Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:14 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » আশাকর্মী-নিবনুৱাক কর্মসংস্থাপনৰ লক্ষ্যৰে নাৰীৰ স্বাস্থ্যৰ ওপৰত কাম কৰিব ‘আশা হেলথ এণ্ড ইডুকেচনে

আশাকর্মী-নিবনুৱাক কর্মসংস্থাপনৰ লক্ষ্যৰে নাৰীৰ স্বাস্থ্যৰ ওপৰত কাম কৰিব ‘আশা হেলথ এণ্ড ইডুকেচনে


গুৱাহাটী : অতি শীঘ্ৰেই অসমত নিবনুৱা আৰু আশাকর্মীসকললৈ এক সুখবৰ কঢ়িয়াই আনিব ‘আশা হেলথ এণ্ড ইডুবেচ্চন ছাৰ্ভিছ’ নামৰ ট্রাষ্টে। দেওবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত ট্রাষ্টৰ নিজ কার্যালয়ত অসমৰ বিভিন্ন জিলাৰ আশাকর্মী সন্থাৰ সভানেত্ৰী আৰু সম্পাদকসকলকলৈ অনুষ্ঠিত এক বৈঠকত সদৌ অসম আশাকর্মী সন্থাৰ সাধাৰণ সম্পাদক তথা ট্রাষ্টৰ সভানেত্রী অনুপমা ৰয়ে এনে এক সুখবৰৰ আগজাননী দি কয় যে আশা কর্মীসকলে চিকিৎসকনাৰ্ছতকৈয়ে অধিক কষ্ট কৰিবলগা। নিশা ২ বজাতাে কাৰােবাৰ বিপদ হ’লে ৰঙীণ সপােনৰ সুন্দৰ টোপনিক বিদায় জানাই চিকিৎসালয়লৈ ঢাপলি মেলিব লাগে। কিন্তু বিনিময়ত সমাজ আৰু চৰকাৰৰ পৰা সন্মানৰ পৰিৱর্তে অৱহেলাহে পাই আহিছে। সেয়ে স্বাৱলম্বিতাৰ বাবে ‘আশা হেলথ এণ্ড ইডুকেশ্বন ছাৰ্ভিছৰ জন্ম দিয়া বুলি উল্লেখ কৰে।
বৈঠকত মুখ্য আকর্ষণ হিচাপে উপস্থিত থকা মহিবুল মণ্ডলে ট্রাষ্টৰ অধীনত কেনেদৰে সমাজসেৱা কৰিব পাৰে তাৰ ওপৰত আলােকপাত কৰে। লগতে তেওঁ বর্তমান সমাজত কিশােৰীৰ পৰা বৃদ্ধা মহিলালৈকে সচৰাচৰ হৈ থকা বিভিন্ন ৰােগৰ ওপৰত আলােচনা কৰি কয় যে এই টাষ্টে বিশেষকৈ নাৰী সমাজৰ বিভিন্ন গুপ্তৰােগৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যােগান ধৰিব আৰু এক সজাগতাৰ সৃষ্টি কৰিব।
সভাত ৰেজাউল কৰিম তালুকদাৰে কেবাবিধো সামগ্ৰীৰ বিষয়ে আলােচনা কৰি কয় যে কোনাে ব্যক্তি বিশেষে ট্রাষ্টৰ নামত দান বৰঙনি আগবঢ়াব বিচাৰিলে তেনে দান-বৰঙণি ৰছিদ দি গ্ৰহণ কৰিব। আগন্তুক তিনি মাহৰ ভিতৰত এই ট্রাষ্টে কমেও তিনিহাজাৰ আশা কর্মী-নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপন দিয়াৰ লক্ষ্য থিৰাং কৰা বুলি জানিবলৈ দিয়ে। এই বৈঠকত অসমৰ বিভিন্ন জিলাৰ ২০ গৰাকী আশাকৰ্মীৰ লগতে ট্রাষ্টৰ অন্যতম সদস্য বিবেকানন্দ বড়ো আৰু হানিফ আলী আহমেদো উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি