Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:50 pm

Home » আঞ্চলিক » পঞ্চায়ত নির্বাচনৰ ইতিহাসত এক নজিৰবিহীন ঘটনা : মুখ্যমন্ত্রীৰ গৃহ পঞ্চায়তৰ ৰাইজৰ নির্বাচন বর্জন

পঞ্চায়ত নির্বাচনৰ ইতিহাসত এক নজিৰবিহীন ঘটনা : মুখ্যমন্ত্রীৰ গৃহ পঞ্চায়তৰ ৰাইজৰ নির্বাচন বর্জন


মাজুলী : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৭ আৰু ৮নং ৱার্ডৰ ৰাইজে সমাগত পঞ্চায়ত নির্বাচন বর্জন কৰিছে৷ আজি দুয়োটা ৱার্ডত প্রার্থিত্ব আগবঢ়োৱা প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিছে৷ পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা নির্বাচনী বিষয়াৰ সন্মুখত স্থানীয় ৰাইজ আৰু প্রার্থীসকলে পুৱাৰ ভাগতে শাসনাধিষ্ঠিত বিজেপিৰ ২গৰাকী, কংগ্রেছৰ ২গৰাকী আৰু অগপৰ ১গৰাকী প্রাথীয়ে মনোনয়ন প্রত্যাহাৰৰ প্র-পত্র স্বাক্ষৰ কৰে৷
নির্বাচন বর্জন কৰাৰ দৰে এনে ঘটনা অসমৰ পঞ্চায়ত নির্বাচনৰ ইতিহাসত এক নজিৰবিহীন ঘটনা হিচাপে চিহ্নিত হৈছে৷ গণতান্ত্রিক ব্যৱস্থাত ভোট দান হৈছে দেশৰ নাগৰিকসকলৰ মৌলিক আৰু একক অধিকাৰ৷ নাগৰিকৰ এই মৌলিক আৰু একক অধিকাৰক ভোটদানৰ জৰিয়তে সাব্যস্ত নকৰি বর্জনৰ দৰে এক কঠোৰ আৰু স্পর্শকাতৰ সিদ্ধান্তৰে অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া বঞ্চনাৰ পঞ্জীভূত বেদনা আৰু ক্ষোভকেই যে প্রকাশ কৰিছে তাত তিলমানো সন্দেহ নাই৷ ৰাইজ আৰু প্রার্থীসকলৰ মাজত কেইবালানি আলোচনাৰ অন্তত আজি মনোনয়ন উঠাই লোৱা হয় বুলি টি এম পি কেৰ নেতৃত্বই জানিবলৈ দিয়ে৷
উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নির্বাচনৰ বাবে বিজেপিৰ পৰা ক্রমে ৭ আৰু ৮নং ৱার্ডত হীৰামণি দাং আৰু গণেশ পেগু, কংগ্রেছৰ পৰা শুকুন্তলা নৰহ আৰু ৰৈনৱতী কছাৰী আৰু অগপৰ পৰা ৰৈনাৱতী নিপন আৰু সর্বেশ্বৰ পাওৱে প্রার্থিত্ব প্রদান কৰিছিল৷ সর্বেশ্বৰ পাৱে মনোনয়নৰ সময়ত জনজাতীয় প্রমাণ-পত্র দাখিল কৰা নাছিল, কিন্তু মনোনয়ন-পত্র পৰীক্ষণৰ সময়ত সেই প্রমাণ-পত্র দাখিল কৰিবলৈ সুযোগ আছিল যদিও ৰাইজৰ সিদ্ধান্তৰ প্রতি সন্মান জনাই তেওঁ সেয়া নকৰিলে যাৰ বাবে তেওঁৰ মনোনয়ন-পত্র নাকচ হৈছে৷
সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্রকাশ কৰি কয়– ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান এলেকাৰ ভিতৰত সুদীর্ঘ ৬০ বছৰৰো অধিক কাল বসবাস কৰি থকা দধিয়াৰ ৰাইজক দীর্ঘদিন ধৰি চৰকাৰে পুনৰ সংস্থাপনৰ নামত চৰম প্রৱঞ্চনা কৰিছে আৰু ৰাজনৈতিক লাভালাভৰ দৃষ্টিকোণেৰে অঞ্চলটোৰ ৰাইজৰ মৌলিক সমস্যাটোক ভেঙুচালি কৰি অহা হৈছে৷ বিগত ৬০ বছৰে কি কংগ্রেছ, অগপ বা বিজেপি সকলো ৰাজনৈতিক দলৰ নির্বাচিত প্রতিনিধিয়ে দধিয়াবাসীক পুনৰ সংস্থাপনৰ নামত বাৰে বাৰে প্রতাৰণা কৰিছে৷ বনমন্ত্রী প্রমিলাৰাণী ব্রহ্মই যোৱা ২১ জুলাইত ৮ মাহৰ ভিতৰত দধিয়াবাসীক পুনৰ সংস্থাপন কৰাৰ লিখিত প্রতিশ্রুতি প্রদান কৰিছিল কিন্তু আজিপর্যন্ত সেই প্রতিশ্রুতি পূৰণ নকৰিলে৷ খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বর্তমানৰ সর্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া এইসকল মিচিং জনগোষ্ঠীৰ ৰাইজক পুনৰ সংস্থাপনৰ নামত পুনৰবাৰ বঞ্চনা কৰা কার্যক সংগঠনটোৰ লগতে ৰাইজে প্রতিবাদ জনাই নির্বাচন বর্জন কৰা হৈছে বুলি জনায়৷
ইফালে, মুখ্যমন্ত্রীয়ে মন্ত্রী নৱ দলেক বিষয়টোৰ সন্দর্ভতটি এম পি কেৰ নেতৃত্ব আৰু ৰাইজৰ লগত আলোচনাত বহিবলৈ নির্দেশ দিছে বুলি জানিবলৈ দি সংগঠনটোৰ নেতৃত্বই কয় যে মন্ত্রীগৰাকীয়ে আমাক তিনিচুকীয়াত আলোচনাৰ বাবে মাতিছ়ে, কিন্তু ৰাইজ তিনিচুকীয়ালৈ গৈ আলোচনা নকৰে৷ আলোচনা হ’লে দধিয়াতহে হ’ব লাগিব বুলি সংগঠনটোৰ নেতাই স্পষ্ট কৰি দিয়ে৷ টি এম পি কেৰ নেতৃত্ব আৰু মন্ত্রী নৱ দলেৰ মাজত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত বিষয়টোৰ ওপৰত এক আলোচনা হৈছিল যদিও সংগঠনৰ নেতৃত্বই আলোচনা ৰাইজৰ উপস্থিতিত দধিয়াত হ’ব লাগে বুলি দাবী তোলে আৰু সংগঠনটোৰ দাবীৰ প্রতি সঁহাৰি জনাই মন্ত্রী নৱ দলে আৰু বিধায়ক বিনোদ হাজৰিকাই বিন্ধাকটা গাঁৱত গৈ আলোচনা কৰে যদিও আলোচনা বিফল হয়৷ ইফালে প্রার্থিত্ব প্রত্যাহাৰ কৰা ঘটনাই চাবুৱাত সকলো ৰাজনৈতিক দলৰ মাজতে জোকাৰণি তুলিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি