Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:49 am

Home » আঞ্চলিক » হাউলীৰ ইটাৰভিটাত এম,এন উদ্যোগ শুভাৰম্ভ

হাউলীৰ ইটাৰভিটাত এম,এন উদ্যোগ শুভাৰম্ভ


বৰপেটা : বৰপেটাজিলাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্নত থকা এম, এন উদ্যোগ আজি দিনৰ ১০ বজাত আনুষ্ঠানিভাৱে শুভ উদ্ধোধন কৰা হয়।উদ্ধোধন কৰে অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে।সমাজ কৰ্মী ইব্ৰাহীম আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্ধোধনী সভাত অসম বিত্তীয় নিগমৰ নলবাৰী শাখাৰ প্ৰৱন্ধক ফকৰুদ্দিন আলী আহমেদ, বৰপেটা জিলা উদ্দ্যোগিক কেন্দ্ৰৰ পৰিচালক কৃষ্ণ মোহন দাস, সহকাৰী পৰিচালক মুনীন দাস, মাজগাঁও নৱ শক্তি মহাবিদ্যালয়ৰ অধ্যক্ষ জেহিৰুল ইছলাম, পশ্চিম বেতবাৰী সমবায় সমিতিৰ সচিব জালাল উদ্দিন ভূঞা, বি, পি, এফৰ নেত্ৰী বেগম আক্তাৰা আহমেদ, প্ৰাক্তন জিলা পৰিষদৰ সদস্য আমিনুল হ’ক, সমাজকৰ্মী কায়েমুদ্দিন আহমেদ, পশ্চিম বেতবাৰী সমবায় সমিতিৰ সভাপতি ইউছুফ আলী আদি উপস্থিত থাকে।উক্ত অনুষ্ঠানত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে উপস্থিত থাকি কয় যে, এই উদ্দোগটোৰ জৰিয়তে স্থানীয় যুৱক-যুৱতী সকলে কৰ্ম -সংস্থাপন লাভ কৰি উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।সভাত বৰপেটা জিলা উদ্দ্যোগিক কেন্দ্ৰৰ পৰিচালক কৃষ্ণ দাসে কয় যে, যিমান উদ্যোগ স্থাপন হ’ব, সিমানখিনি নিবনুৱা সমস্যা সমাধান হ’ব।এই ক্ষেত্ৰত জিলাখনৰ উদ্যমী যুৱক-যুৱতী সকল আগবাঢ়ি আহি উদ্দ্যোগ প্ৰতিষ্ঠা কৰি নিজাকৈ আত্ম নিয়োগ কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে এম, এন উদ্দ্যোগত হালধী, শুকান জলকীয়া আৰু চাহ পাতৰ পেকেট সমূহ উপলব্ধ হ’ব।এই ক্ষেত্ৰত উদ্যমী যুৱক নজৰুল আহমেদ, মনিৰুল হাছান ভূঞা,অাব্দুৰ ৰশিদ খান , জাকিৰ হুছেইন,ফিৰুয আহমেদ আৰু ৰফিকুল ইছলামৰ প্ৰচেষ্টাৰ শলাগ লয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তি সকলে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি