Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:35 pm

Home » আঞ্চলিক » আজান পীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠন

আজান পীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠন

যোৰহাটঃ এক গাম্ভীৰ্য পুৰ্ণ আৰু অতি নিয়াৰিকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক সভাখন ৭ অক্টোবৰ তাৰিখে শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত অনুষ্ঠিত হৈ যায়৷ উল্লেখ্য যে এক প্রতিক্রিয়াশীল চক্রই হজৰত আজান পীৰ দৰগাহ। পৰিচালনা সমিতিৰ সভাখনৰ স্থানক কেন্দ্ৰ কৰি যােৱা প্ৰায় এটা পষেক বিতর্কৰ সূচনা সৃষ্টি কৰাৰ অন্তত আজি পূর্বে নির্ধাৰিত কৰি থােৱা স্থানতে হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ ত্রিবার্ষিক সাধাৰণ সভাখন নগৰৰ ষ্টেচন চাৰিআলিৰ ৰংপুৰ জ্যোতিক্লাবত অনুষ্ঠি হৈ যায়।যত দেৰগাঁও, নাহৰনি, আমগুৰি, দুলিয়াজান, বকো, মঙলদৈ, যােৰহাট, ৰঙিয়া, দৰং, গুৱাহাটী, বৰপেটা, ডিব্ৰুগড় আদি কৰি উজনিনামনিৰ কেইবা শতাধিক নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আজি অনুষ্ঠিত হয় ত্রি-বার্ষিক সাধাৰণ সভাখন। জাকিৰুল হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হােৱা সভাখনত এইবিশাল সাধাৰণ সভাত শিৱসাগৰৰ সমাজ জীৱনৰ অন্যতম পুৰােধা ব্যক্তি তথা বিশিষ্ট শিক্ষাবিদ ড° সৌমাৰ জ্যোতি মহন্তই কয় যে, অসমীয়া জাতীয় জীৱনক চহকী কৰি থৈ যােৱা জাতিটোৰ মহান মনীষীসকলৰ ভিতৰত হজৰত আজান ফকীৰ এগৰাকী অন্যতম মহাপুৰুষ আছিল।
সাম্প্রতিক সময়ত মহাপুৰুষজনাৰ অমৰ সৃষ্টি জিকিৰৰ উত্তৰণ ঘটিছে। উদীয়মান প্রজন্মটোৱেও ক্ৰমাৎ আজান ফকীৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। অসমৰ সত্র সমাজেও হজৰত আজান পীৰৰ স্মৃতিত সৰাগুৰিত অনুষ্ঠিত হােৱা প্রতিবছৰৰ জিয়াৰ অনুষ্ঠানত অংশীদাৰ হৈছে। এইগৰাকী আধ্যাত্মিক পণ্ডিতৰ মহাবাণী বিলাক আজি নতুনকৈ গঠন হ’বলগীয়া সমিতিখনে আৰু অধিক বলিষ্ঠভাৱে জনগণৰ মাজলৈ আগুৱাই নিলে সঁচা অৰ্থত পীৰজনাৰ সৃষ্টিৰাজিক প্রকৃতৰূপত মূল্যায়ন কৰা হ’ব বুলি ড° মহন্তই প্রকাশ কৰে। প্রতিনিধি হিচাপে অংশগ্রহণ কৰা মঙলদৈ ছিপাঝাৰাৰ অহা শিক্ষাবিদ এম হাফিজ আলীয়ে কয় যে, আজান ফকীৰ হ’ল অসমৰ বিভিন্ন ধর্মাৱলম্বী লােকৰ মাজত এক সমন্বয় সৃষ্টি কৰা উদাৰ মনৰ মহাপুৰুষ। যি গৰাকী মহাপুৰুষে অসমৰ জাতীয় জীৱনক একেখন মঞ্চত উপস্থাপন কৰি জিকিৰৰ মাধ্যমেৰে জাতিটোক বান্ধি থৈ গৈছে। সেইগৰাকী আধ্যাত্মিক পুৰুষৰ অমৰ সৃষ্টিৰাজিক সাম্প্রতিক সময়ত এচাম তথাকথিত শিল্পীয়ে বিকৃতৰূপত জনগণৰ আগত দাঙি ধৰিছে বুলি তেখেতে মন্তব্য কৰে। অসম সাংস্কৃতিক মহাসভাৰ সম্পাদক বিনােদ কুমাৰ বৰাই নিজৰ ভাষণত উল্লেখ কৰে যে আজান ফকীৰৰ সম্প্ৰীতিৰ মহান বাণীসমূহক আয়ত্ত কৰিলে এখন সুস্থ সমাজ গঢ় দিবলৈ জনগণ সক্ষম হ’ব। যিগৰাকী মহান মনীষীয়ে নিজৰ কৃষ্টি-সংস্কৃতি ত্যাগ কৰি অসমকে নিজৰ প্রাণ বুলি ভাবি অসমীয়া কৃষ্টিসংস্কৃতিক আপােন কৰি ললে তেনে এগৰাকী মহান ব্যক্তিৰ পথেৰে আগুৱাই গ’লে সমাজত কেতিয়াও অপশক্তিয়ে গা কৰি উঠিব নােৱাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে।
যােৰহাট জিলাৰ পৰা ত্রি-বার্ষিক সাধাৰণ সভাখনৰ মুকলি সভালৈ অহা সঞ্জন আলী হাজৰিকাই কয় যে আজান ফকীৰৰ সৃষ্টিৰাজি জিকিৰৰ স্বকীয়তাক সংৰক্ষণ কৰি ৰাখিবৰ বাবে পৰিচালনা সমিতিয়ে অসমৰ বিভিন্ন কোণত থকা জিকিৰৰ চহা সুৰৰ পুৰণি শিল্পীসকলৰ সৈতে যােগাযােগ কৰিব লাগে। উদীয়মান প্রজন্মই আয়ত্ত কৰিব পৰাকৈ চহা সুৰতেই জিকিৰসমূহক বাণীবদ্ধ কৰাৰ লগতে বিভিন্ন ভাষাত জিকিৰসমূহক বাণীবদ্ধৰ লগতে লিপিবদ্ধ কৰিবলৈও তেখেতে নতুনকৈ গঠন হােৱা সমিতিখনক আহ্বান জনায়। আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উপদেষ্টা তথা আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কয় যে ধর্মীয় মেৰুকৰণৰে আজান পীৰ দৰগাহ শ্বৰীফ তথা আজান পীৰ চাহেবৰ কৰ্মৰাজিক চালে নহ’ব। ধর্মীয় মেৰুকৰণে সদায় এটা জাতিক বিপদৰ দিশে ঠেলি দিয়ে। পীৰজনাৰ সৃষ্টিৰাজিক বিজ্ঞানসন্মতভাৱে আগুৱাইনিলেহে আমি তেখেতৰ সৃষ্টিৰাষ্ট্ৰীয়। আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। যদি আমি এনে পদক্ষেপ গ্রহণ কৰাে তেতিয়াহ’লে আমি আমাৰ প্ৰজন্মক আজান পীৰৰ আদৰ্শৰে এক বাট মুকলাই দিবলৈ সক্ষম হ’ম। আনহাতে চৰকাৰৰ তৰফৰ পৰাও আজি পর্যন্ত হজৰত আজান পীৰ বঁটাটোক নিয়মীয়াকৰণ নকৰাত তেওঁ আক্ষেপ প্রকাশ কৰে। শিৱসাগৰৰ সমাজ সেৱিকা ভাৰতী শইকীয়াই আজান ফকীৰে বৰগীতৰ আৰ্হিৰে জিকিৰ পৰিৱেশন কৰি অসমীয়া জাতিটোক সম্প্রীতিৰ যি মহা বান্দোনেৰে বান্ধি থৈ গ’ল ইয়াক কোনাে খন্তেকীয়া অপশক্তিয়ে কেতিয়াও নাশ কৰিব নােৱাৰে বুলি প্রকাশ কৰে। ইয়াৰ লগতে তেওঁ কয় যে প্রায় এক দশকৰ পূর্বলৈকে আজান পীৰ চাহেবৰ কৰ্মৰাজিৰ সম্পকে বৰ ভালদৰে ৰাইজে জ্ঞাত নাছিল। কিন্তু আজিৰ তাৰিখলৈকে যি খন সমিতিয়ে কার্যৰ্ভাৰ পালন কৰি আছিলে তেওঁলােকৰ কার্যকালত আজান ফকীৰৰ সমাধিক এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।
গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে  ভাষণ প্ৰসংগত কয় যে, চুফী সাধক শ্বাহ মিৰান ওৰফে আজান পীৰ চাহেব সুদূৰ বাগদাদৰ পৰা দিল্লী আজমীৰ হৈ অসমলৈ আহিছিল। গুৱাহাটীৰ পোৱা মক্কাত কিছু দিন থকাৰ পিছত উজনি অসমৰ চূণপুৰাত মছজিদ সাজি ইছলাম ধৰ্মৰ পুনৰ প্ৰচাৰ কৰাৰ লগতে জাতি, ধৰ্ম বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱৰে মাজত সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি গৈছিল। সেইহে আজি সকলোৱে এইখন অসমক শংকৰ- আজানৰ অসম বুলি উল্লেখ কৰে। কিন্তু তেখেতৰ ৰচিত জিকিৰসমূহৰ লগতে বিভিন্ন গৱেষণামূলক চৰ্চা সমূহ উজনিৰ লগতে কিছু নিৰ্দিষ্ট অঞ্চলতহে চলি আছিল আৰু আছে। আনকি আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ পৰিসৰো কেৱল উজনিতেই সীমাবদ্ধ আছিল। ফলস্বৰূপে নামনি বহু অঞ্চলত আজান পীৰৰ বিষয়ে ,তেখেতৰ জিকিৰসমূহৰ বিষয়ে বহু লোকে জনা নাছিল আৰু নাজানে আৰু তেনে সুবিধাও পোৱা নাছি। উজনিৰ লগতে সমান্তৰালভাবে নামনি অসমতো আজান পীৰক জনাৰ, জিকিৰসমূহ জনাৰ বিভিন্ন কাৰ্যসূচী ল’বলৈ বক্তব্যত আহ্বান জনায় তালুকদাৰে৷ এনে মহান পদক্ষেপৰ বাবে তেখেতে যথোপযুক্ত সহায় সহযোগ কৰিব বুলিও কয় ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি