Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:45 am

Home » আঞ্চলিক » দেৰগাঁৱত বান্দৰক লৈ উতপ্ত পৰিস্থিতি , সহস্ৰাধিক কৃষকৰ দেৰগাঁও থানা ঘেৰাও

দেৰগাঁৱত বান্দৰক লৈ উতপ্ত পৰিস্থিতি , সহস্ৰাধিক কৃষকৰ দেৰগাঁও থানা ঘেৰাও


দেৰগাঁও : দীৰ্ঘদিনৰ পৰা বৃহত্তৰ দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে মিছামৰা অঞ্চলত বান্দৰে অব্যাহত ৰখা সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে জনসাধাৰন ।যাৰ বাবে আজি সহস্ৰাধিক পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ বান্দৰৰ দ্বাৰা সংক্ৰামিত ইৱলা ৰোধৰ ব্যৱস্থা কৰক, হয় চৰকাৰে বান্দৰ ধৰক নহলে আমাক গুলিয়াই মাৰক আদি ধ্বনিৰে পৰিবেশ উত্তাৱল কৰি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ পৰা সমদল কৰি আহি দেৰগাঁও আৰক্ষী থানা ঘেৰাও কৰে।ৰাইজে অভিযোগ কৰা মতে মিছামৰাৰ কুৰিখনৰো অধিক গাঁৱত গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত ৰেঞ্জ সমূহে ম্যাদী পট্টা থকা কৃষকৰ ভূমিত অকতৃত্বশীল ভাবে জাকে জাকে বান্দৰ মেলি দিয়াত যোৱা পাচ বছৰত বৃহৎ ক্ষতিৰ সন্মূখীন হৈ আহিছে কৃষক ৰাইজ। কৃষিভূমিত বান্দৰৰ উপদ্ৰৱৰ বাবে ধান, পাচলি আৰু ফল মূলৰ খেতি সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰশাসন আৰু আছুতীয়াকৈ বন বিভাগক বহু বাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰি আহিছে যদিও মিছা প্ৰতিশ্ৰুতি বাহিৰে অন্য একো সহাৰি নোপােৱাত কৃষক ৰাইজ খোভিত হৈ পৰিছে ।আজি দেৰগাঁও থানাত খোভিত ৰাইজ উপস্থিত হৈ দেৰগাঁও চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, গোলাঘাট উপ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম শইকীয়া, গোলাঘাট জিলা বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডিং সহ প্ৰশাসনৰ লোকক কুৰিখনৰো অধিক গাৱৰ ৰাইজে কথাত থকা সৰকা কৰাৰ লগতে মিছা প্ৰতিশ্ৰুতিৰ বাবে জবাবদিহি কৰে। বহু সময়লৈকে অমীমাংসিত বিষয়তো বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডিংয়ে অদ্ভুত ভাবে বান্দৰৰ খাদ্যৰ বাবে গছ ৰূপনৰ বাবে কৃষক ৰাইজক ওলোতাকৈ মাটি বিচৰাত উত্তেজিত হৈ পৰে কৃষক ৰাইজ। আনহাতে দেৰগাঁও চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱাই আধ্যাত্মিক তথা ধৰ্মীয় ভাৱত বান্দৰ হনুমানৰ ৰূপ কাৰণে বধ কৰিব দিব নোৱাৰো বুলি কোৱাত কৃষক ৰাইজৰ মাজত হৈ চৈ সৃষ্টি হয়। ধৰ্মীয় ভাৱত বান্দৰ খিনিক কলে বান্দৰে নামানে কিয় বুলি কৃষক ৰাইজে ওলোতাই প্ৰশ্নবাণেৰে থকা সৰকা কৰে চক্ৰ বিষয়াক।এজন ৰাজপত্ৰিত বিষয়া হৈ বান্দৰৰ লগত ধৰ্মীয় চিন্তা যুক্ত কৰাৰ বাবে ভৎসনা সমুখীন হয় চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা। উপায়হীন কৃষক ৰাইজে মৌখিক ভাৱে ভাৰতীয় অপৰাধ আইনৰ ১৩৩ নং ধাৰা অধীনত বান্দৰ বধৰ অনুজ্ঞা বিচাৰে বন সংমণ্ডল বিষয়াক কিন্তু এই সন্দৰ্ভত বন বিভাগৰ অধীনস্থ বিষয় নহয় বুলি জানিবলৈ দিয়ে। বহু সময় ধৰি চলা বাক বিতণ্ডাৰ পিছত দেৰগাঁও-মিছামৰা সামাজিক কল্যাণ সমিতিৰ আগত অন্য ৰাজ্যত বান্দৰৰ বংশ নিয়ন্ত্ৰণ কৰিবলৈ কেনেকুৱা ব্যৱস্থা লৈছে সেই সন্দৰ্ভত অন্য ৰাজ্যৰ লগত যোগাযোগ কৰি অসমত একেই ব্যৱস্থা লোৱা হব বুলি আশ্বাস প্ৰদান কৰে গোলাঘাট জিলা বন সংমণ্ডল বিষয়া গৰাকীয়ে। আনহাতে দেৰগাঁও অঞ্চলত নবেম্বৰৰ ১ তাৰিখৰ পৰা সকলো স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়াকৈ জলাতঙ্ক প্ৰতিৰোধী ভেকচিন যোগান ধৰিব লাগিব আৰু অহা বছৰৰ অক্টোবৰ মাহৰ ৪ তাৰিখৰ ভিতৰত অসমৰ মেক্’ক বান্দৰ বংশ নিয়ন্ত্ৰণ কৰিবলৈ সময় সীমা বান্ধি দিয়ে প্ৰতিবাদী ৰাইজে। উক্ত সময়সীমা ভিতৰত ৰাইজৰ সৈতে মিলি বন বিভাগে ফলপ্ৰসূ ভুমিকা নললে ইয়াতকৈ অধিক শক্তিশালী আন্দোলন কৰাৰ হুংকাৰ দিয়ে কৃষক ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি