Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:20 am

Home » ক্ৰীড়া » গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৮ উইকেটত বিজয় ভাৰতৰ

গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৮ উইকেটত বিজয় ভাৰতৰ


গুৱাহাটী : টীম ইণ্ডিয়াৰ এক ঐতিহাসিক জয়ৰ সাক্ষী হৈ ৰ’ল গুৱাহাটীবাসী। ইয়াৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ঘৰুৱা দলটোৱে ৮ উইকেটত বিজয় সাব্যস্ত কৰে।
৩২৩ ৰানৰ বিজয় লক্ষ্য আগত লৈ অধিনায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰ্শনীয় শতকৰ সহায়ত ৪৭ টা বল বাকী থকা অৱস্থাতে সেয়া অতিক্ৰম কৰে ভাৰতীয় দলটোৱে। অপেনাৰ ৰোহিতে ১১৭ টা বলত অপৰাজিত ১৫২ ৰান আৰু কোহলিয়ে ১০৭ টা বলত ১৪০ ৰানৰ অনবদ্য ইনিংছ উপহাৰ দিয়ে।
আজিৰ খেলখনত ৰোহিতে এদিনীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ ২০ সংখ্যক শতক অৰ্জন কৰাৰ লগতে অধিনায়ক কোহলিৰ এয়া আছিল কেৰিয়াৰৰ ৩৬ সংখ্যক শতক। অপেনাৰ শিখৰ ধাৱানে আজি মাত্ৰ ৪ ৰানতে পেভিলিয়নমুখী হয়। আনজন বেটছমেন অম্বাতি ৰায়াডুৱে ২২ ৰানৰ বৰঙণি আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ অ’ থমাছ আৰু দেৱেন্দ্ৰ বিশ্বু প্ৰত্যেকে দখল কৰে এটাকৈ উইকেট।
উল্লেখ্য যে টছত পৰাস্ত হৈ বেটিঙৰ আমন্ত্ৰণ লাভ কৰা আলহী দলটোৱে নিৰ্ধাৰিত ৫০ আভাৰত ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩২২ ৰান। দলৰ হৈ ছিমৰন হেটমাৰে ১০৬ ৰানৰ শতকীয় ইনিংছ স্ক’ৰ কৰাৰ লগতে অপেনাৰ কাইৰন পোলাৰ্ডে ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ যুজৱেন্দ্ৰ চহলে সৰ্বাধিক ৩টা, মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাডেজা প্ৰত্যেকে ২টা আৰু খলিল আহমেদে দখল কৰে এটাকৈ উইকেট।
অধিনায়কোচিত শতকীয় ইনিংছেৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিৰাট কোহলিক প্ৰদান কৰা হয় মেন অব দ্য মেচৰ সন্মান। ইফালে আজিৰ এই জয়েৰে ৫খন মেচৰ এদিনীয়া শৃংখলাটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে কোহলি বাহিনীয়ে।
আজিৰ খেলখনত ভাৰতৰ দলটোৰ দুজনকৈ তাৰকা বেটছমেনৰ বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰে সমৃদ্ধ শতকীয় ইনিংছ দৰ্শন কৰিবলৈ পাই আপ্লুত হৈ পৰে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীসকল। আনহাতে টেষ্টত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিলেও কেৰিবিয়ান দলটোৱেও আজি যথেষ্ট ভাল খেল উপহাৰ দিয়াত সন্তুষ্ট হৈ পৰিছে ষ্টেডিয়ামত খেল উপভোগ কৰা প্ৰতিজন দৰ্শকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি