Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:48 pm

Home » আঞ্চলিক » ১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


বোকাখাত : ২০১৮-১৯ পৰ্যটন বৰ্ষৰ বাবে অহা ১২ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ কাৰণে মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ২০১৮-১৯ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই কথা “সংবাদ মাধ্যম”ক জানিবলৈ দিয়ে পূব অসম বন সংমণ্ডল বিষয়া তথা কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই। উল্লেখ্য যে, বিগত বৰ্ষত ২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল। কিন্তু শেহতীয়া বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট পথ সমূহ বিধ্বস্ত কৰাত এইবাৰ ১০ দিন পলমকৈ অৰ্থাৎ ১২ অক্টোবৰ পুৱাই দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন পথ সমূহ পূৰ্ণগতিত মেৰামতি কৰা হৈছে বুলি উল্লেখ কৰি ১২ অক্টোবৰৰ পুৱাৰে পৰা জীপ-চাফাৰী আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিলেও হাতী-চাফাৰীৰ এতিয়াও নিশ্চিত হোৱা নাই বুলি বন সংমণ্ডল প্ৰাধিকাৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ হাতী-চাফাৰীৰ পৰ্যটন পথত এতিয়াও যথেষ্ট পানী থকা বুলি জানিবলৈ দিয়ে বন সংমণ্ডল প্ৰাধিকাৰী গৰাকীয়ে৷
আনহাতে, ১২ অক্টোবৰ পৰ্যন্ত পানী শুকালেই হাতী-চাফাৰীও পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি বন সংমণ্ডল প্ৰাধিকাৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইপিনে, দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ এতিয়া সম্পূৰ্ণ সাজু কাজিৰঙা। চৰকাৰী আৰু বেচৰকাৰী অতিথিশালা সমূহ চূণ, তেল, ৰং সানি সাজু কৰি তুলা হৈছে। হাতী-চাফাৰীৰ বাবে হাতীৰ গাদী-গাদলী সমূহ পূৰ্ণগতিত নিৰ্মাণ কৰি থকা হৈছে। কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ অধীনত চলিব লগা প্ৰায় ২০০ খন জীপছী এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ৷ কাজিৰঙাক নতুন ৰূপ সজাই-পৰা তালাত ব্যস্ত হৈ পৰিছে৷ আনহাতে বতৰে বিধিপথালি নিদিলে নৱেম্বৰৰ প্রথম সপ্তাহত উদ্যানখনৰ আন দুখন ক্রমে আগৰাতলা আৰু বুঢ়া পাহাৰ বনাঞ্চল উদ্যান কর্তৃপক্ষই মুকলি কৰিব বুলি জানিবলৈ দিয়ে বন সংমণ্ডল প্রাধিকাৰী গৰাকীয়ে। ১২ অক্টোবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি অনুষ্ঠানত বনমন্ত্রী গৰাকীৰ লগতে মিত্রজোঁট চৰকাৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদ দলৰ দুই কেবিনেট মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, বিজেপিৰ দলৰ খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, বন বিভাগৰ শীর্ষ বিষয়া সকল উপস্থিত থাকিব। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ বাবে মাজত দুটা সপ্তাহ বাকি আছে যদিও বিদেশী পৰ্যটক আহি কাজিৰঙাত ভিৰ কৰা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বিগত পৰ্যটন বৰ্ষত বনবিভাগে দেশী-বিদেশী পৰ্যটকৰ পৰা ২০১৭-১৮ পৰ্যটন বৰ্ষত অভিলেখ পৰিমাণৰ ৫ কোটি ৪০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি