দেৰগাঁও : দেৰগাঁৱৰ কৰৈয়নী হাইস্কুলত ৪ অক্টোবৰত গান্ধী জয়ন্তী উদযাপনৰ অংশৰূপে শতাধিক সংখ্যক ফলমূল আৰু অন্যান্য মূল্যবান গছৰ পুলি ৰোপন কৰা হয়।ৰুৰেল এণ্ড আৰবান ডেভলপমেন্ট ছছাইটি, দেৰগাঁৱৰ উদ্যোগত বিদ্যালয় কতৃপক্ষৰ সহযোগত বিদ্যালয়ৰ বিশাল চৌহদত এই গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে প্ৰধান শিক্ষক প্ৰফুল্ল বৰাই।উন্নয়ন সমিতিৰ সভাপতি বলিন বৰা , টাউন হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা ডেভলপমেন্ট ছছাইটিৰ সভাপতি মনি বৰা , বাঁহগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক অমূল্য কুমাৰ তামুলী, ছছাইটিৰ মূখ্য সংগঠক প্ৰদীপ বৰা, সম্পাদক দিলীপ বলডোৱা, ৰমেশ চান্দ, শিক্ষক মানস শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে পুলিৰোপন কায্যসুচীত ভাগ লয়।ইপিনে গান্ধী জয়ন্তী উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা মুকলি সভাত অনুষ্ঠিত হয়।উল্লেখ্য যে বিভিন্ন জাতৰ গছ পুলি ৰোপনেৰে প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষাৰ বাবে কাম কৰি থকা ৰুৰেল এণ্ড আৰৱান ডেভলপমেন্ট ছছাইটিয়ে ৰোপন কৰা গছ পুলি সমুহ ৰক্ষনাবেক্ষন দিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে।