাগ্য নিয়ন্তা আৰ আৰ এছেও  গোঁহাইৰ এই কাণ্ডক লৈ ক্ষুণ্ণ হৈ পৰাৰ লগতে যিকোনো মুহূর্ততে  গোঁহাইয়ে মন্ত্রিত্ব হেৰুওৱাটো প্রায় নিশ্চিত হৈ পৰিছিল৷
তাৎপর্যপূর্ণ বিষয় যে, এই সন্দর্ভত আৰম্ভণিৰ পৰাই নগাঁও আৰক্ষীৰ ভূমিকা আছিল অতি ৰহস্যজনক৷ কিয়নো ভুক্তভোগী মহিলাগৰাকীয়ে ২৮ জুলাইত নগাঁও সদৰ আৰক্ষী থানাত গোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহিছিল যদিও নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াই গোচৰটো পঞ্জীয়ন কৰিব নোৱাৰি বুলি স্পষ্ট কৰি মহিলাগৰাকীক আদালতৰ দ্বাৰস্থ হ’বলৈ কয়৷
ইয়াৰ পাছত মহিলাগৰাকীয়ে ১ আগষ্টত নগাঁও আৰক্ষী অধীক্ষকক সমগ্র বিষয়টো লিখিতভাৱে অৱগত কৰে আৰু এই অভিযোগৰ ভিত্তিত ২ আগষ্টত নগাঁও সদৰ আৰক্ষী থানাত  গোঁহাইৰ বিৰুদ্ধে যৌন নির্যাতনৰ গোচৰটো পঞ্জীয়ন কৰিবলৈ আৰক্ষী বাধ্য হয় আৰু নগাঁও আৰক্ষীয়ে  গোঁহাইৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭৩৭৬৫০৬ ধাৰাৰ অধীনত ২৫৯২২০১৮ নম্বৰত গোচৰ পঞ্জীভুক্ত কৰিয়েই দায় সাৰে৷
নগাঁও আৰক্ষীয়ে এজাহাৰকাৰী মহিলাগৰাকীৰ জবানবন্দি ফৌজদাৰী বিধিৰ অধীনত লিপিবদ্ধ কৰিলেও তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্রত চৰম গাফিলতিৰে অভিযুক্তৰ ৰক্ষণাবেক্ষণত নামি পৰা পৰিলক্ষিত হয়৷ একাংশ জ্যেষ্ঠ অধিবক্তাৰ পৰা জানিব পৰা মতে, আৰক্ষীয়ে ভুক্তভোগীৰ জবানবন্দি লিপিবদ্ধ কৰাৰ পাছত তেওঁৰ স্বাস্থ্য পৰীক্ষা সম্পাদন নকৰা পর্যন্ত তেওঁক নাৰী গৃহত সম্পূর্ণ সুৰক্ষাৰ মাজেৰে ৰাখিব লাগিছিল৷
কিন্তু তাকে নকৰি আৰক্ষীয়ে অভিযুক্ত কেন্দ্রীয় মন্ত্রী হোৱা হেতুকে অভিযুক্তৰ ৰক্ষণাবেক্ষণতহে ব্রতী হৈ পৰে৷ ইয়াৰেই সম্পূর্ণ সুযোগ গ্রহণ কৰি অভিযুক্তৰ লগতে তেওঁৰ স্তাৱক বাহিনীয়ে বিভিন্ন প্রকাৰে ভুক্তভোগীৰ লগতে তেওঁৰ স্বামীকো ভয়-ভাবুকি দিয়াত ভয়তে ত্রস্তমান হৈ তেওঁলোকে ঘৰ এৰি আত্মগোপন কৰি থাকিব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি