Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:29 am

Home » আঞ্চলিক » ২৩ অক্টোবৰত সর্বাত্মক অসম বন্ধ ঘােষণা

২৩ অক্টোবৰত সর্বাত্মক অসম বন্ধ ঘােষণা

# ৪৬ টা জাতীয় জনগােষ্ঠীয় সংগঠনৰ যৌথ বৈঠক
# কোনােপধ্যেই নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত কৰিবলৈ দিয়া নহ’ব
# ১৭ নৱেম্বৰৰ বাঙালী সংগঠনসমূহৰ সমাবেশ বাতিল কৰাবলৈ অসম চৰকাৰক ১ নৱেম্বৰলৈ সময়সীমা প্রদান অন্যথা ১৬ নৱেম্বৰৰ পৰা সর্বাত্মক প্রতিবােধ

গুৱাহাটী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত ৪৬ টা জাতীয় আৰুজনগােষ্ঠীয় সংগঠনে যৌথ বৈঠক অনুষ্ঠিত কৰিনাগৰিকত্ব সংশােধনী বিধেয়কৰ কঠোৰ আন্দোলনৰ কার্যসূচী ঘােষণা কৰিছে। অসমৰ থলুৱা জাতি-জনগােষ্ঠী আৰু সামগ্রিকভাৱে অসমীয়া জাতিৰ বাবে সংকট নমাই আনিবপৰা নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিল দাবীত আজি জাতীয় জনগােষ্ঠীয় সংগঠনসমূহৰ যৌথ বৈঠকে অহা ২৩ অক্টোবৰত সর্বাত্মক অসম বন্ধৰ কাৰ্যসূচী ঘােষণা কৰিছে।
২৩ অক্টোবৰ তাৰিখৰ দিনা নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিয়ে ভাৰত চৰকাৰৰ কেইবাটাও বিভাগৰ মূৰব্বীসকলৰ লগত বহি নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। পূৰ্বতে যুটীয়া সংসদীয় সমিতিয়ে ঘােষণা কৰিছিল যে তেওঁলােকে নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ পূর্বে অসমলৈ পুনৰ আহিঅসমবাসী ৰাইজৰ মতামত গ্রহণ কৰিব। কিন্তু যুটীয়া সংসদীয় সমিতিয়ে এই প্রতিশ্রুতি ভংগ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় কার্যনির্বাহকত গৃহীত প্রস্তাৱ অনুসৰিয়েই সংসদৰ শীতকালিন অধিবেশনত বিধেয়কখন উত্থাপন কৰিব পৰাকৈ অহা ২৩ অক্টোবৰত চূড়ান্ত সিদ্ধান্ত গ্রহণৰ বাবে আগবাঢ়ি গৈছে।
যুটীয়া সংসদীয় সমিতিয়ে অসমীয়া জনগণক বিশ্বাসঘাতকতা কৰা বুলি অনুভৱ কৰি আৰু নাগৰিকত্ব সংশােধনী বিধেয়ক কোনােপধ্যেই সংসদত উত্থাপন নকৰিবলৈ আৰু বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাই অহা ২৩ অক্টোবৰত এই সর্বাত্মক অসম বন্ধৰ কাৰ্যসূচী ঘােষণা কৰিছে। আজি অসমৰ প্রায় প্রতিটো জাতি-জনগােষ্ঠীৰ জাতীয় সংগঠনসমূহ গুৱাহাটী অলংকাৰ হােটেলৰ সভাগৃহত সমবেত হৈ অহা ১৭ নৱেম্বৰ তাৰিখে অসমৰ কেইবাটাও বাঙালী সংগঠনে নাগৰিকত্ব সংশােধনী বিধেয়কৰ পক্ষত আয়ােজন কৰা গণ সমাবেশ বাতিল কৰিবলৈ দাবী জনায়। ১৭ নৱেম্বৰৰ প্রস্তাৱিত গণ সমাবেশে অসমীয়া জাতিক উত্তেজিত কৰিব, অসমৰ কৌটিকলীয়া সম্প্রীতি ধ্বংস কৰিব আৰু অসমত সাম্প্রদায়িক সংঘাত সৃষ্টি কৰিব বুলি সন্দেহকৰা প্ৰকাশ কৰি নাগৰিকত্ব সংশােধনী বিধেয়কৰ পক্ষত বাঙালীত সংগঠনসমূহে আয়ােজন কৰা গণ সমাবেশ বাতিল কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।
এই গণ সমাবেশ পাতিবলৈ কোনােপধ্যেই অনুমতি দিব নালাগে বুলি দাবী জনাই অসমৰ জাতীয় আৰু জনগােষ্ঠীয় সংগঠনসমূহে ঘােষণা কৰে যে যদিহে জাতিধ্বংসী সমাবেশ অনুষ্ঠিত কৰিব খােজে তেন্তে অসমৰ সকলাে দল-সংগঠনে ঐক্যবদ্ধ হৈ এই গণ সমাবেশৰ বিৰুদ্ধে সর্বাত্মক প্রতিৰােধ গঢ়ি তুলিব। আজিৰ সংগঠনসমূহৰ যৌথ বৈঠকত প্রস্তাৱ গ্ৰহণ কৰা হয় যে অসম চৰকাৰে অহা ১ নৱেম্বৰৰ ভিতৰত বাঙালী সংগঠনসমূহৰ প্রস্তাৱিত গণ সমাবেশখন বন্ধ কৰিব বুলি ৰাজহুৱাকৈ জনাব লাগিব।
যদিহে ১ নৱেম্বৰৰ ভিতৰত অসম চৰকাৰে অসমীয়া জাতিৰ মাজত সংঘর্ষ লগাব পৰা এই প্রস্তাৱিত গণ সমাবেশখন বাতিলৰ কথা ঘােষণা নকৰে তেন্তে অহা ১৬ নৱেম্বৰৰ পৰা অসমত সর্বাত্মক প্রতিৰােধী কার্যসূচী গঢ়ি তােলা হ’ব। সকলাে ৰেল যােগাযােগ, স্থল যােগাযােগ, জল যােগাযােগ, বন্ধ কৰি দিবলৈ আৰু প্রশাসন সম্পূৰ্ণৰূপে অচল কৰি দিবলৈ অসমৰ জাতীয় সংগঠনসমূহ বাধ্য হ’ব। আজিৰ সভাত অসমৰ সকলাে ৰাজনৈতিক দলক নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনােৱা হৈছে।
সকলাে ৰাজনৈতিক দলেই সুবিধাবাদী স্থিতি পৰিত্যাগ কৰি নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত স্পষ্ট সিদ্ধান্ত অসমবাসী ৰাইজক জনাব লাগিব বুলিও আজিৰ বৈঠকত প্রস্তাৱ গ্ৰহণ কৰা হয়। অহা ২৩ অক্টোবৰৰ বন্ধৰ কাৰ্যসূচীৰ পৰা সংবাদ মাধ্যম, চিকিৎসা সেৱা, পানী যােগান, গাখীৰ যােগান,পৰীক্ষাকে ধৰি জৰুৰীকালিন সেৱাসমূহক ৰেহাই দিয়া হৈছে বুলি এক সংবাদ মেলৰ জৰিয়তে ৪৪ টা জাতীয় আৰু জনগােষ্ঠীয় সংগঠনে ঘােষণা কৰে।
আজি বিয়লি ৩ বজাত অনুষ্ঠিত সংবাদ মেলত জাতীয় সংগঠনসমূহে ঘােষণা কৰে যে অনিশ্চাসত্ত্বেও আজি জাতীয় সংগঠনসমূহে সমাজৰ নেতিবাচক প্রভাৱ পেলােৱা অসম বন্ধ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ জাতিধ্বংসীনাগৰিকত্ব সংশােধনী বিধেয়কখন অসমবাসীৰ ওপৰত জাপি দিবলৈ কৰা ষড়যন্ত্র আৰু বিধেয়কখন সন্দৰ্ভত অসমৰ বিভিন্ন সম্প্রদায়ৰ মাজত সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ কাৰণেই এনে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিবলগীয়া হ’ল।
সকলাে অসমবাসীকে ২৩ অক্টোবৰৰ অসম বন্ধ কার্যসূচী সর্বাত্মক কৰিবলৈ আহ্বান জনায়। সেইদিনাই অসমীয়া জাতিয়ে নিজৰ ঐক্যবদ্ধ অৱস্থানৰ কথা স্পষ্টকৰিব লাগিব বুলি অসমৰ জাতীয় সংগঠনসমূহে কয়। আজি সংগঠনসমূহৰ যৌথ বৈঠকত উপস্থিত থকা জাতীয়-জনগােষ্ঠীয় সংগঠনসমূহক্রমে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি, সদৌ টাই আহােম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ ডিমাছা ছাত্ৰ সন্থা, সদৌ ভাৰত কার্বি ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, কোচ ৰাজবংশী সংগ্রামী পৰিষদ, টাই আহােম যুৱ পৰিষদ, আহােম জাতীয় গণমঞ্চ, নাগৰিকত্ব আইন সংশােধনী বিৰােধী মঞ্চ, সদৌ অসম গৰিয়া পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, অনুসূচিত জাতি যুৱ পৰিষদ, অসম প্রেমী যুৱ-ছাত্র সমাজ, আহােম সেনা, অবড়াে সুৰক্ষা সমিতি, টাই আহােম মহিলা পৰিষদ, অসম জাতীয় মহিলা পৰিষদ, নাৰী মুক্তি সংগ্রাম সমিতি, সদৌ কলিতা ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, যুজাঁৰু- The Fighters, স্বৰাজ অসম, সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, মদ মুক্ত অসম দাবী সমিতি সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম আইন ছাত্ৰ সন্থা, চাহ শ্রমিক মুক্তি সংগ্রাম সমিতি, বাঘ সেনা, সদৌ অসম মিঞা পৰিষদ, টাই আহােম য়ুথ ফ’ৰাম, ছাত্র মুক্তি সংগ্রাম সমিতি, অসম সংখ্যালঘু সংগ্রামী পৰিষদ, চিলাৰায় সেনা, সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থা, জাতীয় সেনা, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু), সদৌ অসম উন্নয়ণ পৰিষদ আদি।
আজিৰ সংবাদমেলত বক্তব্য প্রদান কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হৈ সভাপতি পুতুল দত্ত, সম্পাদক পলাশ চাংমাই, সদৌ তাই আহােম ছাত্র সন্থাৰ সভাপতি লিটুল বুঢ়াগােহাঁই, ড° হীৰেন গােহাঁই নেতৃত্বাধীন নাগৰিকত্ব আইন সংশােধনী বিৰােধী মঞ্চৰ হৈ কার্যকৰী সদস্য দেবেন তামুলী, সদৌ মৰান ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতীয়া,সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰি, সদৌ ভাৰত কার্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্রম হান্সে, সদৌ অসম মটক সন্মিলনৰ সহকাৰী সম্পাদক কিৰণ ৰাঁজখােৱা, সদৌ তাই আহােম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লােহিত গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সচিব প্রধান প্রণৱজ্যোতি সন্দিকৈ, সদৌ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰ্মানন্দ দাস, অনুসূচীত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাস, যুঁজাৰু-The Fighters ৰ সভাপতি জোনমণি দেৱী খাউণ্ড আদিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি