Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:43 pm

Home » আঞ্চলিক » নামনি সোৱণশিৰি নদীবান্ধৰ কাম শীঘ্রেই আৰম্ভ হ’ব

নামনি সোৱণশিৰি নদীবান্ধৰ কাম শীঘ্রেই আৰম্ভ হ’ব


গুৱাহাটী : পুনৰ আৰম্ভ হ’ব পাৰে নামনি সোৱণশিৰি নদীবান্ধ প্রকল্পৰ নির্মাণৰ কাম৷ প্রকল্পটোৰ পুনৰ নির্মাণৰ ক্ষেত্রত প্রায় সেউজ সংকেত প্রদান কৰিছে সেউজ ন্যায়াধিকৰেণ৷ এতিয়া মাথোঁ অপেক্ষা বিশেষজ্ঞ কমিটীৰ প্রতিবেদনলৈ৷ প্রণিধানযোগ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সুৰক্ষা সম্পর্কীয় দিশসমূহ চালি-জাৰি চাবৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ কমিটীখনৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপিত হৈছিল৷
বে-চৰকাৰী সংগঠন আছামপাব্লিক ৱর্কছে বিশেষজ্ঞ কমিটীখনৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপন কৰি সেউজ ন্যায়াধিকৰণত গোচৰো ৰজু কৰিছিল৷ কিন্তু আজি সেউজ ন্যায়াধিকৰণে একেষাৰেই উক্ত গোচৰটো খাৰিজ কৰে৷ সেউজ ন্যায়াধিকৰণৰ মুখ্য ন্যায়াধীশ আদর্শ কুমাৰ গোৱেল, ন্যায়াধীশ পি ৱাংৰি, কে ৰামাকৃষ্ণণ আৰু বিশেষজ্ঞ সদস্য নাগিন নন্দাৰে গঠিত খণ্ড বিচাৰপীঠখনে আজি জলবিদ্যুৎ প্রকল্পটোৰ সুৰক্ষা সম্পর্কীয় দিশসমূহ চালি-জাৰি চোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰা তিনিজনীয়া কমিটীখনক মান্যতা প্রদান কৰি কয় যে উক্ত বিশেষজ্ঞ কমিটীখনৰ নিৰপেক্ষতাক লৈ কোনো প্রশ্নই উঠিব নোৱাৰে৷
অনাগত দিনত কেন্দ্রই গঠন কৰা কমিটীখনেই কাম আগবঢ়াই নিব পাৰিব৷ ইফালে, সেউজ ন্যায়াধিকৰণৰ এই নির্দেশত অসন্তুষ্টি ব্যক্ত কৰিছে আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিত শর্মাই৷ ন্যায়াধিকৰণৰ এই নির্দেশৰ বিৰুদ্ধে শীঘ্রেই তেওঁ উচচতম ন্যায়ালয়ত আৱেদন দাখিল কৰিব বুলিও জানিবলৈ দিছে৷ মন কৰিব লগীয়া কথা যে কেন্দ্রীয় চৰকাৰে জলবিদ্যুৎ প্রকল্পটোৰ সুৰক্ষাগত দিশসমূহ চালি-জাৰি চাবৰ বাবে ড০ প্রভাত পাণ্ডে, আই ডি গুপ্তা আৰু পি এম স্কটক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰিছিল৷ ২০১৬ চনৰ ১৬ অক্টোবৰত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ পূব মণ্ডল বিচাৰপীঠে (কলকাতা বিচাৰপীঠে) নামনি সোৱণশিৰি নদীবান্ধৰ সুৰক্ষাগত দিশসমূহ পুনৰ চালি-জাৰি চোৱাৰ বাবে দিয়া নির্দেশৰ ভিত্তিতেই কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্র্যালয়ে উক্ত তিনিজনীয়া বিশেষজ্ঞ কমিটীখন গঠন কৰিছিল৷ কলকাতা বিচাৰপীঠে উক্ত কমিটীখনত উত্তৰ-পূর্বাঞ্চলক প্রতিনিধিত্ব কৰা এজন বিশেষজ্ঞ অন্তর্ুক্ত কৰাৰ লগতে সদস্যসকলৰ নির্দিষ্ট বিষয়ত অভিজ্ঞতা থাকিব লাগিব বুলিও নির্দেশ দিছিল৷ পিছে ন্যায়াধিকৰণৰ এই নির্দেশ পালন নকৰিলে কেন্দ্রীয় চৰকাৰে৷ উত্তৰ-পূর্বাঞ্চলৰ কোনো বিশেষজ্ঞ অন্তর্ুক্ত নকৰাকৈয়ে কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্র্যালয়ে গঠন কৰিছিল কমিটীখন৷
আনকি কেন্দ্রই গঠন কৰা কমিটীখনত অন্তর হোৱা ড০ প্রভাত পাণ্ডে পূর্বতে গঠন কৰা বিশেষজ্ঞ কমিটীৰো সদস্য আছিল৷ আনহাতে, আন দুজন সদস্য আছিল কেন্দ্রীয় চৰকাৰৰ বিষয়া৷ এনে পৰিস্থিতিত কমিটীখনৰ নিৰপেক্ষতাক লৈ ন্যায়াধিকৰণৰ কাষ চাপে পাব্লিক ৱর্কছ৷ সংগঠনটোৰ উক্ত আৱেদনৰ ভিত্তিতেই সেউজ ন্যায়াধিকৰণে যোৱা জানুৱাৰী মাহত বিষয়টোক লৈ প্রথম শুনানি গ্রহণ কৰে৷ ইয়াৰ পাছত এই সন্দর্ভত কেইবাবাৰো শুনানি লোৱা হৈছিল৷ আনকি সেই সময়ত ভাৰপ্রাপ্ত অধ্যক্ষ জাৱাদ ৰহিমৰ খণ্ড বিচাৰপীঠে গুচৰীয়া পক্ষসমূহক নিজা নিজা পচন্দৰ বিশেষজ্ঞৰ নাম প্রস্তাৱ কৰিবলৈকো নির্দেশ দিছিল৷
ইয়াৰ পাছত যোৱা ১১ জুলাইত ন্যায়াধীশ জাৱাদ ৰহিম আৰু বিশেষজ্ঞ সদস্য সত্যৱান সিং গেব্রিয়ালৰ বিচাৰপীঠে বিশেষজ্ঞ কমিটীৰ নিৰপেক্ষতাক লৈ প্রদান কৰিব লগীয়া ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল৷ যোৱা ৩১ আগষ্টত ন্যায়াধিকৰণে আনকি ৰায়দান ৰাজহুৱা কৰাৰ বাবে তালিকাভুক্ত কৰিছিল যদিও ৰহস্যজনকভাৱে ৰায়দান ৰাজহুৱা নকৰিলে৷ আনহাতে, সেই সময়তে সেউজ ন্যায়াধিকৰণৰ নতুন অধ্যক্ষ হিচাপে ন্যায়াধীশ আদর্শ কুমাৰ গোৱেলে দায়িত্ব গ্রহণ কৰিয়েই সমগ্র বিষয়টোৰ সন্দর্ভত পুনৰ শুনানি গ্রহণ কৰা হ’ব বুলিহে নির্দেশ দিয়ে৷ সেই অনুসৰি আজি ন্যায়াধীশ আদর্শ কুমাৰ গোৱেলৰ নেতৃত্বাধীন ন্যায়াধিকৰণে শুনানি গ্রহণ কৰিয়েই আছাম পাব্লিক ৱর্কছৰ আৱেদনখন খাৰিজ কৰি দিয়ে৷
প্রণিধানযোগ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্রদীপ ভূঞাই দাখিল কৰা আন এটা গোচৰো গোৱেলৰ নেতৃত্বাধীন প্রধান বিচাৰপীঠে অলপতে খাৰিজ কৰাৰ ইংগিত দিছে৷ এই সন্দর্ভত অহা ২৬ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰায়দান কৰা হ’ব৷ এনে পৰিস্থিতিত এতিয়া নামনি সোৱণশিৰি নদীবান্ধৰ কাম শীঘ্রেই আৰম্ভ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ আনহাতে, সেউজ ন্যায়াধিকৰণৰ এনে ৰায়ৰ পাছত কেন্দ্রীয় চৰকাৰেও এতিয়া দুগুণ উৎসাহেৰে আৰুণাচল প্রদেশত প্রস্তাৱিত বৃহৎ নদীবান্ধসমূহৰ কাম আৰম্ভ কৰাৰ বাবে উঠি-পৰি লাগিব সেয়া নিশ্চিত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি