Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:43 am

Home » দেশ-বিদেশ » এনআৰচিত পুনৰ আৱেদনৰ বাবে গ্ৰহণযোগ্য হ’ব কৰ্তন কৰা ৫খন নথি

এনআৰচিত পুনৰ আৱেদনৰ বাবে গ্ৰহণযোগ্য হ’ব কৰ্তন কৰা ৫খন নথি

নতুন দিল্লী, ১ নৱেম্বৰ : দীৰ্ঘদিনীয়া আশা প্ৰত্যাশাৰ অন্তত আজি মাননীয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত অসমৰ এনআৰচি সম্পৰ্কীয় গোচৰ WP(c) No 274/2009 ৰ শুনানি অনুষ্ঠিত হয়। শুনানিকালত অধিবক্তাসকলৰ যুক্তিত যুক্তিত ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাৰ অযুক্তিকৰ পৰামৰ্শক অগ্ৰাহ্য কৰি পাঁচবিধ নথিকে অন্য ১০ বিধ নথিৰে সৈতে দাবী আবেদনকাৰীক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে। এনআৰচিৰ দাবী আপত্তি পৰ্যায়ত ১৯৫১ চনৰ এনআৰচি, ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখলৈ প্ৰকাশিত পূৰ্বৰ ভোটাৰ তালিকা সহ ৫ বিধ লিগেচি নথি ব্যৱহাৰ কৰিব পৰা নোৱাৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে মুঠতে ১৫ টা লিগেচি নথিকে পূৰ্বৰ দৰে বাহাল ৰাখে। আজিৰ শুনানীকালত সামাজিক ন্যায় মঞ্চ (ছ’চিয়েল জাষ্টিচ ফ’ৰাম)ৰ হৈ অধিবক্তা মেহমুদ প্ৰাচাকে আদি কৰি কেইবাজনো অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰে।

আনহাতে দাবী আবেদন জমা দিয়াৰ চুড়ান্ত তাৰিখ ১৫ ডিচেম্বৰ, ২০১৮লৈ বৃদ্ধি কৰি ১৫ জানুৱাৰী, ২০১৯ৰ পৰা পৰা ১ ফেব্ৰুৱাৰী, ২০১৯লৈ দাবী আপত্তি আবেদনকাৰীক শুনানিৰ বাবে জাননী জাৰি কৰাৰ লগতে অহা ১ ফেব্ৰুৱাৰী, ২০১৯ৰ পৰা আবেদনকাৰীসকলৰ শুনানি অনুষ্ঠিত কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে।

ইপিনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সামাজিক ন্যায় মঞ্চৰ সভাপতি গোলাপ মজুমদাৰে কয়— মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ সকলো বৈধ ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছৰ কোনো লোকৰ নাম যাতে অন্তৰ্ভুক্ত নহয় সেয়া সুনিশ্চিত কৰি এক স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হব বুলি আশাবাদী। অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ চুড়ান্ত সমাধানৰ একমাত্ৰ বৈজ্ঞানিক পদ্ধতি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণত সকলো পক্ষকে ৰাজনীতিৰ উৰ্ধত গৈ আন্তৰিকতাৰে সহযোগ কৰিবলৈ সংগঠনে আহ্বান

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি