দক্ষিন এচিয়া ৱতন চৰকাৰ আৰু ভােটাৰচীপ আইনৰ দাবীত এক লক্ষাৰােধিক মানুহৰ বিশাল প্রদর্শন
ইউৰোপীয় ৰাষ্ট্রবাদ জনসাধাৰণৰ ফুলৰ মালা নহয়, ফাঁচীকাঠৰ ৰচীহে— ভৰত গান্ধী ৰঙিয়া : দলৰ প্রতিষ্ঠা দিৱস উপলক্ষ্যে ভােটার্চ পার্টী ইন্টাৰনেচনেলে ৰঙিয়াত দেখুৱালে এক বিশাল প্রদর্শন। শাসন ব্যৱস্থা আৰু অর্থ-ব্যৱস্থাত আমুল পৰিবৰ্তনৰ দাবীৰে ভােটার্চ পার্টী ইন্টাৰনেচনেলৰ পঞ্চাছ হাজাৰতকৈ অধিক কর্মকর্তাই দেখুৱালে বিশাল শক্তি প্রদর্শন। দলৰ প্ৰতিষ্ঠাপক তথা নীতি-নির্ধাৰক ভৰত গান্ধীয়ে জনসাধাণক ভােটাৰ চীপ আইন আৰু দক্ষিন এচিয়া ৱতন চৰকাৰ বনােৱাৰ কাৰণে সমর্থন বিচাৰে। উপস্থিত জনসাধাৰণে নিজ-নিজৰ হাতদাঙি জয় ধ্বনিৰে সমর্থন জনায়। দলটোৱে প্রতি বছৰে ১৭ নবেম্বৰ দিনটো বিশ্ব দর্শন দিৱস পালন কৰিবলৈ এনে কাৰ্যসূচীৰ আয়ােজন কৰি আহিছে। যােৱা বৰ্ষত এই কার্যসুচী নতুন দিল্লীত আয়ােজন কৰা হৈছিল। ৰাজনীতি আৰু আৰ্থনীতিৰ শুধৰনীৰ ওপৰত এক ডজন কিতাপৰ লেখক ভৰত গান্ধীয়ে জনসাধানক সম্বোধন কৰি আহবান জনাই