মৰিগাঁও : সমগ্ৰ দেশৰ লগতে মৰিগাঁও শিক্ষণ মহাবিদ্যালয়তো ভাৰত চৰকাৰৰ মানব সম্পদ উন্নয়ন বিকাশ মন্ত্ৰালয়ৰ নিৰ্দেশত সপ্তাহ জোৰা কাৰ্যসূচীৰে উদযাপন কৰা নই তালিম সপ্তাহ ৷ এই তালিম সপ্তাহৰ আজি ষষ্ঠ দিনা এই উপলক্ষে মহাবিদ্যালয় প্ৰাংগনত বি এড প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা দুখনকৈ নাটক ক্ৰমে ছাত্ৰী আশা বৰদলৈ আৰু অধ্যক্ষা ড° ডলী বুঢ়াগোহাঁই ৰচিত ” স্বচ্ছ ভাৰত ” আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ গৌৰী প্ৰসাদ শৰ্মা ৰচিত ” প্ৰতিজ্ঞা ” পৰিৱেশন কৰা হয় ৷ উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰিবলৈকে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° ডলী বুঢ়াগোহাঁই আৰু সহযোগী অধ্যাপক ইমৰানুজজামান শ্বাহে নাটকত দুটাকৈ চৰিত্ৰত অভিনয় কৰে ৷ শ্ৰেষ্ঠ নাটক হিচাপে বিবেচিত “প্ৰতিজ্ঞা” শীৰ্ষক নাটকখনত পৰিচালক তথা অধ্যাপক ইমৰানুজজামান শ্বাহ, ছাত্ৰ তথা লেখক গৌৰী প্ৰসাদ শৰ্মা, অৰুণ নাথ, ডেইজী হাজৰিকা, অমৰজিৎ ডেকা, পৰাগ নাথ, আশ্ৰাফুল ইচলাম, ৱাহিদুৰ ৰহমান, লক্ষীনন্দন শইকীয়া, সীমা বৰদলৈ, হিমাক্ষী দেৱী, পিংকু বৰদলৈ আৰু কপিল চন্দ্ৰ গগৈ আদিয়ে অভিনয় কৰে ৷ ফলাফল অনুসৰি গৌৰী প্ৰসাদ শৰ্মাক শ্ৰেষ্ঠ অভিনেতা আৰু ৰশ্মি দেৱীক শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয় ৷ আনহাতে, “নই তালিম সপ্তাহ ” উদ্বোধন কৰিছিল মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° ডলী বুঢ়াগোহাঁইয়ে ৷ উদ্বোধনী অনুষ্ঠানত অধ্যাপক হজৰত আলি, অধ্যাপিকা ড° ৰুণজুন কলিতাই এই নই তালিম সপ্তাহ সম্পৰ্কে বিস্তৃত বিৱৰণ দাঙি ধৰাৰ লগতে পেইন্টাৰ ধনেশ্বৰ বৰদলৈ, ৰাজমিস্ত্ৰি আমিৰুদ্দিন, কাৰপেণ্টাৰ আনচাৰ আৰু পাণী মিস্ত্ৰী চপন মণ্ডলক সম্বৰ্ধনা জনায় ৷ দ্বিতীয় দিনা প্ৰশিক্ষাৰ্থী সকলক কাঠেৰে সঁজুলি নিৰ্মাণ, তৃতীয় দিনা চিমেণ্টৰে টাব নিৰ্মাণ, চতুৰ্থ দিনা অপ্ৰযোজনীয় পাইপেৰে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কিদৰে কৰা হয় তাৰ প্ৰশিক্ষণ দিয়া হয় ৷ কাইলৈ মহাবিদ্যালয়খনত ৱাল পেইণ্টিঙৰ কৰ্মশালা সম্পন্ন হ’ব ৷