Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:16 pm

Home » আঞ্চলিক » ৰাজ্যজুৰি সৰ্বাত্মক বন্ধ

ৰাজ্যজুৰি সৰ্বাত্মক বন্ধ

গুৱাহাটী : ৬০টা সংগঠনে আহ্বান দিয়া অসম বন্ধৰ সময়ত খোদ দিছপুৰত উপস্থিত নাছিল অধিকাংশ বিষয়া-কৰ্মচাৰী। আনকি এই খোলা দিনটোত সোণোৱাল মন্ত্ৰীসভাৰ দুই-এজন মন্ত্ৰীক বাদ দি সৰহ সংখ্যক মন্ত্ৰীয়ে কাৰ্যালয়ত অনুপস্থিত আছিল। অৱশ্যে মন্ত্ৰী সকলৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে হামিয়াই-হিকটিয়াই পাৰ কৰিছিল সময়। সচিবালয়ত একাংশ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, বন্ধৰ বাবেই কাৰ্যালয়লৈ অহাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বিষয়া-কৰ্মচাৰীসকল।
ইফালে, চৰকাৰী বিষয়া-কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিব দি সতৰ্ক কৰি দি ইখনৰ পাছত সিখন জাননী জাৰি কৰিছিল দিছপুৰে। সেই জাননী আৰু নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছিল যে- কাৰ্যালয়ত উপস্থিত নাথাকিলে অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীৰ দিনটোৰ দৰমহা কৰ্তন কৰা হ’ব। মঙলবাৰে চৰকাৰী এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বেছি সংখ্যক বিষয়া-কৰ্মচাৰীয়ে উপস্থিত নাথাকিল কাৰ্যালয়ত। দৰমহা কৰ্তন আৰু চাকৰি যোৱা ভয়ত কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত থাকিব বুলি ভবা হৈছিল যদিও, সেই নিৰ্দেশলৈ কেৰেপেই নকৰিলে খোদ চৰকাৰী কৰ্মচাৰীয়ে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিয়া বন্ধৰ প্ৰতি সমৰ্থন জনাই এইদৰে ৰাজ্যৰ লাখ লাখ বিষয়া কৰ্মচাৰী অনুপস্থিত থকাৰ লগতে চৰকাৰে ব্যৱসায়ীসকলক ট্ৰেড লাইচেন্স কৰ্তন কৰিম বুলি দিয়া নিৰ্দেশো জাৰি কৰিছিল যদিও, সেই নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱালে ব্যৱসায়ীসকলে। উত্তৰ-পূবৰ প্ৰাণ কেন্দ্ৰ ফাচীবজাৰতে বন্ধ থাকিল প্ৰায় সকলো দোকান-পোহাৰ। বন্ধৰ প্ৰভাৱ কিমান আছিল সেয়া ফাচী বজাৰৰ ব্যৱসায়ী বন্ধলৈ জনোৱা সঁহাৰিয়ে প্ৰমাণ।
সকলোৰে মুখত এতিয়া এটাই কথা- অভূতপূৰ্ব আছিল এই অসম বন্ধ। লক্ষণীয় কথাটো হ’ল- হাইলাকান্দি আৰু কৰিমগঞ্জতো এই বন্ধৰ প্ৰভাৱ আছিল যথেষ্ট। বৰাকৰ এই দুই জিলাত বন্ধৰ এই প্ৰভাৱে প্ৰমাণ কৰে যে, সংগ্ৰামী শিবিৰৰ ভেটি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে নহয়, বৰাক উপত্যকাতো আছো।
অসম আন্দোলনৰ পাছত প্ৰথমবাৰৰ বাবে এনে সৰ্বাত্মক বন্ধ দেখা পালে ৰাইজে। আনহাতে এই বন্ধৰ পৰা কোটি টকা আয় হ’ল ৰাজ্য চৰকাৰৰ। গৰিষ্ঠসংখ্যক বিষয়া কৰ্মচাৰীয়ে বন্ধৰ সময়ত উপস্থিত নথকাত চৰকাৰে পূৰ্বতে দিয়া নিৰ্দেশনা অনুসৰি কৰ্তন কৰিব পাৰিব তেওঁলোকৰ দৰমহা। সেই অনুসৰি এই বন্ধৰ পাছত ৰাজ্য চৰকাৰৰ দৰমহাৰ বাবদ ব্যয় কৰিবলগা এই ধন ৰাজভঁৰালত থাকি যাব। সেয়া হ’লে নিশ্চিতভাৱে ক’ব পাৰি- এই অসম বন্ধৰ পৰা আয় হ’ল ৰাজ্য চৰকাৰৰ কোটি কোটি টকা।
ইফালে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এনে কঠোৰ নীতিৰ বাবেই এই বন্ধ সফল হোৱা বুলি সৰ্বত্ৰে আলোচনা হৈছে। চৰকাৰে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল, সেই কঠোৰ স্থিতিক প্ৰত্যাহ্বান জনালে সৰ্বসাধাৰণে। এতিয়া প্ৰশ্ন হয়- কোনে দিলে মুখ্যমন্ত্ৰীক জাতিৰ প্ৰতি ভাবুকি অহা এনে এক বিষয়ক লৈ বন্ধৰ আহ্বান দিয়া সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰি নিজকে জাতীয় নায়কৰ পৰা খলনায়ক সজোৱাৰ পৰামৰ্শ? মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা ঘনিষ্ঠ কোনো মন্ত্ৰী নে গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ পৰামৰ্শ মতেই ভৰিত কুঠাৰ মৰা এই কাম কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি