Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:53 am

Home » ক্ৰীড়া » ২০১৯ৰ সাধাৰণ নির্বাচনত বিজেপিৰ প্রার্থী হ’ব ধোনি-গম্ভীৰ

২০১৯ৰ সাধাৰণ নির্বাচনত বিজেপিৰ প্রার্থী হ’ব ধোনি-গম্ভীৰ


নতুন দিল্লী :  অহা বছৰ হ’ব লগা সাধাৰণ নির্বাচনত ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনি আৰু গৌতম গম্ভীৰে বিজেপিৰ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে কবিৰ পৰা ৰাজনীতিক হোৱা কুমাৰ বিশ্বাসেও বিজেপিৰ টিকটত লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে৷ নতুন দিল্লী সংসদীয় সমষ্টিৰ বর্তমানৰ সাংসদ মীনাক্ষি লেখিক লৈ বিজেপি সন্তুষ্ট নহয় আৰু সেয়েহে তেওঁৰ স্থানত সমষ্টিটোত দলটোৱে গম্ভীৰক প্রার্থিত্ব দিব পাৰে৷ গম্ভীৰ দিল্লী সংসদীয় সমষ্টিৰ অন্তর্গত ৰাজেন্দ্র নগৰৰ বাসিন্দা৷ ‘দ্য ছানডে গার্ডিয়ান’ নামৰ বাতৰি কাকতখনে বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ উদ্ধৃতি দি এই বাতৰি প্রকাশ কৰিছে৷
বিজেপিৰ নেতাজনে বাতৰি কাকতখনক এইবুলি কয় যে নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা পোৱা তথ্য অনুসৰি বর্তমানৰ সাংসদ মীনাক্ষি লেখিৰ কাম-কাজ সন্তোষজনক নহয়৷ সংসদীয় সমষ্টিটোৰ লোকসকল তেওঁক লৈ সন্তুষ্ট নহয়, সেয়েহে দলীয় নেতৃত্বই এইবুলি সিদ্ধান্ত লৈছে যে এইবাৰৰ লোক সভাৰ নির্বাচনত তেওঁক পুনৰ সুযোগ দিয়া নহয়৷ বিজেপিৰ নেতাজনে লগতে কয় যে গৌতম গম্ভীৰ যথেষ্ট জনপ্রিয় ব্যক্তি৷ তেওঁ এই সমষ্টিটোত বিজেপিৰ প্রার্থী হ’ব৷ তেওঁক বৃহত্‍ সংখ্যক লোকে পচন্দ কৰে আৰু সমাজকর্মী হিচাপেও তেওঁৰ এক সুনাম আছে৷ তেওঁ দিল্লীতে থাকে আৰু দিল্লীৰ জনসাধাৰণৰ বাবে তেওঁ আটাইতকৈ ভাল কাম কৰিব৷ নেতাজনে লগতে এইটোও নিশ্চিত কৰে যে তেওঁৰ দলে মহেন্দ্র সিং ধোনিক বিজেপিত চামিল কৰোৱা আৰু ঝাড়খণ্ডৰ যিকোনো এটা সমষ্টিত প্রার্থী ৰূপে থিয় কৰোৱাৰ বাবে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়কজনৰ সৈতে কথা পাতি আছে৷ তদুপৰি দলে ধোনি তথা গম্ভীৰক নির্বাচনত তাৰকা প্রচাৰক ৰূপে দায়িত্ব দিয়াৰ কথাও চিন্তা কৰি আছে বুলি নেতাজনে প্রকাশ কৰে৷
বিজেপিৰ জ্যেষ্ঠ নেতাজনে লগতে এইবুলি কয়, ‘সমগ্র দেশৰে সকলো শ্রেণীৰ লোকে দুয়োজন খেলুৱৈক সন্মান কৰে৷ তেওঁলোকৰ প্রতি আস্থা আছে৷ তেওঁলোক গ্রহণযোগ্য৷ তেওঁ কেৱল নিজৰ ৰাজ্যখনৰে নেতা নহয়, বৰং দেশৰো নেতা৷ ধোনি আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছৰ অধিনায়কো আৰু সেয়েহে দক্ষিণৰ ৰাজ্যসমূহতো তেওঁ জনপ্রিয়৷ দলত যোগ দিব লগা দুয়োজন খেলুৱৈয়ে আমাৰ বাবে গুৰুত্বপূর্ণ৷ বাতৰি কাকতখনে লগতে প্রকাশ কৰা অনুসৰি বিজেপিৰ আন এজন নেতাই এইবুলি কয় যে দিল্লীত শাসনত থকা আম আদমি পার্টিৰ (আপ) প্রতিষ্ঠাপক নেতা কুমাৰ বিশ্বাসেও বিজেপিত যোগ দিয়াৰ বাবে দলটোৰ নেতাসকলৰ সৈতে যোগাযোগ কৰি আছে৷ তেওঁ উত্তৰ প্রদেশৰ গাজিয়াবাদ সমষ্টিত বিজেপিৰ প্রার্থী হোৱাৰ সম্ভাৱনা আছে৷ বর্তমান এই সমষ্টিটোক প্রতিনিধিত্ব কৰিছে বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যিক পর্যায়ৰ মন্ত্রী জেনেৰেল (অৱসৰপ্রাপ্ত) ভি কে সিঙে৷ তেওঁ এইবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ ইচছা প্রকাশ কৰিছে৷ তেওঁ সাধাৰণ নির্বাচনৰ আগে আগে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি নেতাজনে প্রকাশ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি