Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:08 am

Home » আঞ্চলিক » অসম বন্ধ বিফল কৰিবলৈ বৰপেটাৰোডত বিজেপি নেতা-কৰ্মীৰ গুণ্ডাগিৰি : নাক বচোৱাৰ অপচেষ্টা ৰঞ্জিৎ দাসৰ

অসম বন্ধ বিফল কৰিবলৈ বৰপেটাৰোডত বিজেপি নেতা-কৰ্মীৰ গুণ্ডাগিৰি : নাক বচোৱাৰ অপচেষ্টা ৰঞ্জিৎ দাসৰ

জাতি ধ্বংসৰ নেতৃত্বত সৰভোগৰ বিধায়কৰ স্থিতিত লজ্জানত সমষ্টিবাসী

বৰপেটাৰোড : ৬০ টা সংগঠেন আহ্বান জনোৱা অসম বন্ধ বিফল কৰাৰ বাবে বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডত ব্যৱসায়ীৰ লগত বিজেপিৰ ভাষিক সংখ্যালঘু নেতা-কৰ্মীয়ে তৰ্কত লিপ্ত হোৱাৰ লগতে ট্ৰেড লাইছেঞ্চ কৰ্তন কৰাৰ ভাবুকিৰে একাংশ দোকান খুলিবলৈ বাধ্য কৰায়। স্বয়ং বৰপেটাৰোড পৌৰসভাৰ পৌৰপতিয়ে এনেদৰে ব্যৱসায়ীসকলক বাধ্য কৰোৱাৰো অভিযোগ উত্থাপন হয়। এই ঘটনাৰ বাবে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসম বন্ধৰ বিৰুদ্ধে স্থিতি লোৱা ব্যৱসায়ীসকলৰ পৰা অনাগত সময়ত কোনো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীসকলে সামগ্ৰী ক্ৰয় নকৰে বুলি ব্যাপক চৰ্চা অব্যাহত আছে। জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ প্ৰতিবাদৰ বিৰোধীতাৰে স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে বিজেপি কৰ্মীক হাতে-কামে লগাই ব্যৱসায়ীসকলক ভয়-ভাবুকিৰে দোকান খোলা কাণ্ডই সৰভোগবাসী ৰাইজক লজ্জানত কৰিলে বুলি সমষ্টিটোত ব্যাপক চৰ্চা লাভকৰিছে।
উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যখনৰ ৬০ টা সংগঠনে আজি ৰাতিপুৱা ৫ বজাৰ পৰা অসম বন্ধৰ সমৰ্থনত বৰপেটাৰোড খৈৰাবাৰী, কাটাঝাৰ, খাৰিজা-বিজনী¸ গোৱৰ্ধনা¸ মৈৰাঝাৰ আদি সমগ্ৰ অঞ্চলত সৰ্বাত্মক প্ৰভাব পৰাৰ সমান্তৰালকৈ বৰপেটাৰোড-মানাহ সংযোগী পথত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
আজি পুৱাৰ ভাগৰে পৰা উত্তৰ বৰপেটাৰোডৰ প্ৰায় সকলো দোকান-পোহাৰৰ লগতে গাড়ী-মটৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকে। দক্ষিণ বৰপেটাৰোডতো বন্ধৰ প্ৰভাৱ পৰিছে যদিও বিজেপি ৰাজ্যিক সভাপতিৰ নাক বচোৱাৰ স্বাৰ্থত উদ্ভণ্ডালীৰে একাংশ ব্যৱসায় প্ৰতিষ্ঠান খোলাইছে। অনুজ্ঞাপত্ৰ আৰু বিজেপি কৰ্মী¸ পৌৰ সভাৰ সন্ত্ৰাসৰ বলি হৈ দোকান খোলা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা বন্ধ সমৰ্থকে অনাগত সময়ত সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্তৰ বাবে শলঠেকত পৰিছে ব্যৱসায়ীসকলে। মন কৰিবলগীয়া যে বিজেপি কৰ্মী আতৰি যোৱাৰ পিছত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান পুনৰায় বন্ধ কৰি ৰখা পৰিলক্ষিত হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি