- এম জে আকবৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগক লৈ মন্তব্য পত্নী মল্লিকা আকবৰৰ।
- মিছা অভিযোগেৰে এম জে আকবৰৰ বিৰুদ্ধে ষড়যন্তৰ ৰচাৰ অভিযোগ মল্লিকা আকবৰৰ।
- ‘মই নাজানো পল্লৱী গগৈয়ে কি কাৰণে মিছা মাতিছিল, কিন্তু তেওঁ যে মিছা মাতিছে সেয়াই সঁচা।’
- ‘আমাৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক আছিল পল্লৱী গগৈৰ।’
- ‘প্ৰায়ে আমাৰ ঘৰলৈ আহি আমাৰ সতে সময় পাৰ কৰাৰ লগতে নিশাৰ আহাৰো গ্ৰহণ কৰিছিল পল্লৱীয়ে।’
- ‘এতিয়া এম জে আকবৰৰ বিৰুদ্ধে মিছা অপবাদ জাপি দিয়াৰ উদ্দেশ্য কি সেয়া মই নাজানো।’
- সংবাদ মাধ্যমৰ আগত এনেদৰে দুখ প্ৰকাশ কৰে মল্লিকা আকবৰে।
- একালৰ সহকৰ্মী এম জে আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল সাংবাদিক পল্লৱী গগৈয়ে।
- এগৰাকী আমেৰিকান মহিলা সাংবাদিকসহ ১০ গৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আকবৰৰ বিৰুদ্ধে।