Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:03 pm

Home » আঞ্চলিক » জুব্বাৰ আলীৰ হত্যাৰ প্ৰতিবাদত বৰপেটাৰোডত প্ৰতিবাদ : তিনি শতাধিক ডি ভোটাৰে জ্বলালে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

জুব্বাৰ আলীৰ হত্যাৰ প্ৰতিবাদত বৰপেটাৰোডত প্ৰতিবাদ : তিনি শতাধিক ডি ভোটাৰে জ্বলালে মুখ্যমন্ত্ৰীৰ পুত্তলিকা


পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা আৰু চিবিআই তদন্তৰ দাবী এপিআইচিআৰৰ

বৰপেটাৰোডঃ : ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ মৃত ছুটকো শ্বেইখৰ পুত্ৰ ৫৮ বছৰীয়া জুব্বাৰ আলীক আইনৰ অপপ্ৰয়োগ কৰি বিদেশী (তথাকথিত বাংলাদেশী) সজাই অসম চৰকাৰে ডিটেনশ্বন কেম্পত বিগত তিনি বছৰ বন্দী কৰি ৰাখিছিল। দুটি সন্তানৰ পিতৃ জুব্বাৰ আলীৰ ৪ অক্টোবৰ, ২০১৮ ইং তাৰিখে তেজপুৰৰ ডিটেনশ্বন কেম্পত বন্দী অৱস্থাত হত্যা কৰি ৰাজ্য চৰকাৰ-প্ৰশাসনে জুব্বাৰ আলীৰ মৃতদেহ ওদালগুৰি ধনশ্ৰীখুটিৰ পৰিয়ালক গতাই দিয়ে। এই হত্যাৰ প্ৰতিবাদত আজি বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰোডত বৰপেটাৰোড-মানাহ গড়কাপ্তানী পথ অৱৰোধ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে। এছোছিয়েশ্বন ফৰ প্ৰটেকশ্বন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটচ চমুকৈ এপিআইচিআৰৰ নেতৃত্বত আৰু আমছুৰ সহযোগত প্ৰায় তিনি শতাধিক ডি ভোটাৰৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। 
এপিআআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি মৃত জুব্বাৰ আলী এই পৰিয়ালৰে সদস্য আছিল তেন্তে বিদেশী বুলি কিয় তিনি বছৰ ডিটেনশ্বন কেম্পত বন্দী কৰি ৰাখিছিল? যদি প্ৰকৃততে বিদেশী (তথাকথিত বাংলাদেশী) আছিল তেন্তে এই পৰিয়ালক মৃতদেহ গতাই দিয়াৰ যুক্তি কি? 
উল্লেখযোগ্য যে এই পৰিয়ালটিৰ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে আদি কৰি বৈধ ভাৰতীয়ৰ সমস্ত নথি উপলব্ধ থকাৰ পিছতো ৰাজ্য চৰকাৰৰ সীমান্ত আৰক্ষী তথা গৃহ বিভাগৰ দায়িত্বহীনতা তথা মইমতালিৰ বাবে মিছা বিদেশী গোচৰত অভিযুক্ত হৈ বিদেশী হিচাপে ডিটেশ্বন কেম্পত জীৱন ত্যাগ কৰিব লগা হ’ল। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে বিদেশী ন্যায়াধীকৰণ, উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি সৰ্বহাৰা হৈয়ো আইনী ব্যৱস্থা তথা ৰাজ্য চৰকাৰৰ কঠোৰতাৰ বাবে তথাকথিত বিদেশী হিচাপে আখ্যায়িত হ’ব লগা হৈছিল। দুবছৰীয়া ঠিকাভিত্তিক ন্যায়াধীশে নিজৰ চাকৰি বচোৱাৰ স্বাৰ্থত জুব্বাৰৰ আলীৰ দৰে হাজাৰ হাজাৰ নিৰীহ লোকক অন্যায় ভাবে বিদেশী বুলি ঘোষণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি স্বদেশীক বিদেশী সজোৱা বিষয়ত চিবিআই তদন্তৰ দাবী জনায় প্ৰতিবাদী ভাৰতীয় ডি ভোটাৰসকলে। প্ৰকৃত বিদেশীক চিনাক্ত কৰণ আৰু বহিস্কাৰ কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ সৰ্বস্তৰৰ ৰাইজে সহযোগ কৰিব। কিন্তু বিদেশীৰ নামত ভাৰতীয় সংখ্যালঘু, দৰিদ্ৰ আৰু নিৰক্ষৰক বিদেশী সজাই অত্যাচাৰ কৰা বন্ধ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। 
আজিৰ আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে ডিটেশ্বন কেম্পত হত্যাৰ বলি হোৱা জুব্বাৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে। আন্দোলনত অসম চৰকাৰ হায় হায়¸ ডিটেনশ্বন কেন্দ্ৰ বন্ধ কৰক¸ ডি ভোটাৰৰ নামত অত্যাচাৰ বন্ধ কৰক¸ বিদেশী ন্যাধিকৰণ বাতিল কৰক আদি শ্লগান দিয়া পৰিলক্ষিত হয়। আন্দেলনৰ কাৰ্যসূচীত বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমান¸ বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক শ্বাহাদত হুছেইন¸বৰপেটাৰোড আঞ্চলিক আমছুৰ বিষয়ববীয়াৰ লগতে এপিআইচিআৰৰ সহ সম্পাদক জাহাঙ্গীৰ আলম¸ সাংগঠনিক সম্পাদক ৰহিজ উদ্দিনে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্থ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি