Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:01 pm

Home » আঞ্চলিক » দক্ষিন এচিয়া ৱতন চৰকাৰ আৰু ভােটাৰচীপ আইনৰ দাবীত এক লক্ষাৰােধিক মানুহৰ বিশাল প্রদর্শন

দক্ষিন এচিয়া ৱতন চৰকাৰ আৰু ভােটাৰচীপ আইনৰ দাবীত এক লক্ষাৰােধিক মানুহৰ বিশাল প্রদর্শন

ইউৰোপীয় ৰাষ্ট্রবাদ জনসাধাৰণৰ ফুলৰ মালা নহয়, ফাঁচীকাঠৰ ৰচীহে— ভৰত গান্ধী


ৰঙিয়া : দলৰ প্রতিষ্ঠা দিৱস উপলক্ষ্যে ভােটার্চ পার্টী ইন্টাৰনেচনেলে ৰঙিয়াত দেখুৱালে এক বিশাল প্রদর্শন। শাসন ব্যৱস্থা আৰু অর্থ-ব্যৱস্থাত আমুল পৰিবৰ্তনৰ দাবীৰে ভােটার্চ পার্টী ইন্টাৰনেচনেলৰ পঞ্চাছ হাজাৰতকৈ অধিক কর্মকর্তাই দেখুৱালে বিশাল শক্তি প্রদর্শন।
দলৰ প্ৰতিষ্ঠাপক তথা নীতি-নির্ধাৰক ভৰত গান্ধীয়ে জনসাধাণক ভােটাৰ চীপ আইন আৰু দক্ষিন এচিয়া ৱতন চৰকাৰ বনােৱাৰ কাৰণে সমর্থন বিচাৰে। উপস্থিত জনসাধাৰণে নিজ-নিজৰ হাতদাঙি জয় ধ্বনিৰে সমর্থন জনায়।
দলটোৱে প্রতি বছৰে ১৭ নবেম্বৰ দিনটো বিশ্ব দর্শন দিৱস পালন কৰিবলৈ এনে কাৰ্যসূচীৰ আয়ােজন কৰি আহিছে। যােৱা বৰ্ষত এই কার্যসুচী নতুন দিল্লীত আয়ােজন কৰা হৈছিল। ৰাজনীতি আৰু আৰ্থনীতিৰ শুধৰনীৰ ওপৰত এক ডজন কিতাপৰ লেখক ভৰত গান্ধীয়ে জনসাধানক সম্বোধন কৰি আহবান জনাই যে, ভাৰতৰ ৰাষ্টবাদে কেতিয়াওঁ সীমাৰ পৰিধীত বান্ধোন নহয়। বিশ্বক আপােন মানি লােৱাৰ পৰম্পৰাহে আছে।
কিন্তু ইউৰোপৰ ৰাষ্ট্রবাদৰ কাৰণে দেশৰ জনসাধাৰণ আর্থিক ৰূপত গােলামী হৈ গ’ল। কিয়ানাে কম মুলতে সামগ্ৰী ৰপ্তানিৰ কাৰণে নিজ দেশৰে চৰকাৰে নিজ দেশৰ গৰীব আৰু মধ্যবর্গক জানি বুজি অর্থনৈতিকভাবে পঙ্গু তথা বন্দী কৰি ৰাখিছে।
চৰকাৰে চাউল, কাপােৰ, ঔষদ পেলাই দি আছে। উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতাে জনসাধাৰণক দিয়া নহ’ল। প্রতি ভােটাৰক প্রতি মাহে নিঃচর্তে ছয় হাজাৰকৈ তেওঁলােকৰ বেংক একাউন্টত চৰকাৰ দ্বাৰা দিয়াবৰ কাৰণে আইন বনােৱাৰ আবেদন জনাইছিল। নিচর্ত এই টকা বিতৰণৰ মহত্ব কবলৈ গৈ তেওঁ কয় যে, শিক্ষিত মানুহৰ কাম কম্পিউটাৰে খালে আৰু হাজিৰা কৰা মানুহৰ কাম জে চি বি বুলডঝাৰ আৰু ট্ৰেক্টৰৰ দৰে মেচিনে শেষ কৰিলে৷ সেই কাৰণে এতিয়া মেচিনৰ পৰিশ্ৰমৰ পৰা উৎপন্ন হােৱা টকা ভােটাৰক দিবলৈ ভােটাৰচীপ আইন বনাব লাগিব তেতিয়াহে এটা-এটা পৰিয়ালৰ অর্থনৈতিক পঙ্গুত্ব শেষ হব আৰু তেতিয়াহে বাস্তবিকতে দেশৰ বিকাশ হব।
তেওঁ আৰু কয় যে, ইউৰোপৰ দৰে যদি চুবুৰীয়া দেশসমূহ একগােট কৰি এখনি ইউনিয়ন বনায় লয় তেতিয়া ভােটাৰচীপৰ টকা মাত্র ছয় হাজাৰ নহয় দহ হাজাৰকৈ দিব পৰা যাব। কিয়নাে সামুহিক সূৰক্ষাৰ ব্যৱস্থা দ্বাৰা অধিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পৰা যায় আৰু ৰাহি হােৱা টকা ভােটাৰচীপৰ লগত একত্রিত কৰি ভােটাৰৰ বেংক একাউন্টত দিব পৰা যায়। লগতে চলি থকা পঞ্চায়ত আৰু আগন্তক লােকসভা নির্বাচনত ভােটার্চ পার্টী পৰা প্রতিদ্বন্দিতা আগবঢ়োৱা প্রার্থীক জয়ী কৰাবলৈ আহ্বান জনায়।
প্রতিষ্ঠা দিৱসত অংশগ্রহণ কৰি দলৰ সর্ব ভাৰতীয় সভাপতি তথা পূর্ব সাংসদ ব্রক্ষ্মাদেৱ আনন্দ পাচোৱানে কয় যে, পুৰণা বিচাৰক আজিৰ তাৰিখত অপ্রসংগিক হৈ গল। সেইকাৰণে দেশৰ এতিয়া নতুন বিচাৰ, নতুন ৰাজনৈতিক তথা নতুন অর্থনৈতিক ব্যৱস্থা লাগে। এই কাম কৰিবলৈ ভােটার্চ পার্টী সম্পূর্নৰুপে সক্ষম।
ৰাজ্যিক সভাপতি ললিত আহ্বান জনাই যে, এতিয়া জনসাধাৰণে নেতা দল এৰিব লাগে আৰু ভােটাৰৰ দলত যােগদান কৰিব লাগে। কাৰণ অসমখনক শান্তি আৰু বিকাশৰ ৰাস্তা এই নতুন দলেহে কৰিব পাৰিব।
দলৰ প্রতিষ্ঠা দিৱসৰ শুভক্ষনত আয়ােজিত কার্যসূচীত দলৰ সর্ব ভাৰতীয় সমিতিৰ লগতে ৰাজ্যিক সমিতিৰ কেবাজনাে পদাধীকাৰীয়ে ভাষন প্রদান কৰে। দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ সভাপতি বিজয় কুমাৰ জৈনৰ সভাপতিত্বত বহা সভাখন সঞ্চালন কৰে অধিবক্তা ছাহজাহান শেখ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি