Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:28 am

Home » আঞ্চলিক » এনআৰচি : অনিয়ম-দুর্নীতিৰ বলি হ’লে বিষয়াৰ বিৰুদ্ধে দিব পাৰিব এজাহাৰ

এনআৰচি : অনিয়ম-দুর্নীতিৰ বলি হ’লে বিষয়াৰ বিৰুদ্ধে দিব পাৰিব এজাহাৰ

ছুপ্রিম ক’ৰ্টৰ জাজ কমিটীৰ গুৰুত্বপূর্ণ নির্দেশনা : থানাই থানাই এফআইআৰ দিব নাগৰিক সুৰক্ষা মঞ্চই


এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ দুর্নীতি-অনিয়মৰ ষড়যন্ত্র লিপ্ত বিষয়াৰ বিৰুদ্ধে ৰাইজে এজাহাৰ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে কোনাে আগতীয়া অনুমতি বা অনুমােদনৰ প্ৰয়ােজন নাই।—এই কথা স্পষ্ট কৰি দিছে এন আৰ চিৰ বিভিন্ন ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে ইতিপূর্বে গঠন কৰি দিয়া জাজ কমিটীয়ে।


গুৱাহাটী : এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ দুর্নীতি-অনিয়মৰ ষড়যন্ত্র লিপ্ত বিষয়াৰ বিৰুদ্ধে ৰাইজে এজাহাৰ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে কোনাে আগতীয়া অনুমতি বা অনুমােদনৰ প্ৰয়ােজন নাই।—এই কথা স্পষ্ট কৰি দিছে এন আৰ চিৰ বিভিন্ন ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে ইতিপূর্বে গঠন কৰি দিয়া জাজ কমিটীয়ে। উল্লেখ্য যে এন আৰ চি প্রস্তুত বা উন্নীতকৰণৰ বিষয়ত বাধাৰ সুষ্টি কৰা সম্পর্কীয় অভিযােগৰ প্ৰসংগ প্ৰথমতে উত্থাপনৰ বাবে ২০১৫ চনৰ ২১ জুলাইত উচ্চতম ন্যায়ালয়ে এখন জাজ কমিটী গঠন কৰি দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডি বিশ্বাস আৰু ডি এন চৌধুৰীক লৈ উচ্চতম ন্যায়ালয়ে উক্ত জাজ কমিটীখন গঠন কৰে।
শেহতীয়াকৈ যােৱা ৩০ জুলাইত প্রকাশিত এন আৰ চিৰ পূৰ্ণাংগ খচৰাত ব্যাপক বিসংগতি, অনিয়ম, দুর্নীতি সংঘটিত হােৱা বুলি বিভিন্ন অভিযােগ উত্থাপন হৈ আহিছে। একাংশ বিষয়াৰ ষড়যন্ত্রৰ বাবে বহু প্রকৃত ভাৰতীয় নাগৰিকৰ নাম পূর্ণাংগ খচৰাত বাদ পৰাৰ অভিযােগ কৰি নাগৰিক সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোরে যােৱা ২৮ আগষ্টত জাজ কমিটীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত সংগঠনটোৰ সভাপতি ভদ্রেশ্বৰ বৰ্মনে সেইসকল বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গােচৰ ৰুজু কৰাৰ বাবে জাজ কমিটীৰ পৰা অনুমতি বিচাৰে। পত্ৰখনত উল্লেখ কৰা অনুসৰি, একাংশ নাগৰিকত্ব পঞ্জীয়নৰ স্থানীয় পঞ্জীয়কে (এল আৰ চি আৰ) অপৰাধমূলক উদ্দেশ্যৰে পৰিকল্পিতভাৱে একাংশ প্রকৃত ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত ভুল তথ্য দিছে। একাংশ লােকক ভূল আৰু ভুৱা জাননীৰ জৰিয়তে ‘ডি’ ভােটাৰ সজোৱা হৈছে। সেইসকল বিষয়াৰ ষড়যন্ত্র, পৰিকল্পনা আৰু অবৈধ কাম-কাজৰ বাবেই বহু লােকৰ নাম ৩০ জুলাইত প্রকাশিত পূর্ণাংগ খচৰাৰ পৰা বাদ পৰিছে। আনকি বিদেশী ন্যায়াধিকৰণে ইতিপূর্বে প্রকৃত ভাৰতীয় নাগৰিক বুলি ৰায় দিয়া আৰু ২০১৮ চনলৈ প্ৰতিখন ভােটাৰ তালিকাত নাম থকা বহু লােকৰ নামাে পৰিকল্পিত আৰু অবৈধভাৱে এন আৰ চিৰ খচৰাৰ পৰা বাদ দিয়া হৈছে।
এল আৰ চি আৰকে ধৰি এন আৰ চি উন্নীতকৰণৰ কামত জড়িত একাংশ বিষয়াৰ দুনীতিৰ বাবেই এনে অনিয়ম সংঘটিত হােৱাৰ কথা উল্লেখ কৰি সংগঠনটোৱে সেইসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধমূলক গােচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি জাজ কমিটীৰ ওচৰত আবেদন কৰে। ইয়াৰ উত্তৰত জাজ কমিটীৰ সদস্য সচিব কে শৰ্মাই যােৱা ২৯ ছেপ্টেম্বৰত এখন পত্ৰত (নং জাজ কমিটী অন এন আৰ চি ৩১/২০১৮৪২) বিষয়টো সন্দৰ্ভত জাজ কমিটীৰ নির্দেশ ৰাজহুৱা কৰিছে।
নির্দেশটোত কোৱা হৈছে যে এন আৰ চিৰ দায়িত্বত নিয়ােজিত বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গােচৰ ৰুজু কৰাৰ ক্ষেত্ৰত কোনাে আগতীয়া অনুমতিৰ প্ৰয়ােজন নাই। এইক্ষেত্ৰত কোনাে অনুমােদন বা অনুমতিৰ প্রয়ােজন নহয়। নির্দেশটোত এই কথাও কোৱা হয় যে সেইসকল বিষয়াৰ ক্ষেত্ৰত উত্থাপিত অভিযােগ সংশ্লিষ্ট কর্তৃপক্ষই নাগৰিকত্ব আইনৰ বিধি অনুসৰি পৰ্যবেক্ষণ কৰি নিষ্পত্তি কৰিব।
জাজ কমিটীৰ পৰা এই সম্পর্কীয় পত্র লাভ কৰাৰ পাছতেই এতিয়া নাগৰিক সুৰক্ষা মঞ্চ, অসমে খচৰাৰ পৰা নাম বাদ পৰা প্রকৃত ভাৰতীয় লােকসকলৰ দ্বাৰা এন আৰ চি কর্তৃপক্ষৰ বিৰুদ্ধে থানাই থানাই অপৰাধমূলক গােচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে। এই সম্পৰ্কত সংগঠনটোৰ সভাপতি বর্মনে কয় যে জাজ কমিটীয়ে এজাহাৰ দাখিলৰ ক্ষেত্ৰত যিহেতু আগতীয়া কোনাে অনুমােদন অথবা অনুমতিৰ প্ৰয়ােজন নাই বুলি স্পষ্ট কৰি দিছে, সেয়ে অচিৰেই তেওঁলােকে ৰাজ্যৰ বিভিন্ন স্থানৰ আৰক্ষী থানাত ষড়যন্ত্র, দুর্নীতি-অনিয়মত লিপ্ত এন আৰ চিৰ বিষয়াৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিব।
জাজ কমিটীয়ে এন আৰ চিৰ দায়িত্বত নিয়ােজিত বিষয়াৰ দুর্নীতি, অনিয়ম-ষড়যন্ত্রৰ বাবে খচৰাৰ পৰা নাম বাদ পৰা লােকসকলে সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গােচৰ ৰুজু কৰাৰ পথ প্রশস্ত কৰাত অনাগত দিনত নাগৰিকপঞ্জীৰ কাম-কাজে কি পর্যায় পায়গৈ সেয়াহে লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি