Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:52 pm

Home » আঞ্চলিক » ৯ খন ভুৱা বিলেৰে উলিয়াই নিলে ১৬ কোটি ২২ লাখ টকা

৯ খন ভুৱা বিলেৰে উলিয়াই নিলে ১৬ কোটি ২২ লাখ টকা


শোণিতপুৰ : গ্রামাঞ্চলৰ পথ পকীকৰণৰ নামত গড়কাপ্টানী বিভাগত অভাৱনীয় কেলেংকাৰি সংঘটিত হৈছে অবিভক্ত শোণিতপুৰ জিলাখনত৷ কেৱল মাত্র একেটা পেকেজতে ৭টা গ্রাম্য পথৰ পকীকৰণৰ নামত ২২ কিল’মিটাৰ ৯০০ মিটাৰ পথৰ ৭ কিল’মিটাৰ ২০০ মিটাৰ পকীকৰণ নকৰাকৈ ৯খন ভুৱা বিল প্রস্তুতেৰে লুণ্ঠন কৰিলে ১৬ কোটি ৮৪ লাখ টকাৰ সিংহভাগ ধন৷
এনে লুণ্ঠনৰ পৰিণতিত সম্প্রতি গড়কাপ্টানী বিভাগৰ গ্রাম্য পথ পকীকৰণ প্রক্রিয়া প্রহসনলৈ ৰূপান্তৰ হৈছে৷ গড়কাপ্টানী বিভাগৰ পৰা সংগ্রহ কৰা তথ্য অনুসৰি অবিভক্ত শোণিতপুৰ জিলাখনৰ অন্তর্গত গড়কাপ্টানী বিভাগৰ বিশ্বনাথ গ্রাম্য পথ সংমণ্ডলৰ অধীনস্থ বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত বিহগুৰি অঞ্চলত ২০১২-১৩ বর্ষত একেটা পেকেজত ৭টা পকী পথ নির্মাণৰ বাবে ১৬ কোটি ৮৪ লাখ টকাৰ এখন আঁচনি অনুমোদন হৈছিল৷
আঁচনিৰ প্রাককলন প্রস্তুত কৰি উক্ত পথকেইটা নির্মাণৰ ঠিকা গড়কাপ্টানী বিভাগে অর্পণ কৰিছিল ঠিকাদাৰ প্রভু আগৰৱালাক৷ গ্রাম্য পথ পকীকৰণৰ উক্ত পেকেজত থকা পথকেইটাৰ আঁচনিৰ প্রাককলন অনুসৰি পথ পকীকৰণ নির্মাণৰ দৈর্ঘয আৰু ব্যয় পৰিমাণ আছিল (১) পুৰণা ঘগৰা-আৰ চি চি বিজৰ পৰা (দলং) বাঁহবাৰী গাঁও পঞ্চায়ত আৰু নাহৰণী বুঢ়াগাঁও হৈ ঘগৰা হাইস্কুললৈকে পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ৫ কিল’মিটাৰ ৮০০ মিটাৰ, মুঠ ব্যয় ৪ কোটি ২৯ লাখ ১৫ হাজাৰ টকা, (২) ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ (বিহগুৰি দৈনিক বজাৰ) পৰা জনতা চুবুৰি আৰু কাছমাৰী চুবুৰি হৈ কটকী চুবুৰিলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ১ কিল’মিটাৰ ৫০০ মিটাৰ, মুঠ ব্যয় এক কোটি ৭ লাখ ৫৮ হাজাৰ টকা, (৩) ছিঙা চুবুৰিৰ পৰা গুটিবৰা চুবুৰি হৈ মোৱামাৰী গাঁৱলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ৪ কিল’মিটাৰ ৫০০ মিটাৰ, মুঠ ব্যয় ৩ কোটি ৮৮ লাখ ৪ হাজাৰ টকা, (৪) ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ (হাজৰিকা চুবুৰি) পৰা বৰা চুবুৰি কলাকুছি গড়কাপ্টানী পথ হৈ কলিতা গাঁৱলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ২ কিল’মিটাৰ ৫০০ মিটাৰ, মুঠ ব্যয় এক কোটি ৮২ লাখ ৭০ হাজাৰ টকা, (৫) ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা (শংকৰ মন্দিৰ পিঠাখোৱা) জাকৰুৱা চুবুৰি, চন্দ্রনাথ শর্মা হল হৈ ভূপেন ডেকা নাটঘৰৰ ওচৰলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ৪ কিল’মিটাৰ ৫০০ মিটাৰ, মুঠ ব্যয় ৩ কোটি ২০ লাখ ৩৫ হাজাৰ টকা, (৬) কটকী চুবুৰিৰ পৰা কলাকুছি গড়কাপ্টানী পথলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ২ কিল’মিটাৰ ৭০০ মিটাৰ, মুঠ ব্যয় এক কোটি ৮৮ লাখ ৪ হাজাৰ টকা, (৭) ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ (মেডিকেল কলেজ টুমুকী ষ্টেডিয়াম)ৰ পৰা টুমুকী হৈ জুৰীয়া আঁহতলৈ পথটোৰ নির্মাণৰ দৈর্ঘয হ’ল ১ কিল’মিটাৰ ৪০০ মিটাৰ, মুঠ ব্যয় ৯৯ লাখ ৮৮ হাজাৰ টকা৷
আঁচনিৰ প্রাককলন অনুসৰি উক্ত পথকেইটাৰ সর্বমুঠ নির্মাণৰ দৈর্ঘয হ’ল ২২ কিল’মিটাৰ ৯০০ মিটাৰ আৰু ব্যয়ৰ মুঠ পৰিমাণ হ’ল ১৬ কোটি ৮৪ লাখ টকা৷ চৰজমিন অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি উক্ত পেকেজটোৰ ৭টা গ্রাম্য পথৰ পকী পথ নির্মাণৰ দৈর্ঘয ২২ কিল’মিটাৰ ৯০০ মিটাৰ আছিল যদিও পথ পকী কৰিলে কেৱল ১৫ কিল’মিটাৰ ৭০০ মিটাৰহে৷
প্রতিটো পথৰ চৰজমিন অনুসন্ধানেৰে আহৰণ কৰা তথ্য অনুসৰি পুৰণা ঘগৰা-আৰ চি চি ব্রীজৰ পৰা (দলং) বাঁহবাৰী গাঁও পঞ্চায়ত আৰু নাহৰণী বুঢ়াগাঁও হৈ ঘগৰা হাইস্কুললৈকে উক্ত পথছোৱাৰ পকীকৰণৰ দৈর্ঘয আছিল আঁচনিৰ প্রাককলন অনুসৰি ৫ কিল’মিটাৰ ৮০০ মিটাৰ যদিও ঠিকাদাৰ প্রভু আগৰৱালাই গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাৰ লগত গোপন বুজাবুজি কৰি ৪ কিল’মিটাৰ ৩০০ মিটাৰহে পথটো পকীকৰণ কৰিয়েই কাম সমাপ্ত কৰিলে৷
এক কিল’মিটাৰ ৫০০ মিটাৰ উক্ত পথটো পকীকৰণেই নকৰিলে৷ ইয়াৰ উপৰি পথটো পকীকৰণৰ ঘগৰা চাহ বাগিচাৰ কাষত বৃহৎ অংশ মাজভাগতে পকীকৰণ নকৰাকৈয়ে এৰি থৈ যায়৷ ৫২নং ৰাষ্ট্রীয় ঘাইপথ (বিহগুৰি দৈনিক বজাৰ) পৰা জনতা চুবুৰি আৰু কাছমাৰী চুবুৰি হৈ কটকী চুবুৰিলৈ পথটোৰ পকীকৰণৰ নির্মাণৰ দৈর্ঘয আছিল ১ কিল’মিটাৰ ৫০০ মিটাৰ যদিও পথটো পকীকৰণ কৰে কেৱল ৮০০ মিটাৰহে৷ ৭০০ মিটাৰ পথ পকীকৰণৰ কাম নকৰাকৈয়ে আঁচনিৰ কাম সমাপ্ত কৰে৷
একেদৰে ছিঙা চুবুৰিৰ পৰা গুটিবৰা চুবুৰি হৈ মোৱামাৰী গাঁৱলৈ যোৱা পথটোৰ পকীকৰণৰ নির্মাণৰ দৈর্ঘয আছিল আঁচনি অনুসৰি ৪ কিল’মিটাৰ ৫০০ মিটাৰ যদিও পথটো পকীকৰণ কৰে ৩ কিল’মিটাৰ ৩০০ মিটাৰহে৷ এক কিল’মিটাৰ ২০০ মিটাৰ পথ পকীকৰণ নকৰাকৈয়ে পথটোৰ কাম সম্পূর্ণ হোৱা দেখুৱায়৷ তদুপৰি ছিঙা চুবুৰি আৰু গুটিবৰা চুবুৰিৰ মাজত উক্ত পকীকৰণ পথটোৰ ১৫০ মিটাৰ আৰু ২৫০ মিটাৰ পেভাৰ ব্লক দি পকীকৰণেই নকৰিলে৷
৫২নং ৰাষ্ট্রীয় ঘাইপথ (হাজৰিকা চুবুৰি) পৰা বৰা চুবুৰি কলাকুছি গড়কাপ্টানী পথ হৈ কলিতা গাঁৱলৈ নির্মাণ কৰা পথটোৰ আঁচনিৰ প্রাককলন অনুসৰি পথ পকীকৰণৰ নির্মাণৰ দৈর্ঘয আছিল ২ কিল’মিটাৰ ৫০০ মিটাৰ যদিও পথ পকীকৰণ কৰিলে কেৱল এক কিল’মিটাৰ ৪০০ মিটাৰহে৷ এক কিল’মিটাৰ ১০০ মিটাৰ পথ পকীকৰণ নকৰাকৈয়ে কাম সমাপ্ত কৰিলে৷
৫২নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা (শংকৰ মন্দিৰ পিঠাখোৱা) জাকৰুৱা চুবুৰি হৈ চন্দ্রনাথ শর্মা হল হৈ ভূপেন ডেকা নাটঘৰৰ ওচৰলৈ পথটোৰ আঁচনিৰ প্রাককলন অনুসৰি পথ পকীকৰণ-নির্মাণৰ দৈর্ঘয হ’ল ৪ কিল’মিটাৰ ৫০০ মিটাৰ আছিল যদিও পথ পকীকৰণ কৰিলে ৩ কিল’মিটাৰ ৬০০ মিটাৰহে৷ পথটোৰ ৯০০ মিটাৰ পকীকৰণ নকৰিলেই৷
কটকী চুবুৰিৰ পৰা কলাকুছি গড়কাপ্টানী পথলৈ আঁচনিৰ প্রাককলন অনুসৰি পথটোৰ পকীকৰণৰ নির্মাণৰ দৈর্ঘয ২ কিল’মিটাৰ ৭০০ মিটাৰ আছিল যদিও পকীকৰণ কৰিলে কেৱল এক কিল’মিটাৰ ২০০ মিটাৰহে৷ পথটোৰ এক কিল’মিটাৰ ৫০০ মিটাৰ পকীকৰণ নকৰাকৈয়ে আধৰুৱা কৰি ৰাখে৷ ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ (মেডিকেল কলেজ টুমুকী ষ্টেডিয়াম)ৰ পৰা টুমুকী হৈ জুৰীয়া আঁহতলৈ পথটোৰ পকীকৰণৰ আঁচনিৰ প্রাককলন অনুসৰি নির্মাণৰ দৈর্ঘয ১ কিল’মিটাৰ ৪০০ মিটাৰ আছিল যদিও পথটো পকীকৰণ কৰিলে ১ কিল’মিটাৰ ১০০ মিটাৰহে৷
উক্ত পথটোৰো আঁচনিৰ প্রাককলন অনুসৰি ৩০০ মিটাৰ পকীকৰণ নকৰিলে৷ এনেদৰেই আঁচনিৰ প্রাককলন অনুসৰি উল্লিখিত ৭টা গ্রাম্য পথৰ পেভাৰ ব্লকেৰে সর্বমুঠ ২২ কিল’মিটাৰ ৯০০ মিটাৰ পকীকৰণ কৰিব লাগিছিল যদিও ঠিকাদাৰ প্রভু আগৰৱালাই পেভাৰ ব্লকেৰে পথ পকীকৰণ কৰিলে কেৱল ১৫ কিল’মিটাৰ ৭০০ মিটাৰহে৷ উল্লিখিত পথকেইটাৰ ৭ কিল’মিটাৰ ২০০ মিটাৰ পেভাৰ ব্লকেৰে পকীকৰণ নকৰাকৈয়ে পথকেইটাৰ পকীকৰণৰ নির্মাণৰ কাম সম্পূর্ণ হোৱা দেখুৱায়৷
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গড়কাপ্টানী বিভাগৰ পৰা সংগ্রহ কৰা তথ্য অনুসৰি ঠিকাদাৰ প্রভু আগৰৱালাই উল্লিখিত ৭টা গ্রাম্য পথৰ সর্বমুঠ ২২ কিল’মিটাৰ ৯০০ মিটাৰ পেভাৰ ব্লকেৰে সম্পূর্ণ পকীকৰণ দেখুৱাই জালিয়াতিৰে ৯খন ভুৱা বিল প্রস্তুত কৰি গড়কাপ্টানী বিভাগৰ বিশ্বনাথ গ্রাম্য পথ সংমণ্ডলৰ পৰা আবণ্টিত মুঠ ১৬ কোটি ৮৪ লাখ টকাৰ ভিতৰত বর্তমানলৈকে ১৬ কোটি ২২ লাখ টকাই উঠাই লৈ যায়৷
জালিয়াতিৰে ৯খন ভুৱা বিল প্রস্তুত কৰাত জড়িত হৈ আহিছে পথকেইটাৰ পকীকৰণেৰে নির্মাণৰ দায়িত্বত থকা গড়কাপ্টানী বিভাগৰ বিশ্বনাথ গ্রাম্য পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা ৰঞ্জন কুমাৰ কটকী৷ উক্ত ৯খন ভুৱা বিলত অনুমোদন জনাই ঠিকাদাৰ প্রভু আগৰৱালাক চূড়ান্ত জালিয়াতিৰে চৰকাৰী আঁচনিৰ ধন মোকলাই দিয়াত সহায়ৰ হাত আগবঢ়াইছিল বিশ্বনাথ চাৰিআলি গ্রাম্য পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা ভূপেন্দ্র মালাকাৰ, নৱকমল হাজৰিকা, অসীম কুমাৰ দত্ত, মুনীন্দ্র কুমাৰ ডেকা আৰু সহকাৰী কার্যবাহী অভিযন্তা অজিত কুমাৰ দাস, শ্যামন্ত শর্মা, ফকৰুল ইছলামে৷
এনেদৰেই গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাৰ লগত গোপন বুজাবুজিৰে গ্রামাঞ্চলৰ পথ পকীকৰণৰ নামত বিতর্কিত প্রভাৱশালী ঠিকাদাৰ প্রভু আগৰৱালাই কোটি কোটি টকা ভুৱা বিল প্রস্তুতেৰে লুণ্ঠন কৰিছে৷ এনেদৰেই গড়কাপ্টানী বিভাগৰ ঠিকাদাৰ-বিষয়া-অভিযন্তাৰ অবাধ লুণ্ঠনৰ পৰিণতিত প্রহসনলৈ ৰূপান্তৰ হৈছে চৰকাৰী গ্রাম্য পথ পকীকৰণ ব্যৱস্থা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি