শংকাত ভুগিছে পাহাৰীয়া জিলাত থকা খিলঞ্জীয়া
কার্বি আংলং : কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কর্তন, কার্বি আংলঙৰ ভূমিৰ অধিকাৰ কেৱল পাহাৰীয়া জনজাতিৰ হাতত অর্পণ কৰাকে ধৰি বিভিন্ন দাবীত আজি দিনটো উত্তাল হৈ থাকিল ডিফু চহৰ৷ পুৱাৰে পৰা ২৪টা সংগঠনৰ আহবানত সহস্রাধিক কার্বি আৰু ডিমাচা ৰাইজে ছেমচনছিং ইংতি পার্কত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি বিয়লি ডিফু নগৰত এক বিশাল শোভাযাত্রা উলিয়ায়৷ ২৪টা সংগঠনৰ মুখ্য উপদেষ্টা অৱসৰপ্রাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰে পাহাৰীয়া জনজাতিৰ অধিকাৰ পৰিষদে ৰক্ষা কৰাৰ দাবী কৰে৷ উল্লেখযোগ্য যে গুৱাহাটী উচচ ন্যায়ালয়ত তৰা ৯, ২০১৭ নং ৰাজহুৱা স্বার্থজড়িত গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে পৰিষদক ছমাহৰ ভিতৰত নিজস্ব আইন প্রস্তুত কৰিবলৈ নির্দেশ দিছিল৷ উক্ত ৰায়দানৰ ভিত্তিত পৰিষদে এখন সমিতি গঠন কৰিছিল৷ পৰিষদৰ সেই