Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:08 pm

Home » আঞ্চলিক » ঐতিহাসিক উগ্রতাৰা দেৱালয়ৰ চুৰি কাণ্ডৰ চাৰিটা চোৰক গ্রেপ্তাৰ

ঐতিহাসিক উগ্রতাৰা দেৱালয়ৰ চুৰি কাণ্ডৰ চাৰিটা চোৰক গ্রেপ্তাৰ


গুৱাহাটী : প্রায় চাৰে নশ বছৰ পুৰণি ঐতিহাসিক উগ্রতাৰা দেৱালয়ত তিনিদিন পূর্বে সংঘটিত চাঞ্চল্যকৰ চুৰিকাণ্ডত জড়িত থকা মহিলাসহ ৭জন আৰক্ষীৰ জালত পৰিছে৷ আৰক্ষীৰ তীব্র অভিযানত মহানগৰৰ বিভিন্ন স্থানৰ পৰা এই চোৰকেইটাক আটক কৰা হৈছে৷ অৱশ্যে, এইপর্যন্ত দেৱালয়ৰ ইতিহাসপ্রসিদ্ধ অষ্টধাতুৰ বিগ্রহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷ কিন্তু চোৰে নিশাই ভৰলুমুখৰ চাবিপুলৰ এটা ভঙা-ছিঙা সামগ্রী ক্রয়-বিক্রয় স্থানত (ডেম্প’) মাত্র ৭ হাজাৰ টকাত দেৱালয়ৰ মূল বিগ্রহ বিক্রী কৰি দিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷
উল্লেখযোগ্য যে বিগত ১৬ নৱেম্বৰত উজানবজাৰস্থিত উগ্রতাৰা দেৱালয়ত চোৰে লুটপাত চলাই মূল বিগ্রহসহ অন্য ৰজাদিনীয়া বিভিন্ন সামগ্রী আৰু সোণৰ আ-অলংকাৰ লুটি লৈ গৈছিল৷ কিন্তু চি চি টিভি কেমেৰাত আবদ্ধ হৈ ৰয় চুৰিকাণ্ডৰ সমগ্র ঘটনা৷ এই চি চি টিভি কেমেৰাৰ ভিডিঅ’ ফুটেজৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত৷ আনহাতে, আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে এছ আই টিও গঠন কৰি দিয়ে৷ ডি চি পি, এ চি পি, অপৰাধ ক্তশাখাৰ বিষয়া আৰু লতাশিল আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক লৈ গঠন কৰা এছ আই টিৰ নেতৃত্বত চলা তদন্তত প্রথমে মহানগৰীৰ গড়চুকৰ পৰা জামাল আলী নামৰ এটা চোৰক আটক কৰাৰ লগতে তাৰ ঘৰৰ পৰা দেৱালয়ৰ পৰা চুৰ কৰা কিছু সামগ্রী উদ্ধাৰ কৰা হয়৷ তাৰ পাছৰ পৰাই আৰক্ষীয়ে মূল চোৰৰ তথ্য উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে৷
অৱশেষত আৰক্ষীয়ে মহানগৰীৰ পাণবজাৰ, পল্টনবজাৰ আৰু লতাশিল এলেকাৰ পৰা চাৰিটা চোৰক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰকেইটাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে ভৰলুমুখৰ চাবিপুলৰ ভঙা-ছিঙা সামগ্রী ক্রয়-বিক্রয় কৰা প্রতিষ্ঠানৰ এগৰাকী মহিলা স্বত্বাধিকাৰী আৰু দুটা কর্মচাৰীকো আটক কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত চোৰকেইটা হানি সিং, ৰোহিত বাছফৰ, ৰাজু বাছফৰ আৰু বাবু৷
ইফালে, চোৰকেইটাই দেৱালয়ত লুটপাত চলাই নিশাই চাবিপুলৰ দোকানলৈ গৈ বিক্রী কৰিছিল দেৱালয়ৰ মূল বিগ্রহ৷ ফাৰহানা আখতাৰৰ মালিকানাধীন ডেম্প’টোৰ কর্মচাৰী হামিৰুণ নিছা আৰু টিংকুৰ হাতত মাত্র ৭০০০ টকাত বিগ্রহটো বিক্রী কৰা বুলি ইতিমধ্যে চোৰকেইটাই স্বীকাৰ কৰিছে৷ সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ডেম্প’টোৰ মালিক ফাৰহানা আখতাৰ লগতে কর্মচাৰী হামিৰুণ নিছা আৰু টিংকুক আটক কৰিছে৷ প্রায় চাৰে নশ বছৰ পুৰণি ইতিহাস বিজড়িত এই দেৱালয়ৰ সাত ইঞ্চি ওখ মূল বিগ্রহটো তাৰাদেৱীৰ৷ কথিত আছে যে মহাদেৱৰ পত্নী সতীৰ মৃত্যুৰ পাছত শোকাকুল শিৱই মৃতদেহ লৈ বিশ্ব ভ্রমণ কৰি থকাৰ সময়ত নাভিমণ্ডল পৰি যোৱা স্থানতেই উগ্রতাৰা দেৱালয় স্থাপন কৰা হৈছিল৷ এই দেৱালয়ো কামাখ্যা মন্দিৰৰ দৰেই জাগ্রত হিচাপে বিশ্বাস কৰি অহা হৈছে৷
আনহাতে, দেশৰ ভিতৰতে এইটোৱেই একমাত্র তাৰাদেৱীৰ মন্দিৰ বুলিও বিশ্বাস কৰা হয়৷ আৰক্ষীৰ জেৰাত ইতিমধ্যে চোৰকেইটাই সমগ্র কথা স্বীকাৰ কৰিছে৷ এই চুৰিকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল হানি সিং৷ আনকি হানি সিঙেই দেৱালয়ৰ মূল দুৱাৰ ভাঙি বিগ্রহত হাত দিছিল৷ ইয়াৰ উপৰি হানি সিঙে দেৱালয়ৰ চৌহদতে মলত্যাগ কৰা বুলিও আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ আৰক্ষীয়ে চোৰকেইটা ড্রাগছ আসক্ত বুলি প্রকাশ কৰিছে৷
আনহাতে এইপর্যন্ত বিগ্রহটোৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে৷ ইয়াৰ বাবেই চোৰকেইটাক তীব্র জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ পাণবজাৰ আৰক্ষী থানাত চোৰকেইটাক সোধা-পোছা চলাই থকা হৈছে৷ ইফালে আজিপর্যন্ত চোৰকেইটাক আনুষ্ঠানিকভাৱে গ্রেপ্তাৰ কৰা হোৱা নাই বুলি প্রকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত প্রদীপ শালৈয়ে৷ চোৰকেইটাৰ পৰা অধিক তথ্যৰ বাবে সোধা-পোছা চলাই থকাৰ কথা সদৰী কৰি তেওঁ কাইলৈ সকলোকে আনুষ্ঠানিকভাৱে গ্রেপ্তাৰৰ পদক্ষেপ লোৱা হ’ব বুলি সদৰী কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি