বিহপুৰীয়া : ৰাজ্যত বৃদ্ধি পাইছে দূৰণিবটীয়া বাছৰ ভাৰা। প্ৰায় ৩০ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি পাইছে ভাৰা। অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী আৰু মটৰ পৰিবহণ সংস্থাৰ এই অত্যধিক বাছৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আজি সন্ধ্যা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে দেউৰী ছাত্ৰ সন্থাৰ বিহপুৰীয়া আঞ্চলিক সমিতিৰ সৈতে যৌথ উদ্যোগত বিহপুৰীয়া নগৰৰ মাজ মজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে ‘অসম চৰকাৰ হাঁয় হাঁয়’, ‘চন্দ্ৰ মোহন পাটোৱাৰী মুৰ্দাবাদ’ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ মন্ত্ৰী পাটোৱাৰীয়ে মটৰ পৰিবহণ সংস্থাৰ লগত গোপন বুজাবুজি কৰি বাছৰ ভাৰা বৃদ্ধি কৰিছে৷ তেওঁলোকে কয় যে যদিহে শীঘ্ৰে বাছৰ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত বাতিল নকৰে তেন্তে পৰৱৰ্তী কালত পুনৰ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।