পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব এন আৰ চিয়ে

গুৱাহাটী : ৰাজ্যত পঞ্চায়ত নির্বাচনৰ দিন ঘােষণা হােৱাৰ লগে লগে নৱগঠিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ৰিপাব্লিকান কংগ্রেছ (এন আৰ চি)য়ে ব্যাপক নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। আজি দিছপুৰস্থিত কেন্দ্রীয় কার্যালয়ত আগন্তুক পঞ্চায়ত নির্বাচন প্রস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আজিৰ সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতি গােলাপ মজুমদাৰৰ নেতৃত্বত এখন সর্বোচ্চ ক্ষমতা সম্পন্ন নীতি নির্ধাৰণ সমিতি গঠন কৰা হয়। বৈঠকৰ সিদ্ধান্তমর্মে আগন্তুক নির্বাচনত পঞ্চায়ত সদস্য-সদস্যা, সভাপতি, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ দলীয় প্রার্থীত্বৰ তালিকা শীঘ্ৰে ঘােষণা কৰা হব। দলৰ ৰাষ্ট্রীয় সভাপতি মজুমদাৰে লগতে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ সপােনৰ গ্ৰাম্য স্বৰাজৰ আদৰ্শৰে অনুপ্রাণিত হৈ দেশত পঞ্চায়তীৰাজ প্রতিষ্ঠা কৰাইদলৰ অন্যতম লক্ষ্য। সমাগত নির্বাচনত দুর্নীতি-ভ্রষ্টাচাৰ, সাম্প্রদায়িকতা আৰু স্বজন-তােষণৰ বিৰুদ্ধে গাঁৱৰ চহৰাইজৰ উন্নয়নৰ সপক্ষেৰায়

কবি আছফিয়া আহমেদৰ কাব্য সংকলন ‘নীলাভ সময়ৰ এখন্তেক’ উন্মােচন

কবিতা হৈছে সুস্থ সমাজৰ বাতাবৰণ কঢ়িওৱা ফচল : সমীৰ তাঁতী গুৱাহাটী : কবিতা হৈছে সুস্থ সমাজৰ বাতাবৰণ কঢ়িওৱা ফচল। কবিতাই জীৱনৰ কথা কয়, সম্প্রীতিৰ কথা কয়। কবিতাইভাতৃত্ববােধ-এনাজৰীৰ কথা কয়। কবিতাই কেতিয়াও সংঘাত নিবিচাৰে। কবিতা হৈছে অতি প্রাচীন শিল্প। ভাৱৰ বুৰবুৰণিত সৃষ্টি হােৱা কবিতাই সদায় সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত এই শিল্পই সদায় ইতিবাচক দিশতহে কাম কৰে—এই মন্তব্য বিশিষ্ট কবি সমীৰ তাঁতীৰ। আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হােৱা কবি আছফিয়া আহমেদৰ কাব্য সংকলন নীলাভ সময়ৰ এখন্তেক’উন্মােচনী অনুষ্ঠানত উন্মােচক হিচাপে উপস্থিত থাকি কবিতা সম্পর্কে বিশিষ্ট কবিগৰাকীয়ে এনেদৰেই বিস্তৃত বিশ্লেষণ আগবঢ়ায়। নিজৰ উন্মােচনী ভাষণত কবি তাঁতীয়ে কবি আছফিয়া আহমেদৰ ৰচিত কবিতাসমূহৰ ভূয়সী প্রশংসা কৰাৰ লগতে ভৱিষ্যতে অসমীয়া সাহিত্য জগতত এনে কবিতাই এক নতুন মাত্রা

নলবাৰীত অব্যাহত আছে অবৈধ কাঠ মিলৰ দপদপনি

আয়কৰ বিভাগৰ ৰহস্যজনক কাণ্ডত ক্ষুব্ধ বিভিন্ন মহল গুৱাহাটী : পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কার্যত অবৈধ কাম-কাজসমূহত যে কোনাে পৰিৱৰ্তন আনিব নােৱাৰিলে, সেয়া ৰঙিয়া বন সংমণ্ডলৰ অধীনত চলি থকা অবৈধ কাঠমিলে তাকে প্রমাণ কৰে। ৰঙিয়া বন সংমণ্ডলৰ ডি এফ অ’ চন্দন বৰাই কিছুদিন পূর্বে বৰপেটা জিলাৰ ভিন্ন প্রান্তত থকা অবৈধ কাঠমিলসমূহ বন্ধ কৰি প্রশংসা বুটলিবলৈ সক্ষম হৈছিল যদিও নলবাৰী জিলাৰ ক্ষেত্ৰত দেখা গৈছে সম্পূর্ণ বিপৰীত ছবি। কিয়নাে অভিযােগ অনুসৰি গােপন মিতিৰালিৰে ব্যাপক ধনৰ বিনিময়ত ডি এফ অ’ চন্দন বৰাৰ ছত্রছায়াত জিলাখনত এনেদৰে অনায়াসে অবৈধ কাঠমিলসমূহ চলি আহিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি নলবাৰী জিলাৰ অন্তৰ্গত মেৰকুছিত দ্বীপেনৰ ৫ টা, শুদিত মছেৱৰ ৩ টা, নদ্দীত পােনা ডেকাৰ