Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:44 pm

Home » Uncategorized » ভােটাৰ পৰিচয় পত্র বাংলা ভাষা : সাহিত্য সভাৰ সৈতে বৈঠকত মিলিত হ’ল বাংলাভাষীৰ সংগঠন

ভােটাৰ পৰিচয় পত্র বাংলা ভাষা : সাহিত্য সভাৰ সৈতে বৈঠকত মিলিত হ’ল বাংলাভাষীৰ সংগঠন

গভীৰ প্রতিক্রিয়া প্রকাশ অসম সাহিত্য সভাৰ : সকলােৰে ঐক্যমতত অনুষ্ঠিত হ’ব মৈত্রী সন্মিলন

গুৱাহাটী : অসম ৰাজ্যিক নির্বাচন আয়ােগে ভােটাৰ পৰিচয় পত্র বাংলা ভাষাত লিখা খামত ভৰাই বিতৰণ কৰা কার্যত গভীৰ প্রতিক্রিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখােৱাই প্ৰেৰণ কৰা এক বিবৃতিত অসম ৰাজ্যিক নির্বাচন আয়ােগৰ অসমীয়া ভাষা বিদ্বেষী এই পদক্ষেপক তীব্র ভাষাৰে নিন্দা কৰা হয় আৰু এয়া অসমীয়া জাতি আৰু অসমীয়া ভাষাক ধ্বংস কৰিবৰ বাবে চলােৱা ষড়যন্ত্রৰ এক অংশ বুলি অভিহিত কৰা হয়।
বিবৃতিটোত কোৱা হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী ভাষা হ’ল অসমীয়া ভাষা। ১৯৬০ চৰকাৰী ভাষা আইনমতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলাে চৰকাৰী কাম-কাজত নিশ্চিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। সেই ভাষা আইনক নস্যাৎ কৰি অসম ৰাজ্যিক নির্বাচনী আয়ােগে শােণিতপুৰ তথা অন্যান্য স্থানত ভােটাৰ পৰিচয় পত্র বাংলা ভাষা লিখা খামত বিতৰণ কৰা কাৰ্য কোনাে কাৰণতে সমর্থন কৰিব নােৱাৰি বুলি উল্লেখ কৰি অসম ৰাজ্যিক নির্বাচনী আয়ােগক তৎকালীনভাৱে এনে অসমীয়া জাতি বিৰুদ্ধ কার্য বন্ধ কৰিবলৈ আৰু অসমীয়া ভাষা বিৰুদ্ধে আগলৈ ষড়যন্ত্র লিপ্ত নহ’বলৈ সকিয়াই দিয়ে।

অসম সাহিত্য সভাৰ সৈতে বৈঠকত মিলিত হ’ল বাংলাভাষীৰ সকলাে সংগঠন

অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগােবিন্দ বৰুৱা সভাকক্ষত বৃহস্পতিবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ সৈতে প্রথমবাৰৰ বাবে আলােচনাত বহিল। বিভিন্ন বাংলাভাষী সংগঠনৰ প্রতিনিধিবর্গ। অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত সম্পন্ন হােৱা আলােচনা সভাখন ‘চিৰ চেনেহী মােৰ ভাষা জননী’ গীতেৰে আৰম্ভ হয়।
সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতিয়ে বাংলাভাষী সংগঠনসমূহে ১৭ নৱেম্বৰত পাতিব খােজা সমাৱেশৰ বিষয়টো লৈ অসমত সৃষ্টি হােৱা নেতিবাচক পৰিৱেশটোৰ কথা উত্থাপন কৰে। ব্যাখ্যা প্রসংগত ড° ৰাজবংশীয়ে অসমত ১৯৭১ চনৰ ২৫ মার্চক ভিত্তিবর্ষ হিচাপে লৈ চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কোনাে কাৰণতে যাতে বিঘ্নিত হব নােৱাৰে তাৰ প্ৰতি অসমত বসবাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকে লক্ষ্য ৰখা উচিত বুলি মন্তব্য দিয়ে।
অসম সাহিত্য সভাই ১৯৭১ চনৰ পিছত অহা কোনাে বিদেশী নাগৰিকক অসমত সংস্থাপিত হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি লগতে তেওঁ কয়—অসম সাহিত্য সভাই নাগৰিকত্ব সংশােধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্রতিবাদ সাব্যস্ত কৰি আহিছে। অসমক ভালপােৱা সকলাে জাতীয় সংগঠনে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে। গতিকে অসমৰ বাংলাভাষী নাগৰিকৰ সংগঠনসমূহেও এই ক্ষেত্ৰত অসমৰ ৰাইজৰ পক্ষত থিয় দিব লাগে। বাংলাভাষী সংগঠনসমূহৰ প্ৰস্তারিত সমাৱেশখন নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে যদি নহয় সেই কথা অসমৰ ৰাইজক স্পষ্টভাৱে জনাব লাগে। সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সৈতে একেসুৰত অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাইও অসম সাহিত্য সভাই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন হােৱাটো যিদৰে বিচাৰে সেইদৰে ১৯৭১ চনৰ পিছত অহা কোনাে বিদেশীক সংস্থাপিত হ’বলৈ নিদিয়াৰ কথা দোহাৰে।

অসমৰ বাংলাভাষী ভাৰতীয় নাগৰিকসকল অসমীয়া জাতীয় জীৱনৰ অংগ বুলি উল্লেখ কৰি কোনাে কথা, কোনাে পদক্ষেপে যাতে অসমত ভাষীক দ্বন্দ্ব সংঘাতৰ সূচনা কৰিব নােৱাৰে তাৰ বাবে সকলােৱে সচেতন ভূমিকা ল’ব লাগে বুলি মন্তব্য দিয়ে। এই ক্ষেত্ৰত এটা সম্প্রীতিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বাংলাভাষী সংগঠনসমূহে ইতিবাচক ভূমিকা গ্ৰহণ কৰা উচিত বুলি সভাৰ ফালৰ পৰা স্পষ্ট কৰা হয়।
আলােচনাত বিধায়ক শিলাদিত্য দেৱ, চি.আৰ.পি. এফ. এ. অন্যতম প্রতিনিধি স্বপন কুমাৰ মণ্ডল, সৌমেন ভাৰাতীয়া আদিয়ে বাংলাভাষী সংগঠনসমূহৰ হৈ মতামত দাঙি ধৰে। স্বপন কুমাৰ মণ্ডলে নিজৰ মতামতত স্পষ্টভাৱে কয় যে বাংলাভাষী সংগঠনসমূহেও এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্রস্তুত হােৱাটো বিচাৰিছে। ১৯৭১ চনৰ ২৫ মার্চক নাগৰিকপঞ্জীৰ ভিত্তিবর্ষ হিচাপে তেওঁলােকেও মানি লৈছে। মণ্ডলে প্রস্তাবিত সমাৱেশত নাগৰিকত্ব সংশােধনী বিধেয়কৰ সপক্ষে কোনাে কথা আলােচনা কৰাৰ পৰিকল্পনা তেওঁলােকৰ নাই বুলি মন্তব্য দিয়ে। কেৱল মৈত্রী বন্ধনৰ কাৰণহে সমাৱেশখন পাতিব খােজা হৈছিল বুলিও তেওঁ স্পষ্ট কৰে। অৱশ্যে, ১৯৭১ চনৰ পুর্বে অহা যিসকল বাংলাভাষী লোেকৰ নাম চুড়ান্ত খচৰাত বাদ পৰিছে তেওঁলােকক কিদৰে সহায় কৰিব পৰা যাব, সেই বিষয়টো আলােচনাত ঠাই পাব পাৰে বুলি তেওঁ উল্লেখ কৰে। বক্তাজনৰ মন্তব্যখিনি উপস্থিত বাংলাভাষী প্রতিনিধিসকলেও সমর্থন কৰে।
আলােচনাৰ অন্তত বৈঠকত কেইটিমান গুৰুত্বপুর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়—
(১) অসমত বসবাস কৰা ভাৰতীয় নাগৰিক, বিভিন্ন ভাষা, বিভিন্ন ধৰ্মৰ সকলাে জাতি-জনগােষ্ঠীৰ মাজত যাতে সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায়, তাৰবাবে সকলাে জাতি-জনগােষ্ঠীৰ সমাৱেশত এখন মৈত্রী সন্মিলন অনুষ্ঠিত কৰা হওক।
(২) প্রস্তাবিত সমাৱেশখনক লৈ যি ভুলবুজাবুজিৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া নােহােৱা কৰিবৰ কাৰণে বাংলাভাষী সংগঠনৰ প্রতিনিধিয়ে সকলাে জাতীয় সংগঠনৰ সৈতে আলােচনাত মিলিত হওক।
(৩) জাতীয় সংগঠনসমূহৰ সৈতে আলােচনা কৰি মৈত্রী সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হওক।
(৪) সকলােৰে সৈতে আলােচনাৰ অন্তত সকলােৰে ঐক্যমত সৌহাদ্যপূর্ণ পৰিৱেশত মৈত্রী সন্মিলন অনুষ্ঠিত কৰা হওক। কিন্তু নাগৰিকত্ব সংশােধনী বিধেয়কৰ সপক্ষত আলােচনা কৰিবৰ বাবে যে মৈত্রী সন্মিলন পতা হােৱা নাই এই কথা বাংলাভাষী সংগঠনসমূহৰ পৰা অসমৰ ৰাইজক স্পষ্টকৈ কোৱা হওক।
(৫) জাতীয় সংগঠনসমূহৰ সৈতে বিষয়টো আলােচনার্থে বাংলাভাষী সংগঠনসমূহৰ অনুৰােধত সমন্বয়ৰক্ষী সমিতিখনত অসম সাহিত্য সভাৰাে এজন প্রতিনিধি ৰখা হওক। সকলােৰে ঐক্যমততহে মৈত্রী সন্মিলন অনুষ্ঠিত কৰা হওক। ১৭ নৱেম্বৰ তাৰিখটো বাতিল কৰি অন্য এক তাৰিখ নির্ধাৰণ কৰা হওক। সন্মিলনত সকলাে ভাষা আৰু সকলাে ধৰ্মৰ তথা বিভিন্ন জাতি-জনগােষ্ঠীৰ লগতে সত্ৰাধিকাৰ সকলােৰাে উপস্থিতি নিশ্চিত কৰা হওক।

উল্লেখ্য গুৰুত্বপূৰ্ণ বৈঠকখনত বাংলাভাষী সংগঠনসমুহৰ হৈ বিধায়ক শিলাদিত্য দেৱ, জগদীশ সৰকাৰ (ই এম, বি টি চি), সুকুমাৰ বিশ্বাস, (মুখ্য উপদেষ্টা, বাঙালী যুক্ত ছাত্র ফেডাৰেছন), স্বপন কুমাৰ মণ্ডল, (চি.আৰ.পি. এফ. এ.), আলােক কুমাৰ ঘােষ, (বঙালী উন্নয়ন সমিতি), ৰবীন্দ্র বিশ্বাস, সুৰেশ চন্দ্ৰ সৰকাৰ, (সম্পাদক, বঙালী উন্নয়ন সমিতি), সকল বিশ্বাস, (সদৌ অসম বঙালী জাতীয় পৰিষদ), বাপ্পা দত্ত, (প্রাক্তন প্ৰচাৰ সম্পাদক, বঙালী টাইগাৰ ফ’ৰ্চ) ভরতােষ দেৱ নাথ, (বিশ্ব মানব কল্যাণ শান্তি সংঘ, বাউল কীর্তন সংহতি) দেৱজিৎ ডেকা, (ৰাজ্যিক সংযােজক, ৰামসেনা অসম) উত্তম কুমাৰ মণ্ডল, (স্বামী বিবেকানন্দ সমিতি) সত্যজিৎ দাসগুপ্ত, (অসম বঙালী উন্নয়ন সমিতি), কমল চৌধুৰী, (সভাপতি, সদৌ বঙালী যুৱ মঞ্চ) অজয় ভূষণ সৰকাৰ, (সাধাৰণ সম্পাদক, সদৌ অসম বঙালী যুৱ সন্থা), উৎপল সৰকাৰ, (সাধাৰণ সম্পাদক, সদৌ অসম বঙালী ছাত্র ফেডাৰেছন) সুকুমাৰ দে, সুৰেন সৰকাৰ, (সাধাৰণ সম্পাদক, সদৌ অসম বঙালী পৰিষদ) সহদেৱ দাস, (নিখিল ভাৰতীয় বঙালী সাহিত্য সন্মিলন) উত্তম চক্রবর্তী, (সভাপতি, এ.এ.বি, ৱাই, এছ, এফ), দেৱেশ সাহা, (উপ- সভাপতি, এ.এ.বি. বাই, এছ, এফ), বিধ্য ভূষণ মণ্ডল, (সাধাৰণ সম্পাদক, এ.এ.বি. ই. এছ. এফ) উপস্থিত আছিল।
সভাৰ অন্তত অসমৰ জাতীয় জীৱনৰ হকে আৰু অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্রীতি ৰক্ষাৰ কাৰণে সকলােকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ অসম সাহিত্য সভাই আহ্বান জনায়। বাংলাভাষী সংগঠনসমুহে সেই আহ্বানৰ প্রতি সঁহাৰি জ্ঞাপন কৰি তেওঁলােক সদায় অসমীয়া জাতিৰ অংগ হৈ থাকিব বুলি স্পষ্ট কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি