Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:21 am

Home » আঞ্চলিক » ৫ আৰু ৯ ডিচেম্বৰ : ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন

৫ আৰু ৯ ডিচেম্বৰ : ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন

গুৱাহাটী : অৱশেষত ঘোষণা কৰা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন। ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। সংবাদমেলযোগে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে। প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ নৱেম্বৰ। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ। প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ’ব ২২ নৱেম্বৰ। ১২ ডিচেম্বৰত হ’ব নিৰ্বাচনৰ ভোটগণনা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিয়ে জাৰি কৰিলে নিৰ্দেশনা। ৯ নৱেম্বৰত জাৰি কৰা হ’ব ২য় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্দেশনা।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব কামৰূপ (মহানগৰ), কামৰূপ (গ্ৰাম্য) তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু মৰিগাঁও জিলাত। আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাইত।
প্ৰথম পৰ্যায়ত ২৫১টা আৰু দ্বিতীয় পৰ্যায়ত ১৬৯ জিলা পৰিষদ সামৰি লোৱা হ’ব। ৰাজ্যৰ মুঠ ৪২০টা জিলা পৰিষদত হ’ব পঞ্চায়ত নিৰ্বাচন। ২,১৯৯টা গাঁও পঞ্চায়ত সভাপতি পদ আৰু ২১,৯৯০টা গাঁও পঞ্চায়ত সদস্য পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনৰ বাবে জিলা পৰিষদৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব ৬.৪০ লাখ টকা।
আনহাতে, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে ১.৬০ লাখ টকা খৰচ কৰিব পাৰিব নিৰ্বাচনত। সভাপতি পদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক খৰচ কৰিব পাৰিব ১.৬০ লাখ টকা। পঞ্চায়ত সদস্যৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব ১৬ হাজাৰ টকা। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ১,৫৬,৪১,৪৫৬গৰাকী। পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনতকৈ ২১.৪৯ শতাংশ বৃদ্ধি হৈছে ভোটাৰৰ সংখ্যা। সৰ্বমুঠ ২৩,৫০৫টা প’লিং ষ্টেচনৰ ৩,৬৬৫টা অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি