সাংবাদিক প্ৰয়াত কমল চন্দ্ৰ বায়নৰ স্মৃতিচাৰণ সভা : “কমলৰ পাহে পাহে ” শীৰ্ষক গ্ৰন্থ উন্মোচন
আনিছুজ জামান , হাউলী, ৮ নৱেম্বৰ, ২০১৮ : হাউলীৰ প্ৰবীন সাংবাদিক, সাহিত্যিক, হাউলীৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, হাউলী সাহিত্য সভাৰ সভাপতি তথা হাউলী নৰ্মাল স্কুলৰ অৱসৰপ্রাপ্ত শিক্ষক কমল চন্দ্ৰ বায়নৰ এক স্মৃতিচাৰণ সভা আজি তেওঁৰ বাসভৱনত বাস ভৱনত অনুষ্ঠিত হয় । যোৱা ২৭ অক্টোবৰত ইহসংহাৰৰ পৰা চিৰ বিদায় লোৱা প্ৰয়াত বায়নৰ আত্মাৰ সদগতি হকে আজি হাউলীৰ ২ নং ৱাৰ্ডত অৱস্থিত নিজ বাস ভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মনোহৰী বায়নে আঁত ধৰা সভাখনত প্ৰায়ত কমল চন্দ্ৰ বায়নৰ জীৱন বীক্ষা আৰু স্মৃতিকথাৰ সংকলনত “কমলৰ পাহে পাহে ” শীৰ্ষক শ্ৰদ্ধাঞ্জলীমূলক এক গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখন উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে। ইয়াৰোপৰি উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ,