Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:18 am

Home » আঞ্চলিক » ৰাস মহোৎসৱৰ দৰ্শনাৰ্থীক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ

ৰাস মহোৎসৱৰ দৰ্শনাৰ্থীক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ


মাজুলী : ৰাসলৈ মাথোঁ এটা দিন বাকী থকাত এতিয়া মাজুলীত ব্যাপক উৎসাহৰ সমান্তৰালভাৱে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰতো ৰাস মহোত্সৱক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। কালি সত্ৰখনৰ অধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে এখন সংবাদমেলৰ যোগেদি সত্ৰখনৰ ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ সম্পৰ্কে অৱগত কৰে। সত্ৰখনৰ বৈষ্ণৱ তথা উদযাপন সমিতিৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা সংবাদমেলখনত মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ‘কেলিগোপাল নাট’ৰ আধাৰত বজ্ৰাৱলী ভাষাৰে অহা ২২,২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বিষয়ে বিস্তৃতভাৱে সদৰী কৰে।
সত্ৰাধিকাৰগৰাকীয়ে জনায় যে ৰাস মহোৎসৱ উপভোগৰ বাবে আহিবলগীয়া দৰ্শনাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰখনে প্ৰায় ৩০হাজাৰ দৰ্শনাৰ্থীৰ বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা কৰাৰ লগতে এহেজাৰ দৰ্শনাৰ্থীৰ বিনামূলীয়াকৈ থকাৰ ব্যৱস্থাও কৰিছে। ইয়াৰ উপৰি দুখনকৈ এম্বুলেন্স ৰাসৰ সময়ত অহৰ্নিশে সাজু ৰখাৰ কথাও জানিবলৈ দিয়ে। সত্ৰখনৰ এই ৰাস মহোত্সৱত মাজুলীৰ সংখ্যাগুৰু জনজাতি মিচিং জনগোষ্ঠীকে ধৰ‌ি সকলো জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। যুৱক-যুৱতীসকলক আধ্যাত্মিক চিন্তাৰে উদ্বুদ্ধ কৰিবলৈ সত্ৰখনে যুৱ সমাৰোহৰ আয়োজন কৰাৰ লগতে প্ৰতিদিনে দিনৰ ভাগত সংগীতময় ভাগৱত অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি সত্ৰখনে এক ব্যতিক্ৰমী প্ৰয়াসেৰে মাজুলীক ধপাতমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে টাটা ন্যাসৰ সহযোগত কেন্সাৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে।
মাজুলীৰ ৰাস মহোত্সৱক কেন্দ্র কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগীয় মন্ত্ৰীসকলৰ লগতে বিভিন্ন নিগমৰ অধ্যক্ষ, স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় বিষয়া, কাৰ্যবাহীৰ লগতে মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি সংবাদমেল যোগে সত্ৰাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এই বৰ্ষত মাজুলীত দক্ষিণপাট সত্ৰৰ লগতে চামগুৰি সত্ৰ, ভোগপুৰ সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বিহিমপুৰ, বেঙেনাআটী, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি সংঘ, উত্তৰ কমলাবাৰী সত্ৰৰ লগতে প্ৰায় সত্ৰানুষ্ঠানতেই বিনামূলীয়াকৈ ৰাস মহোত্সৱৰ আয়োজন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি