২৩ অক্টোবৰত সর্বাত্মক অসম বন্ধ ঘােষণা

# ৪৬ টা জাতীয় জনগােষ্ঠীয় সংগঠনৰ যৌথ বৈঠক # কোনােপধ্যেই নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত কৰিবলৈ দিয়া নহ’ব # ১৭ নৱেম্বৰৰ বাঙালী সংগঠনসমূহৰ সমাবেশ বাতিল কৰাবলৈ অসম চৰকাৰক ১ নৱেম্বৰলৈ সময়সীমা প্রদান অন্যথা ১৬ নৱেম্বৰৰ পৰা সর্বাত্মক প্রতিবােধ গুৱাহাটী : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত ৪৬ টা জাতীয় আৰুজনগােষ্ঠীয় সংগঠনে যৌথ বৈঠক অনুষ্ঠিত কৰিনাগৰিকত্ব সংশােধনী বিধেয়কৰ কঠোৰ আন্দোলনৰ কার্যসূচী ঘােষণা কৰিছে। অসমৰ থলুৱা জাতি-জনগােষ্ঠী আৰু সামগ্রিকভাৱে অসমীয়া জাতিৰ বাবে সংকট নমাই আনিবপৰা নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিল দাবীত আজি জাতীয় জনগােষ্ঠীয় সংগঠনসমূহৰ যৌথ বৈঠকে অহা ২৩ অক্টোবৰত সর্বাত্মক অসম বন্ধৰ কাৰ্যসূচী ঘােষণা কৰিছে। ২৩ অক্টোবৰ তাৰিখৰ দিনা নাগৰিকত্ব সংশােধনী বিধেয়ক সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিয়ে ভাৰত

গুৱাহাটীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৮ উইকেটত বিজয় ভাৰতৰ

গুৱাহাটী : টীম ইণ্ডিয়াৰ এক ঐতিহাসিক জয়ৰ সাক্ষী হৈ ৰ’ল গুৱাহাটীবাসী। ইয়াৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ঘৰুৱা দলটোৱে ৮ উইকেটত বিজয় সাব্যস্ত কৰে। ৩২৩ ৰানৰ বিজয় লক্ষ্য আগত লৈ অধিনায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰ্শনীয় শতকৰ সহায়ত ৪৭ টা বল বাকী থকা অৱস্থাতে সেয়া অতিক্ৰম কৰে ভাৰতীয় দলটোৱে। অপেনাৰ ৰোহিতে ১১৭ টা বলত অপৰাজিত ১৫২ ৰান আৰু কোহলিয়ে ১০৭ টা বলত ১৪০ ৰানৰ অনবদ্য ইনিংছ উপহাৰ দিয়ে। আজিৰ খেলখনত ৰোহিতে এদিনীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ ২০ সংখ্যক শতক অৰ্জন কৰাৰ লগতে অধিনায়ক কোহলিৰ এয়া আছিল কেৰিয়াৰৰ ৩৬ সংখ্যক শতক। অপেনাৰ শিখৰ ধাৱানে আজি মাত্ৰ ৪ ৰানতে পেভিলিয়নমুখী হয়। আনজন বেটছমেন অম্বাতি ৰায়াডুৱে ২২

চুমাৰ বিনিময়ত গান! ‘ইণ্ডিয়ান আইডল-১০’ৰ পৰা বহিস্কৃত অনু মালিক

মুম্বাই : বলীউডৰ সংগীতকাৰ অনু মালিকৰ বিৰুদ্ধে পুনৰ এবাৰ উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ৷ #MeToo অভিযানৰ জৰিয়তে গায়িকা চোনা মহাপাত্ৰই অনু মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ প্ৰসিদ্ধ সংগীতকাৰগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে আন এগৰাকী জনপ্ৰিয় গায়িকা শ্বেতা পণ্ডিতে৷ অনু মালিকে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খাৰিজ কৰিছে যদিও ইয়াৰ পিছতো সমস্যাৰ পৰা মুক্ত হ’ব পৰা নাই অনু মালিক৷ শেহতিয়াকৈ সংগীতকাৰগৰাকীয়ে ছ’নী টিভিত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল-১০’ৰ বিচাৰকৰ আসন ত্যাগ কৰিব লাগিব বুলি খবৰ প্ৰচাৰ হৈছে৷ জানিব পৰা মতে, সংগীতকাৰগৰাকীৰ বিৰুদ্ধে দুটাকৈ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ছ’নী টিভি আৰু শ্ব’ নিৰ্মাতাই অনু মালিকক বিচাৰক হিচাপে ল’বলৈ অস্বীকাৰ কৰিছে৷ ইফালে, সোমবাৰৰ পৰা অনু

বাঙালী সংগঠনৰ অভিৱৰ্তনৰ বিৰোধিতা খিলঞ্জীয়া মঞ্চ অসমৰ

গুৱাহাটী : ১৭ নবেম্বৰৰ বাঙালী সংগঠনৰ অভিৱৰ্তনক লৈ হুংকাৰ খিলঞ্জীয়া মঞ্চ অসমৰ। কোনো কাৰণতে সেই অভিৱৰ্তন পাতিবলৈ দিয়া নহ’ব বুলি আজি গুৱাহাটীত সংগঠিত হ’ল ২১টা সংগঠনৰ বিষয়ববীয়া। যিসকলে এই অভিৱৰ্তনত অংশ লয় আৰু তাক এঘৰীয়া কৰা হ’ব আৰু প্ৰয়োজন হলে শাৰীৰিক প্ৰহাৰ কৰিবলৈ বাধ্য হ’ব। তেওঁলোকৰ গুৰুতৰ অভিযোগ— কেন্দ্ৰ আৰু আৰএছএছ-এ চলাই আছে অসম চৰকাৰ। অসম চৰকাৰে বাঙালী সংগঠনসমূহক সংগঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থিয় দিয়াব খুজিছে৷ লগতে ৪৬টা সংগঠনৰ ২৩ অক্টোবৰৰ অসম বন্ধলৈ সমৰ্থন খিলঞ্জীয়া মঞ্চ অসমে। ইপিনে জেপিচিক সোমবাৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব খিলঞ্জীয়া মঞ্চই। ইয়াৰ উপৰিও শীতকালীন অধিৱেশনৰ পূৰ্বে নতুন দিল্লীত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব খিলঞ্জীয়া মঞ্চই। তেওঁলোকৰ দাবী অসম চৰকাৰে এনে সভা সমিতি