Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:18 am

Home » আঞ্চলিক » মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডত ভাৰপ্ৰাপ্ত বিষয়া মতিয়াৰ ৰহমানৰ মইমতালি

মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডত ভাৰপ্ৰাপ্ত বিষয়া মতিয়াৰ ৰহমানৰ মইমতালি

বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠতাৰ সুবাদতেই উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন

সংবাদ প্ৰহৰী, মন্দিয়া, ৮ চেপ্তেম্বৰ,২০১৮ :
বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া মইমতালিত চৰম দুৰ্নীতিত পোত খাই পৰাৰ অভিযোগ উত্থাপিত হৈছে। বিষয়াৰ দুৰ্নীতিৰাজৰ বাবে শিক্ষকসমাজ অতিষ্ঠ হৈ পৰা বুলি জানিবপৰা গৈছে। ইধিমধ্যে বিষয়াগৰাকীৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা হোৱা নাই। নিজকে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ বুলি জহাই ফুৰা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শিক্ষাখণ্ডটোত উঠি ৰজা বহি ৰজা হৈ পৰাৰ অভিযোগ উঠিছে।
অভিযোগ মতে, শিক্ষাখণ্ডটোৰ অন্তৰ্গত নিম্ন প্ৰাথমিক বিদ্যালয় এখনৰ প্ৰধান শিক্ষক জনৈক আহমেদে বিষয়াগৰাকীয়ে মাহিলী বেতনৰপৰা আৰম্ভ কৰি ল’ৰা-ছোৱালীৰ নামত অহা মধ্যাহ্ন ভোজনৰ টকাৰ লোভনীয় ভাগ বিষয়াগৰাকীক নিদিলে ফাইলত চহী নকৰে বুলি অভিযোগ উত্থাপিত কৰিছে।
অভিযোগ পত্ৰত উল্লেখ মতে, শিক্ষকগৰাকীৰ যোৱা ২০১৬-১৭ বৰ্ষৰ ৰৈ যোৱা মাহিলী বিল পাছ কৰাৰ বাবদ বিষয়া ৰহমানে পঞ্চাছ হাজাৰ টকা উৎকোচ বিচাৰে। বিষয়াগৰাকীক উৎকোচ দিবলৈ অমান্তি হোৱাত শিক্ষকগৰাকীক কাৰ্যালয়ৰপৰা অশালীন ব্যৱহাৰ কৰি উলিয়াই দিয়ে। শিক্ষকগৰাকীয়ে উপায়ন্তৰ হৈ বিষয়াগৰাকীক ২০ হাজাৰ টকা দিয়াৰ পিছত বিলৰ ফাইলত চহী কৰি বাকী ৩০ হাজাৰ টকা দি যাবা বুলি ফিতাহি মাৰি আদেশ দিয়ে। বিষয়াগৰাকীয়ে বাকী টকাখিনি বিচাৰি মাজে সময়ে ভাবুকি দি অশালীন ব্যৱহাৰ কৰি আহি বুলি অভিযোগ পত্ৰত উল্লেখ।
উল্লেখ্য যে শিক্ষাখণ্ডটোৰ অন্তৰ্গত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক এৰাকীয়ে বিষয়াগৰাকীক উৎকোচ নিদিয়াৰ বাবে চলিত বৰ্ষত আগষ্ট, ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহৰ দৰমহা বন্ধ কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে। বিষয়াগৰাকীৰ ওচৰত তিনি মাহৰ মাহিলী বেতনৰ ফাইলত চহী বিচাৰি যায় যদিও তিনি মাহৰ মুঠ দৰমহাৰ ৫০ শতাংশ কমিছন দাবী কৰি মানসিক আৰু আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে আন এক গুৰুতৰ অভিযোগ আনিছে।
এনেকি শিক্ষকগৰাকীয়ে পাবলগীয়া অসম চৰকাৰে ২০১৬ বৰ্ষৰ পৰা ঘোষণা কৰা গ্ৰেড পে ৬২০০ টকাৰপৰা ৬৮০০ পাবলগীয়া fixation form তো চহী কৰা নাই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। এই সম্পৰ্কে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে নিৰ্দেশ দিয়াৰ পাছতো ওপৰৱালাৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন দেখুৱাই ভাৰপ্ৰাপ্ত খণ্ড বিষয়াগৰাকীয়ে দাবী কৰা ধন নিদিয়াৰ বাবে দৰমহা, বিদ্যালয়খনৰ বিত্তীয় ক্ষমতা আৰু গ্ৰেড পে সমন্ধীয় fixatio form ত চহী নকৰে৷
বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াই Memo no-BEE/Bar/in-charge/Ele /2018/1278-79 আৰু বৰপেটাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকে স্মাৰক নং-ডি আই এচ(এচ)/ডি-১ /২০১৮ /২৭৮৫-৮৯ বিদ্যালয়খনৰ বিত্তীয় লেন-দেন কৰাৰ দায়িত্ব অৰ্পন কৰিবলৈ যোগে মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিৰ্দেশ দিয়া সত্বেও একমাত্ৰ দাবী কৰা ধন নিদিয়া বাবে দায়িত্ব অৰ্পন কৰা নাই। যাৰ পৰিণতিত শিক্ষকগৰাকী মানসিকভাৱে ভাগি পৰি চৰম আৰ্থিক অনাটনত ভুগিবলীয়া হৈছে। এতিয়া প্ৰশ্ন হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ঘনিষ্ঠ বুলি নিজকে জহাই ফুৰা দুৰ্নীতিগ্ৰস্ত এইগৰাকী বিষয়াক শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষ আৰু ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে নাকী লগাবলৈ সক্ষম হ’বনে?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি