জুব্বাৰ আলীৰ হত্যাৰ প্ৰতিবাদত বৰপেটাৰোডত প্ৰতিবাদ : তিনি শতাধিক ডি ভোটাৰে জ্বলালে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা আৰু চিবিআই তদন্তৰ দাবী এপিআইচিআৰৰ বৰপেটাৰোডঃ : ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ মৃত ছুটকো শ্বেইখৰ পুত্ৰ ৫৮ বছৰীয়া জুব্বাৰ আলীক আইনৰ অপপ্ৰয়োগ কৰি বিদেশী (তথাকথিত বাংলাদেশী) সজাই অসম চৰকাৰে ডিটেনশ্বন কেম্পত বিগত তিনি বছৰ বন্দী কৰি ৰাখিছিল। দুটি সন্তানৰ পিতৃ জুব্বাৰ আলীৰ ৪ অক্টোবৰ, ২০১৮ ইং তাৰিখে তেজপুৰৰ ডিটেনশ্বন কেম্পত বন্দী অৱস্থাত হত্যা কৰি ৰাজ্য চৰকাৰ-প্ৰশাসনে জুব্বাৰ আলীৰ মৃতদেহ ওদালগুৰি ধনশ্ৰীখুটিৰ পৰিয়ালক গতাই দিয়ে। এই হত্যাৰ প্ৰতিবাদত আজি বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰোডত বৰপেটাৰোড-মানাহ গড়কাপ্তানী পথ অৱৰোধ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে। এছোছিয়েশ্বন ফৰ প্ৰটেকশ্বন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটচ চমুকৈ এপিআইচিআৰৰ নেতৃত্বত আৰু আমছুৰ সহযোগত প্ৰায় তিনি