গোলাঘাট : স্বচ্ছ ভাৰত অভিযান (গ্ৰামিণ)ৰ পষেক জোৰা কাৰ্যসূচী স্বচ্চতাই সেৱা ২০১৮ ৰ অন্তগৰ্ত গোলাঘাট জিলাৰ বিদ্যালয় পয্যায়ত অনুষ্ঠিত স্বচ্ছতা বিষয়ক ৰচনা প্ৰতিযোগিতাত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান ন-ভঙা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম মান শ্ৰেণীৰ ছাত্ৰী সুস্মিতা বৰাই প্ৰথম আৰু প্ৰীতি উষা বৰাই দ্বিতীয় স্থান পাবলৈ সক্ষম হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে ২ অক্টোবৰত গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত মান পত্ৰ লগতে প্ৰথম পুৰস্কাৰ হিচাপে ৭০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫০০০ টকা ছাত্ৰী দুগৰাকীক প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰে ।ছাত্ৰী দুগৰাকীয়ে জিলাৰ ভিতৰতে স্থান লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাত বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি, অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী সকলে আনন্দ প্ৰকাশ কৰিছে।