ৰাস মহোৎসৱৰ দৰ্শনাৰ্থীক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ

মাজুলী : ৰাসলৈ মাথোঁ এটা দিন বাকী থকাত এতিয়া মাজুলীত ব্যাপক উৎসাহৰ সমান্তৰালভাৱে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰতো ৰাস মহোত্সৱক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। কালি সত্ৰখনৰ অধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে এখন সংবাদমেলৰ যোগেদি সত্ৰখনৰ ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ সম্পৰ্কে অৱগত কৰে। সত্ৰখনৰ বৈষ্ণৱ তথা উদযাপন সমিতিৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা সংবাদমেলখনত মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ‘কেলিগোপাল নাট’ৰ আধাৰত বজ্ৰাৱলী ভাষাৰে অহা ২২,২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বিষয়ে বিস্তৃতভাৱে সদৰী কৰে। সত্ৰাধিকাৰগৰাকীয়ে জনায় যে ৰাস মহোৎসৱ উপভোগৰ বাবে আহিবলগীয়া দৰ্শনাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰখনে প্ৰায় ৩০হাজাৰ দৰ্শনাৰ্থীৰ বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা কৰাৰ লগতে এহেজাৰ দৰ্শনাৰ্থীৰ বিনামূলীয়াকৈ থকাৰ ব্যৱস্থাও কৰিছে।

প্রাক্তন মন্ত্রী চন্দন সৰকাৰৰ মৃত্যু

গুৱাহাটী : অসম চৰকাৰৰ প্রাক্তন কেবিনেট মন্ত্রী চন্দন কুমাৰ সৰকাৰৰ সোমবাৰে পুৱা দেহাৱসান ঘটে৷ পুৱতি নিশা হৃদক্ৰিয়া বন্ধ হৈ প্রাক্তন মন্ত্রীজনৰ আকস্মিক বিয়োগ ঘটাত জিলাব্যাপী শোকৰ ছাঁ পৰিছে৷ প্রয়াত প্রাক্তন মন্ত্রীগৰাকীৰ মৃত্যুৰ খবৰ পাই লোকাৰণ্য হয় অভয়াপুৰীৰ নিজ বাসভৱনত৷ মন্ত্রীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই তেওঁৰ মৃতদেহ লৈ অভয়াপুৰী চহৰৰ মাজেৰে সমদল কৰে৷ তৰুণ গগৈৰ মন্ত্রীসভাত জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্রাক্তন মন্ত্রীজনে নিশাৰ আহাৰ গ্রহণ কৰি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে পুৱতি নিশা অভয়াপুৰী সামূহিক স্বাস্থ্যকেন্দ্রলৈ লৈ যায়৷ কিন্তু চিকিৎসকৰ পৰামর্শ মতে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পিটেলত ভর্তি কৰে যদিও চিকিৎসকে প্রাক্তন মন্ত্রীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে প্রয়াত কংগ্রেছী নেতাজনে ১৯৬৫ চনত বঙাইগাঁও জিলাৰ চাকলা নিম্ন

পৰেশ বৰুৱাৰ ভতিজা মুন্না আলফালৈ যোৱা খবৰ নিশ্চিত হোৱাত অসুস্থ মুন্নাৰ মাতৃ

তিনিচুকীয়া : আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ পুত্র মুন্না বৰুৱা আলফালৈ যোৱাটো তিনিচুকীয়াৰ আৰক্ষীয়ে নিশ্চিত কৰাৰ পাছতে আজি তেওঁৰ মাতৃ কল্পনা বৰুৱা গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ পুত্র মুন্নাই হঠাতে এনে সিদ্ধান্ত লোৱাত তেওঁৰ চিন্তাত মাতৃ ঘৰতে অসুস্থ হৈ পৰাত সন্ধিয়া তিনিচুকীয়াৰ এখনব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বর্তমান কল্পনা বৰুৱাৰ স্বাস্থ্য উন্নত হৈছে যদিও আজি নিশাটোৰ বাবে চিকিৎসালয়ত থাকিব লাগিব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ডিগবৈ আই অ’ চিত কনিষ্ঠ অভিযন্তা হিচাপে প্রশিক্ষণত থকা বিমল বৰুৱাৰ পুত্র তথা পৰেশ বৰুৱাৰ ভতিজাক মুন্না যোৱা ১৬ নৱেম্বৰৰ পৰা নিখোজ হৈ আছিল৷ ইয়াৰ পাছতে মুন্না

নামনি সোৱণশিৰি নদীবান্ধৰ কাম শীঘ্রেই আৰম্ভ হ’ব

গুৱাহাটী : পুনৰ আৰম্ভ হ’ব পাৰে নামনি সোৱণশিৰি নদীবান্ধ প্রকল্পৰ নির্মাণৰ কাম৷ প্রকল্পটোৰ পুনৰ নির্মাণৰ ক্ষেত্রত প্রায় সেউজ সংকেত প্রদান কৰিছে সেউজ ন্যায়াধিকৰেণ৷ এতিয়া মাথোঁ অপেক্ষা বিশেষজ্ঞ কমিটীৰ প্রতিবেদনলৈ৷ প্রণিধানযোগ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ সুৰক্ষা সম্পর্কীয় দিশসমূহ চালি-জাৰি চাবৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ কমিটীখনৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপিত হৈছিল৷ বে-চৰকাৰী সংগঠন আছামপাব্লিক ৱর্কছে বিশেষজ্ঞ কমিটীখনৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপন কৰি সেউজ ন্যায়াধিকৰণত গোচৰো ৰজু কৰিছিল৷ কিন্তু আজি সেউজ ন্যায়াধিকৰণে একেষাৰেই উক্ত গোচৰটো খাৰিজ কৰে৷ সেউজ ন্যায়াধিকৰণৰ মুখ্য ন্যায়াধীশ আদর্শ কুমাৰ গোৱেল, ন্যায়াধীশ পি ৱাংৰি, কে ৰামাকৃষ্ণণ আৰু বিশেষজ্ঞ সদস্য নাগিন নন্দাৰে গঠিত খণ্ড বিচাৰপীঠখনে আজি জলবিদ্যুৎ প্রকল্পটোৰ সুৰক্ষা সম্পর্কীয় দিশসমূহ চালি-জাৰি চোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন

ঐতিহাসিক উগ্রতাৰা দেৱালয়ৰ চুৰি কাণ্ডৰ চাৰিটা চোৰক গ্রেপ্তাৰ

গুৱাহাটী : প্রায় চাৰে নশ বছৰ পুৰণি ঐতিহাসিক উগ্রতাৰা দেৱালয়ত তিনিদিন পূর্বে সংঘটিত চাঞ্চল্যকৰ চুৰিকাণ্ডত জড়িত থকা মহিলাসহ ৭জন আৰক্ষীৰ জালত পৰিছে৷ আৰক্ষীৰ তীব্র অভিযানত মহানগৰৰ বিভিন্ন স্থানৰ পৰা এই চোৰকেইটাক আটক কৰা হৈছে৷ অৱশ্যে, এইপর্যন্ত দেৱালয়ৰ ইতিহাসপ্রসিদ্ধ অষ্টধাতুৰ বিগ্রহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷ কিন্তু চোৰে নিশাই ভৰলুমুখৰ চাবিপুলৰ এটা ভঙা-ছিঙা সামগ্রী ক্রয়-বিক্রয় স্থানত (ডেম্প’) মাত্র ৭ হাজাৰ টকাত দেৱালয়ৰ মূল বিগ্রহ বিক্রী কৰি দিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখযোগ্য যে বিগত ১৬ নৱেম্বৰত উজানবজাৰস্থিত উগ্রতাৰা দেৱালয়ত চোৰে লুটপাত চলাই মূল বিগ্রহসহ অন্য ৰজাদিনীয়া বিভিন্ন সামগ্রী আৰু সোণৰ আ-অলংকাৰ লুটি লৈ গৈছিল৷ কিন্তু চি চি টিভি কেমেৰাত আবদ্ধ হৈ ৰয় চুৰিকাণ্ডৰ সমগ্র ঘটনা৷ এই চি চি টিভি

পঞ্চায়ত নির্বাচনৰ ইতিহাসত এক নজিৰবিহীন ঘটনা : মুখ্যমন্ত্রীৰ গৃহ পঞ্চায়তৰ ৰাইজৰ নির্বাচন বর্জন

মাজুলী : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৭ আৰু ৮নং ৱার্ডৰ ৰাইজে সমাগত পঞ্চায়ত নির্বাচন বর্জন কৰিছে৷ আজি দুয়োটা ৱার্ডত প্রার্থিত্ব আগবঢ়োৱা প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিছে৷ পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা নির্বাচনী বিষয়াৰ সন্মুখত স্থানীয় ৰাইজ আৰু প্রার্থীসকলে পুৱাৰ ভাগতে শাসনাধিষ্ঠিত বিজেপিৰ ২গৰাকী, কংগ্রেছৰ ২গৰাকী আৰু অগপৰ ১গৰাকী প্রাথীয়ে মনোনয়ন প্রত্যাহাৰৰ প্র-পত্র স্বাক্ষৰ কৰে৷ নির্বাচন বর্জন কৰাৰ দৰে এনে ঘটনা অসমৰ পঞ্চায়ত নির্বাচনৰ ইতিহাসত এক নজিৰবিহীন ঘটনা হিচাপে চিহ্নিত হৈছে৷ গণতান্ত্রিক ব্যৱস্থাত ভোট দান হৈছে দেশৰ নাগৰিকসকলৰ মৌলিক আৰু একক অধিকাৰ৷ নাগৰিকৰ এই মৌলিক আৰু একক অধিকাৰক ভোটদানৰ জৰিয়তে সাব্যস্ত নকৰি বর্জনৰ দৰে এক কঠোৰ আৰু স্পর্শকাতৰ সিদ্ধান্তৰে অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া বঞ্চনাৰ পঞ্জীভূত বেদনা আৰু ক্ষোভকেই যে