Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:53 am

Home » আঞ্চলিক » শিক্ষাবিদ- সাংবাদিক হাউলীৰ কমল চন্দ্ৰ বায়নৰ পৰলোক

শিক্ষাবিদ- সাংবাদিক হাউলীৰ কমল চন্দ্ৰ বায়নৰ পৰলোক

বৰপেটা : অসমীয়া আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা বিশিষ্ট কথাশিল্পী, হিন্দী অসমীয়া অভিধান প্ৰণেতা, বিশিষ্ট শিক্ষাবিদ, প্ৰবীন সাংবাদিক, লেখক বৰপেটা জিলাৰ হাউলী নিবাসী কমল চন্দ্ৰ বায়নৰ আজি বিয়লি ৩- ৪০ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত পৰলোক হয়৷ মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৮৫ বছৰ৷ 
১৯৩৩ চনৰ পহিলা জানুৱাৰীত বৰপেটা জিলাৰ জনীয়া সত্ৰত পিতৃ ধৰণীধৰ বায়ন আৰু মাতৃ কনকলতা বায়নৰ ঔৰসত জন্ম গ্ৰহণ কৰা বায়নে জনীয়া প্ৰাৰ্থমিক বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰি বৰপেটা বিদ্যাপীঠৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্তীৰ্ণ হৈ আগ্ৰাত অখিল ভাৰতীয় হিন্দী পৰিষদৰ অধীনত সাহিত্যৰত্ন আৰু পাৰংগত ডিগ্ৰী লাভ কৰে৷ পাছত ১৯৬১ চনত ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰি ১৯৯৩ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে৷ বায়নে হিন্দী বাতৰি কাকত ক্ৰমে ” হিন্দী চেণ্টিনেল”, ” ধৰ্মযুগ”,”দৈনিক বিশ্বামিত্ৰ”, “ব্লিজ” ৰ উপৰি অসমীয়া বাতৰি কাকত ” দৈনিক অগ্ৰদূত” আৰু ” আজিৰ অসম ” কাকতত হাউলীৰ পৰা সেৱা আগবঢ়াইছিল৷ ৰাষ্ট্ৰভাষা বঁটাৰে সন্মানিত বায়নে হিন্দীত “শংকৰদেৱ কে বৰগীত ” , “মনীদুৰ অসম ” , আৰু হিন্দী অসমীয়া অভিধান ৰচনা কৰাৰ উপৰি অসমীয়াত ” মোৰ ৰচনা সম্ভাৰ ” , “নবীন প্ৰজন্মৰ আস্থা আৰু বিশ্বাস”, ” শিক্ষা আৰু আধুনিকতাৰ?? সংঘাত”, ” প্ৰিয়া – পত্নী “, “জনিয়া সত্ৰৰ ইতিবৃ্ত্ত”, ” শংকৰ তাকেৰি অংশ “আৰু ৰাজধানী দিল্লীৰ ইতিহাস গ্ৰন্থৰে অসমীয়া আৰু হিন্দী সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে৷ 
দ্বিভাষিক সাংবাদিক বায়নৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা আৰু মৰিগাওৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু হেমেন দাস, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস , বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ,জাৰ্ণেলিষ্ট ইউনিয়নৰ অসমৰ সাধাৰণ সম্পাদক ধনজিৎ দাস,বৰপেটা প্ৰেছ ক্লাব, বৰপেটাৰোড প্ৰেছ ক্লাব, হাউলী প্ৰেছ ক্লাব,বৰনগৰ প্ৰেছ ক্লাব, আপকু বৰপেটা জিলা সমিতি, জাৰ্ণেলিষ্ট ইউনিয়ন বৰপেটা জিলা সমিতি,হাউলী ৰাস সমিতি, হাউলী সাহিত্য সভা ,হাউলী আঞ্চলিক ছাত্ৰ সন্থা আদি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ এক শোক সমদলেৰে তেখেতৰ নশ্বৰ দেহ সন্ধিয়া হাউলী ৰাস মন্দিৰ, হাউলী সাহিত্য সভা,হাউলী মনোমতী পুথিভড়াল, চণ্ডী বৰুৱা স্মৃতি ভৱন আৰু হাউলী ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নিয়াত অগণন গুণমুদ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি