Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:33 am

Home » আঞ্চলিক » মনমোহনৰ স্থানত ৰাম : কংগ্ৰেছৰ ৰাস্তাৰেই গতি কৰিছে বিজেপিয়ে

মনমোহনৰ স্থানত ৰাম : কংগ্ৰেছৰ ৰাস্তাৰেই গতি কৰিছে বিজেপিয়ে

সংবাদ প্ৰহৰী, গুৱাহাটী, ১১ নৱেম্বৰ, ২০১৮:
নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ পৰাই যেন সকলো কথাতে ওলোটা খৰ মৰাটো এক প্ৰকাৰৰ নিয়ম হৈ পৰিছে এই গেৰুৱা দলটোৰ৷ পূৰ্বৰ কংগ্ৰেছ দলক সমালোচনা কৰা দলটিয়ে বৰ্তমান কংগ্ৰেছৰ দৰেই নীতি আদৰ্শৰ পথত আগবাঢ়ি যোৱা যেন লাগিছে৷ কিয়নো এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এইবাৰ অসমৰ পৰা সাংসদ হৈ আহিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাম বিলাছ পাছোৱানে৷
বি জে পিৰ সহযোগী দল লোক জনশক্তি পাৰ্টিৰ সভাপতি ৰাম বিলাছ পাছোৱানক ৰাজ্য সভালৈ আনিবলৈ তৎপৰ হৈছে গেৰুৱা দলটি। উল্লেখযোগ্য যে অসমৰ পৰা উচ্চ সদনলৈ নিৰ্বাচিত হৈ অহা মনমোহন সিঙৰ কাৰ্য্যকাল অহা এপ্ৰিলত মাহত সমাপ্ত হ’ব। সেই খালী হোৱা আসনখনৰ পৰাই পাছোৱানক নিৰ্বাচিত কৰি অনাৰ পৰিকল্পনা কৰিছে গেৰুৱা বাহিনীয়ে৷ আগতেও অসমৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা সঞ্জয় সিং আৰু মনমোহন সিঙৰ কাৰ্য্যকালত কেইবাৰ অসম আহিলে সকলোৱে জানে৷ অসমৰ পৰা নিৰ্বাচিত হৈ অসমক কি দিলে? সেইদৰে একেই পথ লব বিচাৰিছে বৰ্তমানৰ এই গেৰুৱা দলটোৱে৷
এক বিবৃতিত ৰাষ্ট্ৰীয় যুৱ মৰ্চাই বি জে পি দলটোক শুধিব বিচাৰে যে— কিয় তেঁওলোকৰ দৃষ্টিত অসমৰ কোনো এনে নেতা বা ব্যক্তি নাই নেকি যাক অসমৰ পৰা নিৰ্বাচন কৰি পঠাব পাৰি৷ বহিৰাগত আমদানিকৃত নেতা এজনক অসমৰ পৰা নিৰ্বাচন কৰি পঠিয়ালে অসমৰ কি লাভ হ’ব ? সেয়ে মৰ্চাই এই দলটোক সকিয়াই দিব বিচাৰে যে অসমক উপযুক্ত সন্মান দিয়াৰ বাবে কাম কৰক৷ সকলো ক্ষেত্ৰতে বহিৰাগতক অগ্ৰাধিকাৰ দিয়া সহ্য কৰা নহ’ব৷ যি দৰে কংগ্ৰেছ দলক ৰাইজে এটা সময়ত খেদি পঠাই পৰিবৰ্তনৰ আশাৰে আপোনাকক গাদীত বহুৱাইছিল যদি বিজেপি দলেও এনেদৰে কাম কৰি থাকে তেন্তে দলটিৰ বিৰুদ্ধেও ৰাষ্ট্ৰীয় যু্ৱ মৰ্চাই জনমত গঠন কৰি গাদীচ্যুত কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি