Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:06 am

Home » আঞ্চলিক » লাষ্টগে’টত সোণোৱাল চৰকাৰৰ আৰক্ষীয়ে অত্যাচাৰ চলালে আনভাৱে সক্ষম প্রতিবাদকাৰীক

লাষ্টগে’টত সোণোৱাল চৰকাৰৰ আৰক্ষীয়ে অত্যাচাৰ চলালে আনভাৱে সক্ষম প্রতিবাদকাৰীক


গুৱাহাটী : বিধানসভাৰ অন্তিম দিনা অসম আৰক্ষীৰ বর্বৰতা প্রকট হ’ল দিছপুৰৰ লাষ্টগে’টত৷ আনভাৱে সক্ষম লোকসকলৰ ওপৰত জঁপিয়াই পৰি বৰমতা দেখুৱালে অসম আৰক্ষীয়ে৷ কন্দুৱা গেছ, লাঠীচালনাৰে তচনচ কৰিলে প্রতিবন্ধী সুৰক্ষা মঞ্চৰ প্রতিবাদ৷
আহত হ’ল কেইবাজনো আনভাৱে সক্ষম লোক৷ বাৰে বাৰে মিথ্যাচাৰৰ সন্মুখীন হোৱা আনভাৱে সক্ষম লোকসকলে আজি মুখ্যমন্ত্রীক আন্দোলনস্থলীত বিচাৰি প্রতিবাদ তীব্রতৰ কৰিছিল৷ কিন্তু আনভাৱে সক্ষমসকলৰ আন্দোলন চৰকাৰ তথা আৰক্ষীয়ে হজম কৰিব নোৱাৰিলে৷ এফালৰ পৰা আন্দোলনকাৰীলৈ পানী ছটিয়াই, লাঠীচালনা কৰি ছেদেলি-ভেদেলি কৰে ঐক্যবদ্ধ প্রতিবাদ৷
উল্লেখযোগ্য যে দীর্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ প্রতিশ্রুতি দিও চৰকাৰে আজি পর্যন্ত সমাধান নকৰাত প্রতিবাদ কৰিবলৈ আহি আৰক্ষীৰ আক্রমণৰ সন্মুখীন হ’ব লগা হ’ল আনভাৱে সক্ষম লোকসকল৷ লাঠীচালনা, পানী ছটিয়াই তেওঁলোকৰ প্রতিবাদী কণ্ঠ বন্ধ কৰাৰ চেষ্টা চলায় আৰক্ষী বাহিনীয়ে৷ ২৭ জুলাইত আনভাৱে সক্ষম লোকসকলে কেইবাদফীয়া সমস্যা সমাধানৰ দাবী লৈ ৰাজধানীত প্রৱেশৰ চেষ্টা চলাওঁতে তেতিয়াও আৰক্ষীয়ে বাধা দিয়াই নহয়, ঠেলা-হেঁচা কৰি প্রতিবাদকাৰীসকলক আটক কৰিছিল৷ আজিও তাৰ পুনৰাবৃত্তি হ’ল দিছপুৰৰ লাষ্টগে’টত৷
অসম বিধানসভাৰ আজি অন্তিম দিনটোত ন্যায্য প্রাপ্যৰ দাবীত আন্দোলনত বহিছিল আনভাৱে সক্ষম লোকসকল৷ কিন্তু প্রতিবাদক সন্মাই জনাই চৰকাৰে সমস্যা সমাধানত গুৰুত্ব দিয়াৰ পৰিৱর্তে নির্যাতনহে চলালে৷ চৰকাৰী চাকৰিত সংৰক্ষিত আসনৰ পৰিৱর্তে নিযুক্তি দিয়াৰ লগতে খালী পদসমূহত শীঘ্রে নিযুক্তি দিয়াৰ দাবীত আজি আন্দোলনত বহিছিল৷ সমাজ কল্যাণ বিভাগত মুঠ ৪৪১৬টা পদত নিযুক্তি দিয়াৰ দাবী তুলিছিল আনভাৱে সক্ষম লোকসকলে৷
এই বিষয়ে ২ আগষ্টত সমাজ কল্যাণ মন্ত্রী আৰু মুখ্য সচিবৰ উপস্থিতিত আলোচনা হৈছিল৷ আলোচনামর্মে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰাৰ কথা আছিল৷ কিন্তু বিজ্ঞাপন প্রকাশ নকৰাত আজি লাষ্টগে’টত পুনৰ আন্দোলনত বহি মুখ্যমন্ত্রীৰ উপস্থিতি দাবী কৰি প্রতিবাদ তীব্রতৰ কৰি তোলোতে আৰক্ষীয়ে আক্রমণ কৰে৷ আক্রমণত কেইবাগৰাকী মহিলা প্রতিবাদকাৰীও আহত হয়৷
ইফালে জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠীয়েও আজি গুৱাহাটীৰ ৰাজপথ উত্তাল কৰে৷ খানাপাৰাৰ গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়ামৰ পৰা প্রতিবাদকাৰীসকলে প্রতিবাদী সমদল উলিয়ায় যদিও দিছপুৰ আৰক্ষীয়ে সমদলকাৰীসকলক বাধা দিয়ে৷ উল্লেখযোগ্য যে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আহি আজি প্রতিবাদকাৰীসকল খানাপাৰাত হাজিৰ হৈ প্রতিবাদী সমদল উলিয়াইছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি