Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:28 am

Home » ক্ৰীড়া » কোনে শুনিব চান্দনীৰ বিননি….

কোনে শুনিব চান্দনীৰ বিননি….


গুৱাহাটী : ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত ১নং নাহৰবাৰী গাঁৱৰ স্থায়ী বাসিন্দা কুদ্দুচ খান আৰু ফাতেমা বেগমৰ ১৬ বছৰীয়া কন্যা মাজবাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী চান্দনী বেগম। ৰাজ্যিক-ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কিক বক্সিঙ প্ৰতিযোগিতাৰ ১০খন খেলৰ ৮খনতে স্বৰ্ণ পদক অৰ্জন কৰি অসমলৈ গৈৰৱ কঢ়িয়াই আনে।
কিন্তু দৰিদ্ৰতাৰ বাবে আধা বাটতে থমকি ৰ’বলগীয়া হয় চান্দনী। ঘৰত আৰ্থিক অনাটন। মাকে খাৰু বিক্ৰী কৰি পৰিয়াল চলায়। বক্সিঙৰ প্ৰতি হেঁপাহ আৰু একাগ্ৰতা থকাৰ পাছতো কোনো সা-সুবিধা দিব নোৱাৰাত পৰিয়ালটি ভাগি পৰে।
পাঞ্চিং বেড, কিক বেগ, হেলমেট আদিৰ অভাৱৰ মাজতেই মুকলি পথাৰত প্ৰশিক্ষণ লৈ আহিছে চান্দনী৷ এনে প্ৰতিকূল পৰিস্থিতিৰ লগত সংঘৰ্ষ কৰা চান্দনীক সহায় কৰি আহিছে মানৱতাবাদী প্ৰশিক্ষক মুন শৰ্মা৷ প্ৰশিক্ষকগৰাকীয়ে চান্দনীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিদিয়াৰ লগতে তেলেংগনা¸ শ্বিলং আদি কৰি বহুতো ঠাইত নিজৰ টকা খৰচ কৰি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰোৱায়।
ৰাজ্যিক-ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আঠোটা সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণ কন্যা চান্দনী খাতুনৰ বাসগৃহত উপস্থিত হয় ‘গ্ৰীণ ফ্লাস ফাউণ্ডেশ্যন’ৰ এটি সঁজাতি দল৷ “গ্ৰীন ফ্লাস ফাউণ্ডেশ্যনে” অসম জীয়ৰী চান্দনী খাতুন আৰু প্ৰশিক্ষক মুন শৰ্মাক শৰাই, জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে চান্দনী খাতুনক আৰ্থিক সহায়ৰ হাত আগবঢ়ায়। 
সজাঁতি দলটোত উপস্থিত থাকে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা দ্বিপান্দ্বিতা মুখার্জী খান, সভাপতি জাকিৰ হুছেইন, সম্পাদক ওমৰ ফাৰুক, বিত্ত সম্পাদিকা ছালমা বেগম, প্রচাৰ সম্পাদিকা মনিমা ছুলতানা, সক্রিয় সদস্য আলিমুদ্দিন আহমেদ আৰু ছাইফুল ইছলাম খান, শিক্ষক ছমৰ আলী, আমছুৰ কৰ্মকৰ্তা আৰু বহুতো৷
সঁজাতি দলটোৱে বিটিচি চৰকাৰ, অসম চৰকাৰ আৰু সকলো দল সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰিছে। যাতে চান্দনী নিজক বিশ্ব দৰবাৰত ভাৰত তথা অসমক উজলাই তোলাৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি