মুখ্যমন্ত্রীৰ গৃহপঞ্চায়তত নির্বাচন বর্জন
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ ৭ আৰু ৮নং ৱার্ডৰ ৰাইজ সমাগত পঞ্চায়ত নির্বাচন বর্জন কৰাৰ সিদ্ধান্তত অটল হৈ আছে৷ আজি দধীয়াৰ চাৰিসুঁতি প্রাথমিক বিদ্যালয়ত টি এম পি কে আৰু দধীয়া পুনৰ সংস্থাপন সমিতিৰ উদ্যোগত আৰু ৰাজাৰাম টাইডৰ সভাপতিত্বত বিন্ধাকটা পঞ্চায়তৰ অন্তর্গত দধীয়াৰ ৭ আৰু ৮নং ৱার্ডত প্রার্থিত্ব আগবঢ়োৱা প্রার্থীসকলৰ সৈতে ৰাইজৰ আলোচনা হয়৷ প্রচণ্ড ঠাণ্ডা, মুষলধাৰ বৰষুণৰ দৰে প্রতিকূল বতৰকো নেওচি সমবেত ৰাইজে সমস্বৰে চৰকাৰে দীর্ঘদিনে কৰি অহা প্রতাৰণাত তীব্র ক্ষোভ আৰু ৰাজনৈতিক নেতাৰ প্রতি চৰম বিষোদগাৰ প্রকাশ কৰে৷ আজিৰ সভাত মনোনয়ন-পত্র দাখিল কৰা প্রার্থীসকলক মনোনয়ন উঠাই ল’বলৈ ৰাইজে অনুৰোধ জনায় আৰু প্রার্থীসকলেও ৰাইজৰ স’তে সহমত প্রকাশ কৰি মনোনয়ন-পত্র উঠাই লোৱাৰ সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ প্রকাশ কৰে৷ আনকি অহা ৩