Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:24 am

Home » আঞ্চলিক » বাতৰি প্ৰকাশক লৈ ভাবুকি দুৰ্নীতিগ্ৰস্থ অভিযন্তাৰ : থানাত গোচৰ

বাতৰি প্ৰকাশক লৈ ভাবুকি দুৰ্নীতিগ্ৰস্থ অভিযন্তাৰ : থানাত গোচৰ

গুৱাহাটী : আপোচহীনভাৱে অন্যায়-দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি নিৰলস প্ৰচেষ্টাৰে গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ থকা ‘নতুন প্রতিবিম্ব’ কাকতৰ কৰ্তৃপক্ষক দুৰ্নীতিগ্ৰস্থ বিষয়া-অভিযন্তাই দাবী-ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে সাংবাদিক তফিক উদ্দিন আহমেদৰ দ্বাৰা সম্পাদিত ‘নতুন প্ৰতিবিম্ব’ কাকতখনত জলসিঞ্চন বিভাগৰ হােজাই সংমণ্ডলৰ তদানীন্তন কাৰ্যবাহী অভিযন্তা তথা বর্তমান তেজপুৰ জলসিঞ্চনৰ অধীক্ষক-অভিযন্তাৰ দায়িত্বত থকা সঞ্জয় মহন্তৰ ব্যাপক লুণ্ঠনৰ বিষয়ে ধাৰাবাহিকভাৱে বাতৰি প্রকাশ হৈ আহিছে। এই সন্দৰ্ভত অভিযন্তা সঞ্জয় মহন্তই কাকতখনৰ কাৰ্যালয়ত লিখিতৰূপত ভাবুকি প্ৰদান কৰে। দুৰ্নীতিগ্ৰস্থ অভিযন্তাগৰাকীয়ে বিভিন্ন প্ৰকাৰে ভাবুকি দিয়াৰ লগতে কার্যালয়লৈ বিভিন্ন অচিনাকি মানুহ পঠিয়াই হাৰাশান্তি কৰি আহিছে বুলি জানিব পৰা গৈছে।
বিভিন্ন দুর্নীতিৰে নামে-বেনামে সম্পত্তি আহৰণ কৰা সঞ্জয় মহন্তৰ দুর্নীতি উদঙাই দিয়াৰ বাবেই কাকতখনলৈ ভাবুকি প্ৰদান কৰি আহিছে বুলি দাবী কৰি সম্পাদক তফিক উদ্দিন আহমেদে কয়— কোনো ভয় ভাবুকিৰে এই কলম স্তব্ধ কৰিব নোৱাৰে৷ বিগত দুটামান মাহত কাকতখনত প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সংবাদমেল পাতি তেও দুৰ্নীতি কৰা নাই বুলি অন্য কাকতত স্পষ্টীকৰণ দিয়াৰ লগতে গোচৰ তৰাকে ধৰি বিভিন্ন ভাবুকি দি আহি আছে৷ এইবোৰত কাকতখনে গুৰুত্ব প্ৰদান নকৰাত কাৰ্যালয়লৈ বিভাগীয়ভাৱে স্পষ্টীকৰণৰ নামত লিখিত ভাবুকি প্ৰদান কৰে যদিও কাকতখনে কাৰো ভাবুকিক কেয়াৰ নকৰে বুলি সম্পাদকগৰাকীয়ে উল্লেখ কৰে৷ সেয়ে দুৰ্নীতিগ্ৰস্থ বিষয়া-অভিযন্তাৰ হৈ কাকতখনে কোনো কাৰণতেই স্পষ্টীকৰণ প্ৰকাশ নকৰে বুলি প্ৰত্যাহ্বান জনাই সম্পাদক আহমেদে আৰু কয়— বিষয়া-অভিযন্তাগৰাকীৰ ষড়যন্ত্ৰমূলক,ভাবুকিক প্ৰতিহত কৰি তেওঁৰ সকলোবোৰ দুৰ্নীতি উদঙাই দিয় হ’ব৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তথা ভাবুকি প্ৰদান কৰা বিষয়া-অভিযন্তাগৰাকীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি