দেৰগাওঁ : বিধান সভা সমষ্টিৰ অতি গুৰুত্বপুৰ্ণ পথ মালৌবান্ধ গড়কাপ্তানী পথৰ শোচনীয় অৱস্থাই পথচাৰীক বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে। যোৰহাট জিলাৰ উত্তৰ- পশ্চিম অংশৰ লগত দেৰগাঁও নগৰৰ পোনপতিয়া যোগাযোগৰ একমাত্ৰ এই পথটো বহু অংশত দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিলতীয়াত পথটো সম্পুৰ্ণ ৰূপে ভাগি চিগি গৈছে। যাৰ ফল স্বৰূপে যিকোনো সময়ত পথচাৰী দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। সময় থাকোতেই এই পথচোৱা মেৰামতি নকৰিলে যাতায়ত ব্যৱস্থা অধিক শোচনীয় হৈ পৰিব। অঞ্চলৰ ৰাইজে এই পথচোৱা মেৰমতিৰ বাবে তৎকালিন ব্যৱস্থা ল’বলৈ দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক আহ্বান জনাইছে।