দেৰগাঁও : নগৰৰ পৰা ১০ কিঃমিঃ দূৰত গোলাঘাট , মাজুলী জিলা আৰু বোকাখাট মহকুমা সীমামূৰীয়া এলেকাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যোগাযোগ বিচ্ছিন্ন শ’লমাৰী গাঁও। গড়মৰা চাপৰি অন্তৰ্গত শ’লমাৰী গাঁও খনলৈ যাবলৈ এই বাঁহৰ দলং খনেই একমাত্ৰ ভৰষা। গড়মৰা চেক বান্ধৰ মূৰত ব্যক্তিগত মানুহৰ মাটিয়েদি অস্থায়ী পথেৰে গাড়ী নিব নোৱাৰি ট্ৰেক্তৰ দ্বাৰা বস্তু কঢ়িয়াব লগা হয়।স্বাধীনতাৰ ৭১বছৰৰ পাছতো উন্নয়ণৰ মুখ নেদেখা এই অঞ্চলৰ লোক সকলে জীয়াতু ভুগিব লগা হৈছে। জনপ্ৰতিনিধি সকলে এই পথটোৰ উন্নয়ণ কৰি অঞ্চলতোৰ যাতায়ত সুচল কৰিবনে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।