Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:13 pm

Home » ক্ৰীড়া » কেৰালাত সোণৰ বাবে যুঁজিব ডিম্বেশ্বৰ দলে

কেৰালাত সোণৰ বাবে যুঁজিব ডিম্বেশ্বৰ দলে

গুৱাহাটী : কেৰালাত উজ্বলি উঠিছে অসমৰ ডিম্বেশ্বৰ দলে। লং জাম্পত প্ৰথমবাৰৰ অনুষ্ঠিত ৰাষ্ট্ৰীয় লং জাম্প প্ৰতিযোগিতাত চেমি ফাইনেল পৰ্যন্ত উত্তীৰ্ণ হৈ ফাইনেলৰ বাবে প্ৰস্তুতি চলাইছে খেলুৱৈগৰাকীয়ে।
লখিমপুৰৰ বগীনদীৰ ৰে’লৱে কলনীত ঘৰ ডিম্বেশ্বৰৰ। দৰিদ্ৰ পৰিয়ালৰ সন্তান ডিম্বেশ্বৰৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দলে। সৰুতে পিতৃক হেৰুৱাইছিল ডিম্বেশ্বৰে। আৰ্থিক অনাটনৰ মাজত ডিম্বেশ্বৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰিবছৰ আগতে জীৱিকাৰ সন্ধানত ওলাই গৈছিল কেৰালালৈ। কেৰালাৰ আই চি আই সদালাইন গ্ল’বেল ছাৰ্ভিচত প্ৰথমে ডিম্বেশ্বৰে প্ৰাইভেট ছিকিউৰিটীৰ চাকৰিত সোমাইছিল। কেইটামান টকা দৰমহা পাই কোনোমতে চলিছিল সি। কিন্তু ডিম্বেশ্বৰৰ আছিল অন্য এক প্ৰতিভা। সেই প্ৰতিভা বিকাশ হ’বলৈ ঘৰত থাকোতে সুযোগেই নাপালে।
কেৰালালৈ যোৱাৰ পাছত ডিম্বেশ্বৰৰ ব্যস্ততা বাঢ়িল। পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ ডিম্বেশ্বৰৰ চাকৰি। কিন্তু প্ৰতিভাৰ মৰণ নাই। য’তেই নহওঁক উজ্বলি উঠিব প্ৰতিভাধাৰীসকলে। নিশা ১০ বজাত অফিচৰ পৰা আহি ডিম্বেশ্বৰ ওলাই গৈছিল ওচৰতে থকা ক’ল্লৰ ষ্টেডিয়ামলৈ। তাতেই ডিম্বেশ্বৰে লং জাম্পৰ অনুশীলনৰ বাবে সুযোগ উলিয়াই লৈছিল। কোনো দিনে প্ৰশিক্ষণ নোপোৱা ডিম্বেশ্বৰৰ সেই খেলুৱৈ সুলভ স্পৃহা আৰু প্ৰতিভা দেখা পাইছিল স্থানীয় এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰই। ডিম্বেশ্বৰক এদিন লৈ গৈছিল এখন মহাবিদ্যালয়ে। কচিনৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ডিম্বেশ্বৰক খেলিবলৈ সুযোগ দিছিল বিশ্ববিদ্যালয়ত অনুষ্ঠিত খেলত। সোণৰ পদক আনি দিছিল ডিম্বেশ্বৰে। তাৰপাছতেই সেই মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বাবে চকুৰ মণি হৈ পৰিছিল ডিম্বেশ্বৰ।
নিজাকৈয়ে কঠোৰ অনুশীলনত ব্যস্ত হৈছিল ডিম্বেশ্বৰ। সহায় কৰিছিল স্থানীয় মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে। তেওঁৰ ঘৰৰ ওচৰতে থাকে ডিম্বেশ্বৰ। ৰিবাৰ পটক নামৰ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অনুপ্ৰেৰণাতেই ডিম্বেশ্বৰ আগবাঢ়ি গ’ল। প্ৰথম ছিকিউৰিটী গাৰ্ডৰ চাকৰি কৰা ডিম্বেশ্বৰ দলে এতিয়া মেনেজমেন্টৰ কাম-কাজ কিছু চাব লাগে। নিশা ১০ বজাত অফিচৰ পৰা আহি ১২টালৈকে প্ৰেকটিছ কৰে।’
কেৰালাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় লং জাম্প প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ২৬ আগষ্টৰ পৰা। দেশৰ বিভিন্ন ৰাজ্যৰ বহু প্ৰশিক্ষিত খেলুৱৈয়ে আহি অংশ লৈছে এই প্ৰতিযোগিতাত। ডিম্বেশ্বৰেও সুযোগ পাইছিল এই প্ৰতিযোগিতাত অংশ লোৱাৰ। ৮ নবেম্বৰত ডিম্বেশ্বৰে চেমি ফাইনেল খেলিলে। ২১ ফুট জঁপিয়াই ডিম্বেশ্বৰে স্থান লাভ কৰিছে পৰৱৰ্তী পৰ্যায়লৈ। তেওঁৰ সন্মুখত মাত্ৰ এজন খেলুৱৈ। মহাৰাষ্ট্ৰৰ এই খেলুৱৈজনে জঁপিয়াইছে ২২ ফুট।
এতিয়া ডিম্বেশ্বৰ সাজু হৈছে ফাইনেলৰ বাবে। কেৰালাৰ কাকানাথ নামৰ ঠাইত থাকে ডিম্বেশ্বৰ। পুৱা ১০ বজাৰ পৰা নিশা ১০বজালৈ চাকৰি কৰাৰ পাছত ডিম্বেশ্বৰ যায় ষ্টেডিয়ামলৈ।
সহজ-সৰল ল’ৰাটোৱে জীৱনত বহু সংগ্ৰাম কৰিছে। অসমত থাকোতে তাৰ প্ৰতিভাৰ উমান কোনেও নাপালে। এতিয়া সি উজ্বলি উঠিছে সুদূৰ কেৰালাত। সেয়েহে চেষ্টাৰ কৃপণালি কৰা নাই। কঠিন পৰিশ্ৰমৰ মাজতে জীৱন সংগ্ৰামৰ বাবে জীৱিকাকো এৰিব পৰা নাই। চাকৰিৰ অন্ততহে খেলৰ বাবে উলিয়াই কিছু সময়। এইবোৰ প্ৰতিভাক ঢুকি নাপায় চৰকাৰে। নিজস্ব সাধনাৰে তেওঁ উজ্বলি উঠিছে।
কিছুদিনৰ পাছতেই অনুষ্ঠিত হ’ব ফাইনেল। ডিম্বেশ্বৰৰ সপোন সফল হওঁক। এয়াই ডিম্বেশ্বৰৰ শুভাকাংক্ষী সকলৰ কামনা। ডিম্বেশ্বৰৰ সন্ধান পোৱা নাই সংবাদ মাধ্যমেও। নীৰৱে ডিম্বেশ্বৰে ব্ৰতী হৈছে এই যাত্ৰাত। সেই নীৰৱতাৰ মাজতেই হঠাৎ তাৰকা হৈ উজ্বলি উঠক বগীনদীৰ এই ২৬ বছৰীয়া যুৱকজন।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি