Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 10:07 am

Home » আঞ্চলিক » মুখ্যমন্ত্রীৰ গৃহপঞ্চায়তত নির্বাচন বর্জন

মুখ্যমন্ত্রীৰ গৃহপঞ্চায়তত নির্বাচন বর্জন

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৭ আৰু ৮নং ৱার্ডৰ ৰাইজ সমাগত পঞ্চায়ত নির্বাচন বর্জন কৰাৰ সিদ্ধান্তত অটল হৈ আছে৷ আজি দধীয়াৰ চাৰিসুঁতি প্রাথমিক বিদ্যালয়ত টি এম পি কে আৰু দধীয়া পুনৰ সংস্থাপন সমিতিৰ উদ্যোগত আৰু ৰাজাৰাম টাইডৰ সভাপতিত্বত বিন্ধাকটা পঞ্চায়তৰ অন্তর্গত দধীয়াৰ ৭ আৰু ৮নং ৱার্ডত প্রার্থিত্ব আগবঢ়োৱা প্রার্থীসকলৰ সৈতে ৰাইজৰ আলোচনা হয়৷
প্রচণ্ড ঠাণ্ডা, মুষলধাৰ বৰষুণৰ দৰে প্রতিকূল বতৰকো নেওচি সমবেত ৰাইজে সমস্বৰে চৰকাৰে দীর্ঘদিনে কৰি অহা প্রতাৰণাত তীব্র ক্ষোভ আৰু ৰাজনৈতিক নেতাৰ প্রতি চৰম বিষোদগাৰ প্রকাশ কৰে৷ আজিৰ সভাত মনোনয়ন-পত্র দাখিল কৰা প্রার্থীসকলক মনোনয়ন উঠাই ল’বলৈ ৰাইজে অনুৰোধ জনায় আৰু প্রার্থীসকলেও ৰাইজৰ স’তে সহমত প্রকাশ কৰি মনোনয়ন-পত্র উঠাই লোৱাৰ সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ প্রকাশ কৰে৷
আনকি অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে দধীয়াৰ ৰাইজে ম’বাইল বন্ধ ৰখা, নাও সেৱা বন্ধ ৰখা আদিৰ জৰিয়তে সমগ্র নির্বাচনী প্রক্রিয়াটোকে বর্জন কৰাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে এইবাৰৰ পঞ্চায়ত নির্বাচনৰ বাবে বিজেপিৰ পৰা ক্রমে ৭ আৰু ৮নং ৱার্ডত হীৰামণি দাং আৰু গণেশ পেগু, কংগ্রেছ দলৰ পৰা শকুন্তলা নৰহ আৰু ৰৈনৱতী কছাৰী আৰু অগপ দলৰ পৰা ৰৈনাৱতী নিপন আৰু সর্বেশ্বৰ পাৱে প্রার্থিত্ব পাইছিল৷
সর্বেশ্বৰ পাৱে মনোনয়নৰ সময়ত জনজাতীয় প্রমাণ-পত্র দাখিল কৰা নাছিল, কিন্তু মনোনয়ন-পত্র পৰীক্ষণৰ সময়ত সেই প্রমাণ-পত্র দাখিল কৰিবলৈ সুযোগ আছিল যদিও ৰাইজৰ সিদ্ধান্তৰ প্রতি সন্মান জনাই তেওঁ সেয়া নকৰিলে বুলি জানিব পৰা গৈছে৷ যাৰ বাবে তেওঁৰ মনোনয়ন পত্র নাকচ হয়৷
আনহাতে, ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান এলেকাৰ ভিতৰত সুদীর্ঘ ৬০ বছৰৰো অধিক কাল বসবাস কৰি থকা চাবুৱা সমষ্টিৰ পানীতোলা উন্নয়ন খণ্ড অধীনৰ বিন্ধাকটা গাঁও পঞ্চায়ত দধিয়া এলেকাৰ ৭ আৰু ৮নং ৱার্ডৰ ৰাইজক দীর্ঘদিন ধৰি চৰকাৰে পুনৰ সংস্থাপনৰ নামত কৰি অহা চৰম প্রৱঞ্চনা আৰু ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰাৰ প্রতিবাদত এইবাৰৰ পঞ্চায়ত নির্বাচন বর্জন কৰাৰ সিদ্ধান্ত লয়৷
বিগত ৬০ বছৰে কি কংগ্রেছ, অগপ বা বিজেপি সকলো দলৰ নির্বাচিত প্রতিনিধিয়ে দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপনৰ সপোন দেখুৱাই বাৰে বাৰে প্রতাৰণা কৰি আহিছে৷ যোৱা বর্ষৰ ২১ জুলাইত অসম চৰকাৰৰ তদানীন্তন বনমন্ত্রী প্রমিলাৰাণী ব্রহ্মই ৮ মাহৰ ভিতৰত দধিয়াবাসীক পুনৰ সংস্থাপন কৰাৰ লিখিত প্রতিশ্রুতি দিছিল যদিও আজি পর্যন্ত সেই প্রতিশ্রুতি পূৰণ নকৰিলে৷
মুখ্যমন্ত্রীয়ে ল’ৰালি কালৰে পৰা দধিয়াবাসীৰ সমস্যা আৰু দুখ-দুর্দশা দেখি আহিছে, অথচ আজি ৰাজ্যৰ মুৰববী হৈ পিৰালি কাষৰ গাঁওকেইখনৰ ৰাইজৰ জীয়াই থকাৰ মূল বাসস্থানৰ সমস্যাটোক দেখিও চকু মুদা কুলিৰ ভাও ধৰি আছে৷
অসমৰ খিলঞ্জীয়া জনগোষ্ঠী মিচিং অধু্যষিত অঞ্চলটোত ১২০৬ টা পৰিয়ালে বসবাস কৰি আছে৷ ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত বৃহত্তৰ ৰহমৰীয়া অঞ্চলত হোৱা বিপর্যয়ৰ বারে ১৯৫৭ চনত তেতিয়া চৰকাৰে এই জনগোষ্ঠীয় লোকসকলক দধিয়া-লাইকাত বসতি কৰিবলৈ সুবিধা কৰি দিয়া বুলি জনা যায়৷
খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বর্তমানৰ সর্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া এইসকল মিচিং জনগোষ্ঠীৰ ৰাইজক পুনৰ সংস্থাপনৰ নামত পুনৰ বঞ্চনা কৰা কার্যৰ প্রতিবাদকল্পে নির্বাচন বর্জনৰ দৰে স্পর্শকাতৰ আৰু কঠোৰ কার্যসূচী হাতত ল’ব লগা হোৱা বুলি সভাই সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰিছে৷ এইসকল খিলঞ্জীয়াই নির্বাচন বর্জনৰ হুংকাৰ দিয়া বিষয়টো মুখ্যমন্ত্রীয়ে কিমান গুৰুত্ব দিয়ে সেয়াহে লক্ষণীয় হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি