Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:16 am

Home » আঞ্চলিক » নলবাৰীত অব্যাহত আছে অবৈধ কাঠ মিলৰ দপদপনি

নলবাৰীত অব্যাহত আছে অবৈধ কাঠ মিলৰ দপদপনি

আয়কৰ বিভাগৰ ৰহস্যজনক কাণ্ডত ক্ষুব্ধ বিভিন্ন মহল

গুৱাহাটী : পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কার্যত অবৈধ কাম-কাজসমূহত যে কোনাে পৰিৱৰ্তন আনিব নােৱাৰিলে, সেয়া ৰঙিয়া বন সংমণ্ডলৰ অধীনত চলি থকা অবৈধ কাঠমিলে তাকে প্রমাণ কৰে। ৰঙিয়া বন সংমণ্ডলৰ ডি এফ অ’ চন্দন বৰাই কিছুদিন পূর্বে বৰপেটা জিলাৰ ভিন্ন প্রান্তত থকা অবৈধ কাঠমিলসমূহ বন্ধ কৰি প্রশংসা বুটলিবলৈ সক্ষম হৈছিল যদিও নলবাৰী জিলাৰ ক্ষেত্ৰত দেখা গৈছে সম্পূর্ণ বিপৰীত ছবি। কিয়নাে অভিযােগ অনুসৰি গােপন মিতিৰালিৰে ব্যাপক ধনৰ বিনিময়ত ডি এফ অ’ চন্দন বৰাৰ ছত্রছায়াত জিলাখনত এনেদৰে অনায়াসে অবৈধ কাঠমিলসমূহ চলি আহিছে।
আমাৰ হাতত পৰা তথ্য অনুসৰি নলবাৰী জিলাৰ অন্তৰ্গত মেৰকুছিত দ্বীপেনৰ ৫ টা, শুদিত মছেৱৰ ৩ টা, নদ্দীত পােনা ডেকাৰ ২ টা, সন্দাত বুবুলৰ ২ টা, বৰমাত নিপন, সনামতিত গিৰীশ ডেকা, কেৰাৰাত বাপদন কলিতা, বলাকুছিত ছুনু, পৈলাত হিতেন, আর্মি কেম্পত ধৰণী শৰ্মা, কাছিমপুৰত ৰুস্তম আলী, চামতাত ধনমুনৰ এটাকৈ অবৈধ কাঠমিলসহ এতিয়াও বহু কেইটা অবৈধ কাঠমিল বিনাদ্বিধাই চলি আছে। বন বিভাগৰ উর্ধর্তন বিষয়াৰে সৈতে এনেদৰে গােপন বুজাবুজিৰে এবৈধ কাঠমিলসমূহ চলি থকা কার্যই বিভিন্ন মহল ক্ষোভিত হৈ পৰিছে।
ইপিনে কিছুদিন পূর্বে নলবাৰী জিলাৰ ধমধমাত এ বি টিম্বাৰ্ছ নামৰ নিৰ্দিষ্ট এটা কাঠৰ দোকানত আয়কৰ বিভাগে তালাচী চলােৱাক লৈয়াে ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে। কিয়নাে জিলাখনত বহু কেইখন কাঠৰ দোকান থকাৰ পিছতাে গুৱাহাটীৰ পৰা যােৱা আয়কৰ বিভাগে আৰক্ষীৰ সহায় নােলােৱাকৈয়ে নির্দিষ্ট এটা দোকানত কি কাৰণত তালাচী অভিযান চলালে সেয়া ৰহস্যজনক।
আয়কৰ বিভাগৰ পৰা অহা দলটোৱে গােপনে তালাচী চলাই যদিও দলটোৱে সংবাদ মাধ্যমৰ পৰাও আতৰি থকাতাে বিভিন্ন প্রশ্ন অৱতাৰণা হৈছে। অৱশ্যে তালাচীৰ নামত গােপন বুজাবুজিৰে ধন ঘটাৰ বাবেই আয়কৰ বিভাগৰ এই দলটোৱে অতি গােপনে তালাচী অভিযান চলাবলৈ আহিছিল বুলিও বিভিন্ন দল-সংগঠনে অভিযােগ উত্থাপন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি